সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আজিৰে পৰা এই ফল খোৱা আৰম্ভ কৰক

কলেষ্টেৰল হৈছে এক দীৰ্ঘম্যাদী ৰোগ, যাক নিয়ন্ত্ৰণত ৰখাটো খুবেই দৰকাৰী। যদি শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেন্তে বহু প্ৰকাৰৰ ৰোগ হ'ব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহু ঔষধ উপলব্ধ যদিও কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি। আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আজিৰে পৰা এই ফল খোৱা আৰম্ভ কৰক

ডিজিটেল ডেস্ক: কলেষ্টেৰল হৈছে এক দীৰ্ঘম্যাদী ৰোগ, যাক নিয়ন্ত্ৰণত ৰখাটো খুবেই দৰকাৰী। যদি শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেন্তে বহু প্ৰকাৰৰ ৰোগ হ'ব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহু ঔষধ উপলব্ধ যদিও কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি। আজি এই বিষয়ে জানো আহক-

Advertisment

খাওঁক এইবিধ ফল

উচ্চ কলেষ্টেৰল ৰোগীয়ে যিকোনো ফল বা ৰস খাব পাৰে ঠিকেই, কিন্তু ডালিম হৈছে শৰীৰৰ ধমনীত বেয়া কলেষ্টেৰল জমা হোৱা প্ৰতিহত কৰিবলৈ আটাইতকৈ কাৰ্যকৰী।ডালিম খোৱাটো এই ৰোগৰ বাবে অতি লাভজনক বুলি গণ্য কৰা হয়।সেয়েহে, উচ্চ কলেষ্টেৰল ৰোগীসকলে তেওঁলোকৰ শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে ডালিমৰ ৰস খাব লাগে। ডালিম বা ইয়াৰ ৰস খালে শৰীৰত উচ্চ কলেষ্টেৰল জমা নহয়। ডালিমৰ ৰসত বিশেষ প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে। ডালিমৰ ৰসত থকা এণ্টিঅক্সিডেণ্টবোৰ অন্যান্য ফলৰ তুলনাত যথেষ্ট বেছি, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। 

কেতিয়া খাব ?

ৰাতিপুৱা খালী পেটত ইয়াক পান কৰাটোও লাভজনক। অন্যথা ইয়াক ৰাতিপুৱাৰ আহাৰৰ সৈতে বা ৰাতিপুৱাৰ আহাৰ খোৱাৰ এঘণ্টা পিছত খাব লাগে।

উল্লেখ্য যে, ডালিমৰ ৰস খোৱাটোৱে কেৱল উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাৰ লগতে বহুতো লাভালাভ প্ৰদান কৰে। ডালিমে তেজ বৃদ্ধি, হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। তদুপৰি, ডালিমৰ ৰস খোৱাৰ ফলত মুখলৈ উজ্জ্বলতা আনে ।

Also Read: স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ ইলাচী, আপুনিও খোৱা আৰম্ভ কৰক