শৰীৰক পৰ্যাপ্ত প্ৰটিন যোগানৰ বাবে কি খাব লাগে জানি লওঁক

শৰীৰক পৰ্যাপ্ত প্ৰটিন যোগানৰ বাবে কি খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: সুস্থ হৈ থাকিবলৈ আমাৰ শৰীৰত সকলো পুষ্টিৰ সঠিক পৰিমাণ থকাটো অতি গুৰুত্বপূৰ্ণ।শৰীৰৰ লাগতিয়াল এনে এক অন্যতম পুষ্টি হৈছে প্ৰ'টিন।শৰীৰত থকা প্ৰতিটো জীৱিত কোষকে প্ৰ'টিনৰ প্ৰয়োজন। যদি আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ থাকে, তেন্তে ই আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে।অৱশ্যে, প্ৰ'টিনৰ অভাৱ হ’লে শৰীৰত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে।যিসমূহ চিনাক্ত কৰি আপুনি আপোনাৰ শৰীৰৰ পৰ্যাপ্ত যতন ল’ব পাৰে। আজি এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

আঘাত-ঘাঁ সোনকালে নুশুকায়

শৰীৰত প্ৰ'টিনৰ অভাৱৰ হ'লে আঘাতপ্ৰাপ্ত ঠাইডোখৰ অথবা ঘা-ফোঁহা সোনকালে নুশুকায়। কিয়নো, প্ৰ'টিনৰ অভাৱৰ বাবে ক্ষত নিৰাময়ৰ প্ৰক্ৰিয়া অতি লেহেম হয়। প্ৰকৃততে, নতুন কোষ গঠন কৰিবলৈ সময় আৰু প্ৰ'টিন লাগে।নতুন কোষ গঠন হ'লেহে আঘাত আৰোগ্য হয়।সেয়েহে, যদি আপোনাৰ সৈতেও এনে হয়, তেন্তে আওকান নকৰিব।

সঘনাই ভোক

শৰীৰত প্ৰ'টিনৰ অভাৱৰ হ'লে ভোকৰ মাত্ৰা বৃদ্ধি হয়। এই সময়ত নিমখীয়া বা মিঠা খাদ্য খোৱাৰ নিৰন্তৰ হেঁপাহ জাগে। কিয়নো, যেতিয়া আমাৰ শৰীৰত প্ৰ'টিনৰ অভাৱ হয়, উচ্চ প্ৰ'টিন যুক্ত খাদ্য খোৱাৰ ইচ্ছা থাকে। 

চুলি সৰা

চুলি সৰাটোও প্ৰ'টিনৰ অভাৱৰ ইংগিত। বহুলোকে চুলি সৰাৰ বাবে সকলো ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু তথাপিও চুলি সৰা বন্ধ নহয়।এই পুষ্টিৰ অভাৱত আনকি চুলিৰ উজ্জ্বলতা দিনে দিনে হ্ৰাস পায় আৰু সেইবোৰ শুকান হৈ পৰে। 

শৰীৰ ফুলা 

বিশেষজ্ঞসকলৰ মতে, প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰৰ যিকোনো অংশ ফুলিব পাৰে। ইয়াক চিকিৎসা পৰিভাষাত এডিমা বুলি কোৱা হয়। তেজত এলবামিন প্ৰ'টিনৰ অভাৱ হ'লে এই সমস্যাটো ঘটিব পাৰে।

ভাগৰ লগা

প্ৰ'টিনৰ অভাৱৰ ফলত পেশী ঢিলা হ'ব পাৰে, যাৰ ফলত আপোনাৰ শক্তি আৰু বিপাক ক্ৰিয়া হ্ৰাস হয়। শৰীৰৰ ভাৰসাম্য বজাই ৰখাটোও কঠিন হৈ পৰে।প্ৰটিনৰ অভাৱে ৰক্তহীনতাও হ'ব পাৰে। 

পেশীৰ বিষ

পেশীবোৰে প্ৰয়োজন অনুসৰি হাড়ৰ পৰা প্ৰ'টিন শোষণ কৰা আৰম্ভ কৰে। ইয়াৰ বাবে হাড়বোৰ দুৰ্বল হৈ পৰে। হাঁড় দুৰ্বল হ'লে পেশীবোৰে অধিক শক্তি ব্যয় কৰিবলগীয়া হয়। যাৰ ফলত পেশীৰ বিষ হয়।

কাহ, চৰ্দি

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যিসকল লোকৰ শৰীৰত প্ৰ'টিনৰ অভাৱ আছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হয়। সেয়েহে, এনে লোকসকল সংক্ৰমিত ৰোগ যেনে কাহ, চৰ্দি আদি ৰোগ হ'ব পাৰে।

শৰীৰক প্ৰ'টিন যোগানৰ বাবে আপুনি খাব ?

কণী

কণীক প্ৰ'টিনৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয়। ই ভিটামিন, কেলচিয়াম, খনিজ আৰু স্বাস্থ্যকৰ চৰ্বিৰ দৰে পুষ্টিৰে সমৃদ্ধ। কণীত থকা এণ্টিঅক্সিডেণ্টে শৰীৰক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। 

ছ'য়াবিন

প্ৰ'টিনৰ বাবে নিৰামিষ উৎসত ছ'য়াবিন যথেষ্ট ভাল পছন্দ। আপুনি ছ'য়াবিনৰ পৰা দৈনিক প্ৰ'টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

বুটমাহ

বুটমাহো প্ৰ'টিনৰ উৎস। বুটমাহত শৰ্কৰা, আঁহ, আইৰণ, ফলেট, ফছফৰাছ, পটাছিয়াম আদি পুষ্টি থাকে। বুটমাহ খোৱাটোৱে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

ট'ফু

ছ'য়াবীনৰ পৰা তৈয়াৰ কৰা ট'ফু অতি স্বাস্থ্যকৰ। ট'ফুত কণীৰ সমান প্ৰ'টিন থাকে। আপুনি ইয়াক যিকোনো প্ৰকাৰে আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। প্ৰ'টিনৰ উপৰিও ট'ফু আইৰণ আৰু কেলচিয়াম সমৃদ্ধ।

মুগু দাইল

ইয়াত আঁহ, এমিনো এচিড, কাৰ্বোহাইড্ৰেট আৰু লিপিড থাকে। মুগ দাইলত কেলৰিৰ পৰিমাণ যথেষ্ট কম। সেয়েহে ইয়াক ওজন হ্ৰাসৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

শৰীৰক পৰ্যাপ্ত প্ৰটিন যোগানৰ বাবে কি খাব লাগে জানি লওঁক
Iron Deficiency: ঘৰতে তৈয়াৰ কৰি খাওক আইৰণ সমৃদ্ধ এই খাদ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in