আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব

আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব
Published on
Updated on

ডিজিটেল ডেস্ক: জীৱনশৈলীৰ অৱনতিৰ ফলত আমাৰ স্বাস্থ্যৰ লগতে মুখমণ্ডলৰো বহু  ক্ষতি হয়।ইয়াৰ ভিতৰত বৃদ্ধ দেখা, সূক্ষ্ম ৰেখা, ক'লা দাগ পৰা আদি সমস্যা অন্যতম।মহিলাসকলে এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।ছালৰ বাবে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থযুক্ত এনে প্ৰসাধনসমূহ ব্যৱহাৰৰ পৰিৱৰ্তে যদি আপুনি আপোনাৰ খাদ্যৰ যত্ন লয়, তেন্তে এই সমস্যাৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাব পাৰে। হয়, কিছুমান খাদ্য আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিলেই আপুনি চিৰযৌৱনা হৈ থাকিব পাৰিব। মুখমণ্ডলৰ সৈন্দৰ্য অটুট ৰাখিবলৈ আপুনি বাদ দিবলগীয়া খাদ্যসমূহ হৈছে-

১. মচলাযুক্ত খাদ্য

মচলাযুক্ত খাদ্যৰ ফলত ৰক্তনলীবোৰ ফুলি যায়। যাৰ ফলত মুখত দাগ হ'ব পাৰে। ই শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰে।যাৰ বাবে ঘাম ওলায়। যেতিয়া ঘাম ছালৰ বেক্টেৰিয়াৰ সৈতে মিহলি হয়, ই দাগ সৃষ্টি কৰিব পাৰে। 

২. ছ’ডা আৰু এনাৰ্জি ড্ৰিংক

ছ'ডা আৰু এনাৰ্জী ড্ৰিংকত যিকোনো পানীয়তকৈ অধিক চেনী আৰু কেলৰি থাকে, যিয়ে মুখত এচিড সৃষ্টি কৰে আৰু দাঁতৰো ক্ষতি। যেতিয়া শৰীৰত চেনী বেছি থাকে, ই ছালৰ কোলাজেন আৰু স্থিতিস্থাপকতা কঠোৰ কৰিব পাৰে আৰু কোঁচ আৰু সূক্ষ্ম ৰেখা সৃষ্টি কৰিব পাৰে। 

৩. সুৰা

আপোনাৰ জীৱন ধাৰণ, খোৱা তথা বাস কৰা পৰিৱেশৰ প্ৰভাৱত ছাল দ্ৰুতগতিত বৃদ্ধ হ'বলৈ আৰম্ভ কৰে।সুৰায়ে শৰীৰক ডিহাইড্ৰেট কৰে, যি আপোনাৰ ছালখন শুকান কৰে।

৪. সংসাধিত মাংস

সংসাধিত মাংস যেনে বেকন, হট ডগ, তথা চচেজত চৰ্বি, ছ’ডিয়াম আৰু ছালফাইট অধিক থাকে, যাৰ ফলত ছালৰ ডিহাইড্ৰেচন হ'ব পাৰে।  

৫. বেক কৰা খাদ্য

কুকিজ বা কেকৰ দৰে বেক কৰা খাদ্য সামগ্ৰীত উচ্চ পৰিমাণত চৰ্বি পোৱা যায়। যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হয়।এনে খাদ্যসমূহত ঘিউ, চেনী আদি অধিক ব্যৱহাৰ কৰা হয়, যি ওজন বৃদ্ধিত সহায়ক।

আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব
ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in