/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bfbb33f7-2c92-47a1-8478-62fa9c410ce3/AP_FOR_WEB_tea.jpg)
ডিজিটেল ডেস্ক: ৰাতিপুৱাৰ পৰা ৰাতিলৈ গোটেই দিনটোত বিভিন্ন কামৰ মাজে মাজে চাহ একাপ খায় থকাটো আমাৰ এক অভ্যাস। আচলতে চাহকাপ আমাৰ বাবে নিচা।ভাল কাঢ়া চাহ একাপ খালে আমাৰ শৰীৰটোয়ে এক বিশেষ শক্তি লাভ কৰা যেন আমি অনুভৱ কৰো।পিছে সঘনাই জুতি লোৱা এই চাপ কাপ আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী আপুনি জানেনে ? ৰঙা চাহ কাপ বাৰু কিছু পৰিমাণে ঠিকেই, কিন্তু গাখীৰ চাহ আমাৰ শৰীৰৰ বাবে একেবাৰে অপকাৰী।আপোনাৰ প্ৰিয় এই গাখীৰ চাহ কাপৰ অপকাৰিতাৰ বিষয়ে আজি জানক-
টোপনিৰ বিকাৰ তথা মূত্ৰনাশক প্ৰভাৱ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7a4c7295-51a3-40af-bc89-5ef6313eea1b/1.jpg)
চাহত কেফেইন থাকে। সেয়ে ইয়াক অত্যাধিক পৰিমাণে গ্ৰহণ কৰিলে মূত্ৰনাশক প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত টোপনিৰ বিকাৰো হ'ব পাৰে।
কোষ্ঠকাঠিন্য
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8d7d6f68-e83e-4a39-8f7e-418c71da577c/2.jpg)
চাহত থকা থিঅ'ফিলিন ৰাসায়নিক পদাৰ্থই হজমৰ সময়ত ডিহাইড্ৰেটিঙত প্ৰভাৱ পেলায়।যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হয়।বহুতেই বিশ্বাস কৰে যে ৰাতিপুৱা খোৱা চাহ কাপে অন্ত্ৰৰ চলাচল পৰিষ্কাৰ কৰাত সহায় কৰে। কিন্তু অতিৰিক্ত পৰিমাণে চাহ খালে কোষ্ঠকাঠিন্যহে হ'ব পাৰে।
উদ্বেগ তথা অস্থিৰতা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5601694a-5691-4260-bd0c-f0373cecb038/5.jpg)
চাহত থকা কেফেইনৰ বাবে অত্যাধিক চাহ সেৱন কৰিলে টোপনি ব্যাহত হ'ব পাৰে। কেফেইনে অস্থিৰতা, উদ্বেগ আৰু হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে।
গৰ্ভপাতৰ সম্ভাৱনা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d415cb0f-fadf-4f0f-90f2-6dc012fb0cde/miscarriage.jpg)
গৰ্ভৱতী মহিলাসকলে চাহ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। চাহত থকা ইয়াৰ কেফেইনৰ পৰিমাণে ভ্ৰূণৰ বিকাশত ক্ষতি কৰিব পাৰে আৰু গৰ্ভপাতৰ আশংকা বৃদ্ধি কৰে।
কৰ্কট ৰোগৰ কাৰক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/60207448-1999-4137-ba4e-37163b1e5ce1/postate.jpg)
অত্যাধিক চাহ খোৱাৰ এক অতি ভয়াৱহ পাৰ্শ্বক্ৰিয়া আছে। গৱেষণাৰ প্ৰকাশ পোৱা মতে, যিসকল পুৰুষে অত্যাধিক চাহ পান কৰে তেওঁলোকৰ প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা আন লোকৰ তুলনাত বহু গুণে অধিক হয়।
হৃদৰোগৰ কাৰক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7294b406-3290-40f4-8cb6-0792264e8ecd/last.jpg)
চাহত থকা কেফেইন কাৰ্ডিওভাস্কুলাৰ প্ৰণালীৰ বাবে একেবাৰে ভাল নহয়।হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত অথবা কাৰ্ডিওভাস্কুলাৰ বিকাৰৰ পৰা আৰোগ্য হোৱা সকলে চাহ পৰিহাৰ কৰাটো অত্যন্ত জৰুৰী |
Also Read: Green Tea Side Effects: 'উপকাৰী' গ্ৰীণ টীৰ অপকাৰী গুণ