আঙুৰৰ প্ৰতিটো দানাতে থাকে ৰোগ দূৰীকৰণৰ মন্ত্ৰ

যিয়ে আপোনাক কোষ্ঠকাঠিন্য, বদহজম, ভাগৰ, বৃক্কৰ ৰোগ আৰু চকুত ছানি পৰা ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
আঙুৰৰ প্ৰতিটো দানাতে থাকে ৰোগ দূৰীকৰণৰ মন্ত্ৰ

ডিজিটেল ডেস্ক: সুস্বাস্থ্যৰ বাবে ফল খোৱাটো অতি জৰুৰী।ফলসমূহৰ ভিতৰত আপুনি আপোনাৰ দৈনন্দিন খাদ্য তালিকাত আঙুৰ অন্তৰ্ভুক্ত কৰিব পাৰে।যি আপোনাৰ শৰীৰক শীতলতাৰে তৃষ্ণা নিবাৰণ কৰাত যথেষ্ট সহায় কৰিব পাৰে।ভিটামিন এ, চি, বি৬, ফলেটৰ উপৰিও আঙুৰত পটাছিয়াম, কেলচিয়াম, লো, ফছফৰাছ, মেগনেছিয়াম আৰু চেলেনিয়ামৰ দৰে বহু প্ৰকাৰৰ খনিজ পদাৰ্থ পোৱা যায়। যিয়ে আপোনাক কোষ্ঠকাঠিন্য, বদহজম, ভাগৰ, বৃক্কৰ ৰোগ আৰু চকুত ছানি পৰা ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে।

Advertisment

মাইগ্ৰেইন

যদি আপোনাৰ মাইগ্ৰেইনৰ সমস্যা আছে, তেন্তে আপুনি ৰাতিপুৱা পানী মিহলি নকৰাকৈ এগিলাচ আঙুৰৰ ৰস খোৱা উচিত। ই আপোনাৰ মাইগ্ৰেইনৰ সমস্যা বহুখিনি হ্ৰাস কৰিব পাৰে।কম টোপনি, বতৰৰ পৰিৱৰ্তন, হজমৰ সমস্যা আদি মাইগ্ৰেইনৰ কাৰণ যদিও সুৰা সেৱনো ইয়াৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয়। আঙুৰৰ ৰস খাই আপুনি ইয়াৰ বিপদাশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে।

হৃদৰোগ

আঙুৰ খোৱাটোৱে হৃদআক্ৰমণৰ আশংকা বহুখিনি হ্ৰাস কৰে। লগতে ইয়াত থকা এণ্টি-অক্সিডেণ্টবোৰে এল.ডি.এল. কলেষ্টেৰলৰ পৰা সুৰক্ষা দিয়ে। উচ্চ পৰিমাণৰ ফ্লেভোনইডে ভাল এণ্টি-অক্সিডেণ্ট হিচাপেও কাম কৰে। ই স্তনৰ কৰ্কট ৰোগ বিয়পাই নিদিয়ে। আঙুৰৰ দুই প্ৰকাৰৰ উপাদান ৰেচভেৰাট্ৰল আৰু কুৱেৰচেটিনেও শৰীৰক ৰেডিকেলৰ পৰা সুৰক্ষিত কৰি ধমনীবোৰ সুৰক্ষিত কৰাৰ কাম কৰে। এইসমূহে তেজত প্লেটলেটৰ অভাৱ হ'বলৈ নিদিয়ে।

হাপানি

হাপানিত ভুগি থকা লোকসকলৰ বাবেও আঙুৰ অতি উপকাৰী। ইয়াত থকা পানীৰ পৰিমাণে হাঁওফাঁওত পানীৰ অভাৱ পূৰণ কৰে, যি হাপানীৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে।

হাড়

আঙুৰ হৈছে তাম, আইৰণ আৰু মেঙ্গানিজৰ এক অতি ভাল উৎস। যিয়ে হাড় নিৰ্মাণ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াক দৈনিক গ্ৰহণ কৰি আপুনি অষ্টিওপোৰোচিছৰ দৰে ৰোগ পৰিহাৰ কৰিব পাৰি। মেঙ্গানিজ আমাৰ শৰীৰৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ উপাদান, যি স্নায়ুতন্ত্ৰক ভালে ৰাখে। 

Also Read: স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ ইলাচী, আপুনিও খোৱা আৰম্ভ কৰক