উপকাৰৰ সলনি আপোনাৰ হ’ব অপকাৰ, সৰ্তক হওঁক

গাখীৰ-দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।যাৰ বাবে বহুতেই দৈনিক দৈ খায়। কিন্তু শীতকালত দৈ খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ, কফ আদিৰ সমস্যাই মাৰাত্মক ৰূপ লয়। সেয়েহে, এই দিনকেইটাত ৰাতিপুৱা আৰু ৰাতি দৈ নাখোৱাই ভাল।

author-image
Asomiya Pratidin
New Update
উপকাৰৰ সলনি আপোনাৰ হ’ব অপকাৰ, সৰ্তক হওঁক

ডিজিটেল ডেস্ক: গাখীৰ-দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।যাৰ বাবে বহুতেই দৈনিক দৈ খায়। কিন্তু শীতকালত দৈ খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক।  শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ, কফ আদিৰ সমস্যাই মাৰাত্মক ৰূপ লয়। সেয়েহে, এই দিনকেইটাত ৰাতিপুৱা আৰু ৰাতি দৈ নাখোৱাই ভাল।

Advertisment

বিশেষজ্ঞসকলৰ মতে, দৈ প্ৰ'বায়োটিকৰ এটা অতি ভাল উৎস, যি অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবে অতি দৰকাৰী।দৈ কেলচিয়াম, ভিটামিন বি ১২ আৰু ফছফৰাছ সমৃদ্ধ। সেয়েহে দৈ খোৱাৰ ফলত আমাৰ শাৰিৰীক সামগ্ৰিক স্বাস্থ্য ভাল হৈ থাকে।আনহাতে, দৈৰ এনে বহু স্বাস্থ্য উপকাৰিতা থাকিলেও কিছুমান লোকে ঠাণ্ডা বতৰত দৈ খোৱা পৰিহাৰ কৰিব লাগে।চৰ্দি, কাহ আৰু কফৰ সমস্যাত ভূগি থকা সকলে দৈ খালে এই সমস্যা আৰু বৃদ্ধি হ'ব পাৰে।কোন লোকে ঠাণ্ডাত দৈ পৰিহাৰ কৰিব লাগে, আজি জানো আহক-

হাপানী ৰোগী

যদি আপুনি হাপানী ৰোগী, তেন্তে ঠাণ্ডাত দৈ খোৱা পৰিহাৰ কৰিব।কিয়নো দৈ টেঙা হোৱাৰ ফলত ই শ্লেষ্মা বৃদ্ধি কৰিব পাৰে। হাপানীৰ সমস্যাত দৈ খোৱাৰ বাবে ই বুকুত কফ হয়।যিয়ে, উশাহ-নিশাহৰ সৈতে সম্পৰ্কিত সমস্যাৰ সৃষ্টি কৰে।ইয়াৰ পাছতো যদি আপুনি দৈ খাবলৈ বিচাৰে, তেন্তে খুব কম পৰিমাণে খাব।

আৰ্থ্ৰাইটিছ ৰোগী

দৈ হাড় আৰু দাঁতৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু যদি আপোনাৰ ইতিমধ্যে আৰ্থ্ৰাইটিছৰ সমস্যা আছে, তেন্তে আপুনি দৈ খোৱা পৰিহাৰ কৰা উচিত। দৈৰ অত্যাধিক সেৱন আৰ্থ্ৰাইটিছ ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। ই গাঁঠিৰ বিষ আৰু ফুলা সমস্যা বৃদ্ধি কৰিব পাৰে।বিশেষকৈ ঠাণ্ডা দিনত এনে ৰোগীসকলে ভুলতো দৈ খাব নালাগে।

যাৰ পাচন তন্ত্ৰ দুৰ্বল

যদি আপোনাৰ পাচন তন্ত্ৰ দুৰ্বল, তেন্তে দৈ নাখাব। পাকস্থলীত গেছ আৰু এচিডিটি থাকিলেও দৈ একেবাৰে নাখাব। বিশেষকৈ ৰাতি খাদ্যৰ সৈতে দৈ খালে ই বদহজমৰ সমস্যা বৃদ্ধি কৰে।

লেক্টোজ অসহিষ্ণুতাত ভুগি থকাসকল 

লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলেও দৈ খোৱা পৰিহাৰ কৰিব লাগে। লেক্টোজ অসহিষ্ণু মানুহৰ গাখীৰ আৰু দৈ হজম নহয়। এনে পৰিস্থিতিত, দৈ সেৱন কৰিলে ডায়েৰিয়া আৰু পেটৰ বিষৰ সমস্যা হ'ব পাৰে।এই লোকসকলে চিকিৎসকৰ পৰামৰ্শৰ পিছতহে দৈ খাব লাগে।আনহাতে, চাইনাছত ভোগীথকাসকলেও দৈ খাব নালাগে, অন্যথা এই সমস্যাটো বাঢ়িব পাৰে।

Also Read: আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব