সাৱধান ! ফেটি লিভাৰ ধৰা পৰালৈকে লিভাৰৰ অৱস্থা হয় শোচনীয়

যকৃত বা লিভাৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ।কিন্তু দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে লিভাৰ চৰ্বিযুক্ত হৈ ইয়াৰ আকাৰ নিৰন্তৰ ভাৱে বৃদ্ধি হৈ গৈ থাকে। যাক ফেটি লিভাৰ বুলি কোৱা হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
লিভাৰ

ডিজিটেল ডেস্ক: যকৃত বা লিভাৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে লিভাৰ চৰ্বিযুক্ত হৈ ইয়াৰ আকাৰ নিৰন্তৰ ভাৱে বৃদ্ধি হৈ গৈ থাকে। যাক ফেটি লিভাৰ বুলি কোৱা হয়।ফেটি লিভাৰত ভূগি থকা ব্যক্তি এজনৰ হজম ক্ষমতা দুৰ্বল হৈ পৰে। ইয়াৰ ফলত লিভাৰৰ অৱস্থাও ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰে। এনে হ'লে লিভাৰ সংৰোপণৰ বাহিৰে আন কোনো উপায় নাথাকে। 

Advertisment

লিভাৰৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লে শৰীৰত দেখা দিয়া লক্ষণ-

. শৰীৰ দুৰ্বল আৰু ভাগৰ অনুভৱ কৰা। 

. খাদ্য হজম কৰাৰ ক্ষমতা হ্ৰাস। 

. ওজন হ্ৰাস। 

. পেটৰ বিষ। 

. সোঁফালে পেটৰ ওপৰভাগ ফুলা।

. ওকালি অহা। 

বিশেষজ্ঞসকলৰ মতে, ফেটি লিভাৰৰৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে। কিন্তু যেতিয়া আপোনাৰ লিভাৰৰ অধিকাংশই ক্ষতিগ্ৰস্ত হয়, তেতিয়া শৰীৰত কিছুমান লক্ষণ দেখা দিব পাৰে।  এই সমস্যা বাঢ়ি অহাৰ লগে লগে লক্ষণবোৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।যাৰ বাবে ৰোগীৰ লিভাৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লেহে ফেটি লিভাৰৰ সমস্যা ধৰা পৰে। এই লক্ষণবোৰে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লৈ সম্পূৰ্ণৰূপে চিকিৎসা কৰাব।ফেটি লিভাৰৰ লক্ষণ সাধাৰণতে ৪০-৬০ বছৰ বয়সতহে দেখা যায়। 

উল্লেখ্য যে, ফেটি লিভাৰ ধৰা পৰালৈকে লিভাৰৰ অৱস্থা বেয়া পৰ্যায়ত উপনীত হয়। যাৰ বাবে ৰোগীৰ চিকিৎসাও কঠিন হৈ পৰে। খাদ্য হজম কৰিব নোৱাৰাৰ বাবে এই সমস্যাটো বাঢ়ি গৈ ৰোগীৰ জীয়াই থকাটো কঠিন হৈ পৰে।  

Also Read: ‘ফেটী লিভাৰ’ৰ কাৰণ-লক্ষণসমূহ চিনাক্ত কৰি এইদৰে শিশুটোৰ যত্ন লওঁক