/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/127b5640-deeb-4b13-8b38-2f1096706799/2...jpg)
ডিজিটেল ডেস্ক: সুস্থ জীৱন-যাপনৰ বাবে শৰীৰত সঠিক পৰিমাণৰ পুষ্টি থকাটো অতি গুৰুত্বপূৰ্ণ। পুষ্টিৰ অভাৱ তথা অত্যাধিক পৰিমাণৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। একেদৰে, শৰীৰত হিম’গ্লবিনৰ পৰিমাণো সঠিক হ'ব লাগে। হিম’গ্লবিন আইৰণৰে গঠিত।ই লোহিত ৰক্ত কণিকালৈ অক্সিজেন প্ৰদান কৰিবলৈ কাম কৰে। ইয়াৰ অভাৱৰ বাবে আপুনি গুৰুতৰভাৱে অসুস্থ হ'ব পাৰে।
হিম’গ্লবিনৰ অভাৱত শৰীৰত নিম্নলিখিত লক্ষণসমূহে দেখা দিয়ে-
১. দুৰ্বলতা বা ভাগৰ
২. উশাহ লোৱাত অসুবিধা
৩. খুব মূৰ ঘূৰোৱা
৪. বৰ্ধিত অনিয়মীয়া হৃদস্পন্দন
৫. মূৰৰ বিষ
৬. হাত আৰু ভৰিৰ ঠাণ্ডা হৈ পৰা
শৰীৰত হিম’গ্লবিনৰ অভাৱ হ’লে কেতবোৰ বিশেষ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিয়েই এই সমস্যা দূৰ কৰিব পাৰে।সেইসমূহ হৈছে-
তৰমুজ
গ্ৰীষ্মকালত তৰমুজ খোৱাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। তৰমুজ ভিটামিন চি সমৃদ্ধ আৰু ই শৰীৰৰ পৰা আইৰণৰ অভাৱ দূৰ কৰাৰ লগতে শৰীৰক হাইড্ৰেটেড কৰি ৰাখে।সেয়েহে হিম’গ্লবিনৰৰ অভাৱ পূৰণ কৰিবলৈ আপুনি তৰমুজ খাব পাৰে।
সেউজীয়া পাচলি
কেৱল হিম’গ্লবিনৰ অভাৱ বুলিয়েই নহয়, আমি সকলোয়েই সেউজীয়া শাক-পাচলি আমাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে। এইসমূহ হৈছে আইৰণৰ মুখ্য উৎস। সেউজীয়া শাক-পাচলি খালে হিম’গ্লবিনৰ অভাৱ তথা ৰক্তহীনতাৰ সমস্যা দূৰ হয়।
নেমুজাতীয় ফল
হিম’গ্লবিনৰ অভাৱ পূৰণৰ বাবে আপুনি আপোনাৰ আহাৰত কমলা, নেমু, আঙুৰ আদি ফল অন্তৰ্ভূক্ত কৰিব। এই সকলোবোৰ ভিটামিন চিৰ মুখ্য উৎস। ভিটামিন চি-য়ে আইৰণ শোষণ কৰাত সহায় কৰে।
ডালিম
ডালিম আইৰণ, কেলচিয়াম, আঁহ আৰু অন্যান্য পুষ্টিৰে পৰিপূৰ্ণ। যিসকল লোকৰ শৰীৰত হিম’গ্লবিনৰ অভাৱ আছে, তেওঁলোকে সদায় ডালিম খাব লাগে।
বীজ, বাদাম
শৰীৰত হিম’গ্লবিনৰ অভাৱ দূৰ কৰিবলৈ আপুনি আহাৰত ৰঙালাওৰ গুটি, চিয়া, ফ্লেক্স বীজ, কাঠবাদাম, কাজু আৰু চিনাবাদাম অন্তৰ্ভুক্ত কৰিব পাৰে। এই সকলোবোৰত যথেষ্ট পৰিমাণে আইৰণ থাকে। ই শৰীৰত হিম’গ্লবিনৰ স্তৰ নিয়ন্ত্ৰণ কৰে।
খেজুৰ
খুজাৰত বহুতো পুষ্টি থাকে, যিয়ে আমাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।বিশেষকৈ ইয়াত যথেষ্ট পৰিমাণৰ আইৰণ থাকে, যিয়ে লোহিত ৰক্ত কণিকা বৃদ্ধি কৰাত সহায় কৰে।
Also Read: শৰীৰক পৰ্যাপ্ত প্ৰটিন যোগানৰ বাবে কি খাব লাগে জানি লওঁক