বিলাহী সকলোৰে বাবে উপকাৰী নহয়

বিলাহী সকলোৰে প্ৰিয়।বিলাহী আঁহ, কাৰ্ব, ভিটামিন চি, পটাছিয়াম, ভিটামিন কে১ আৰু ফলেট সম্পন্ন।কিন্তু সকলোৰে বাবে বিলাহী উপকাৰী নহয়।কিছু সংখ্যক লোকৰ বাবে বিলাহী বিহ সদৃশ।

author-image
Asomiya Pratidin
New Update
বিলাহী সকলোৰে বাবে উপকাৰী নহয়

these-people-should-not-eat-tomato

ডিজিটেল ডেস্ক: বিলাহী আমাৰ সকলোৰে প্ৰিয়।বিলাহী আঁহ, কাৰ্ব, ভিটামিন চি, পটাছিয়াম, ভিটামিন কে১ আৰু ফলেট সম্পন্ন।কিন্তু সকলোৰে বাবে বিলাহী উপকাৰী নহয়।হয়, কিছু সংখ্যক লোকৰ বাবে বিলাহী বিহ সদৃশ।কোনসকল লোকৰ স্বাস্থ্যৰ বাবে বিলাহী অনুপযোগী, আজি জানো আহক-

Advertisment

কিডনীৰ পাথৰৰ ৰোগী

বিলাহীৰ বীজত যথেষ্ট পৰিমাণৰ অক্সালেট থাকে। অক্সালেটবোৰ শৰীৰত কেলচিয়ামৰ সৈতে একত্ৰিত হৈ কেলচিয়াম অক্সালেট গঠন কৰে, যি কিডনীৰ পাথৰৰ মুখ্য কাৰণ হ'ব পাৰে।সেয়েহে, যিসকল কিডনীৰ পাথৰৰ সমস্যাত ভুক্তভোগী, তেওঁলোকে বিলাহী কেতিয়াও খাব নালাগে।

ডাইভাৰ্টিকুলাইটিছ ৰোগী

ডাইভাৰ্টিকুলাইটিছ হৈছে এনে এক স্থিতি, য'ত অন্ত্ৰৰ বেৰবোৰ ফুলি উঠে। বিলাহীৰ বীজৰ দৰে সৰু বীজ অন্ত্ৰত আৱদ্ধ হ'ব পাৰে, যাৰ ফলত প্ৰদাহ আৰু বিষৰ সমস্যা বৃদ্ধি হয়। অৱশ্যে, কিছুমান গৱেষণাই ইয়াক সম্পূৰ্ণৰূপে প্ৰমাণ নকৰে।কিন্তু তথাপিও এই পৰিস্থিতিত বীজ খোৱা পৰিহাৰ কৰা উচিত।

এলাৰ্জি থকা লোক

কিছুমান লোকৰ বিলাহীৰ বীজৰ প্ৰতি এলাৰ্জি থাকিব পাৰে। ইয়াৰ ফলত ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে। 

এচিডিটিৰ সমস্যা

বিলাহী প্ৰকৃতিত এচিডিক আৰু ইয়াৰ বীজে এচিডিটি বৃদ্ধি কৰিব পাৰে। যিসকল লোকৰ এচিডিটি বা পেটৰ জ্বলা-পোৰাৰ সমস্যা আছে, তেওঁলোকে পৰাপক্ষত বিলাহী পৰিহাৰ কৰিব লাগে।

আৰ্থ্ৰাইটিছ ৰোগী

বিলাহীত চোলানাইন নামৰ এবিধ উপাদান থাকে। কিছুমান অধ্যয়নত প্ৰমাণ হৈছে যে চোলানাইনে শৰীৰত প্ৰদাহ আৰু গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে।সেয়েহে, আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষ থকা লোকসকলে বিলাহী ভুলতো খাব নালাগে।

Also Read: আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব