Green Tea Side Effects: 'উপকাৰী' গ্ৰীণ টীৰ অপকাৰী গুণ

Green Tea Side Effects: 'উপকাৰী' গ্ৰীণ টীৰ অপকাৰী গুণ

ডিজিটেল ডেস্ক: খুব কম সময়ৰ ভিতৰতে সকলোৰে পাকঘৰত ঠাই পোৱা এক অন্যতম সামগ্ৰী গ্ৰীণ টী।ওজন হ্ৰাস কৰাৰ বাবে অন্যতম উপকাৰী বুলি প্ৰমাণ হোৱাৰে পাছৰে পৰা ই ভাৰতত যথেষ্ট গুৰুত্ব লাভ কৰিছে।খাদ্যৰুচিৰ বাবে মেদবহুলতাৰ চিকাৰ হোৱা একাংশই এতিয়া ওজন কমাবলৈ গ্ৰীণ টীকে সাৰথি কৰিছে।কিন্তু আপোনাৰ প্ৰিয় গ্ৰীণ টীৰ বহু পাৰ্শ্বক্ৰিয়া আছে।ই স্বাস্থ্যৰ বাবে যিমানেই ভাল সিমানেই বেয়াও।আপোনাৰ শৰীৰটোক নিৰোগী কৰাৰ স্বাৰ্থত জানক গ্ৰীণ টীৰ অপকাৰিতা-

গ্ৰীণ টীত থকা টেনিনবোৰে পাকস্থলীৰ এচিড বৃদ্ধি কৰে যাৰ ফলত পেটৰ বিষ, বমি অনুভৱ, বা কোষ্ঠকাঠিন্য হ'ব পাৰে। সেয়েহে, খালী পেটত কেতিয়াও গ্ৰীণ টি সেৱন কৰিব নালাগে।প্ৰাপ্তবয়স্কসকলে কম পৰিমাণে গ্ৰীণ টী সেৱন কৰিব পাৰে।কিন্তু দিনটোত তিনি কাপতকৈ অধিক গ্ৰীণ টী সেৱন কৰাটো অসুৰক্ষিত বুলি গণ্য কৰা হয়।

গ্ৰীণ টীৰ পাৰ্শ্বক্ৰিয়া

গুৰুতৰ মুৰৰ বিষ

উদ্বিগ্নতা

টোপনিৰ সমস্যা

বমি

ডায়েৰিয়া

বিৰক্তি

অনিয়মীয়া হৃদস্পন্দন

কম্পন

বুকু জ্বলা

মূৰ ঘূৰোৱা

কোনে গ্ৰীণ টী খাব নালাগে ?

গ্ৰীণ টী অত্যাধিক গ্ৰহণ কৰিলে শৰীৰত বহু সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে ।আনহাতে, কিছুমান বিশেষ ৰোগত ভুগি থকা লোকে গ্ৰীণ টী কেতিয়াও সেৱন কৰিব নালাগে। ইয়াৰ ভিতৰত-

পেটৰ সমস্যা

গ্ৰীণ টীত থকা টেনিনবোৰে পাকস্থলীৰ এচিড বৃদ্ধি কৰে যাৰ ফলত পেটৰ বিষ, বমি অনুভৱ, বা কোষ্ঠকাঠিন্য হ'ব পাৰে। সেয়েহে খালী পেটত গ্ৰীণ টী গ্ৰহণ কৰা নহয়। আহাৰৰ পিছত বা আহাৰৰ মাজত গ্ৰীণ টী সেৱন কৰাটো ভাল। ‘পেপ্টিক আলচাৰ’ বা ‘এচিড ৰিফ্লাক্স’ থকা লোকসকলে অত্যাধিক গ্ৰীণ টী গ্ৰহণ কৰিব নালাগে।১৯৮৪ চনত কৰা এক অধ্যয়ন মতে, চাহ হৈছে গেষ্ট্ৰিক এচিডৰ এক শক্তিশালী উদ্দীপক, যাক গাখীৰ আৰু চেনী যোগ দি হ্ৰাস কৰিব পাৰি।

আইৰণৰ অভাৱ

গ্ৰীণ টী সেৱন কৰিলে খাদ্যৰ পৰা লো শোষণ কৰিব পৰা শৰীৰৰ ক্ষমতা হ্ৰাস কৰে।গ্ৰীণ টীত মাৰাত্মক কেফেইন (প্ৰতি কিলোগ্ৰামত ১৫০-২০০মিগ্ৰা) থাকে।২০০১ চনৰ এক অধ্যয়নৰ তথ্য মতে গ্ৰীণ টীৰ নিষ্কাশনে ‘নন হেম আইৰণ’ৰ শোষণ ২৫ শতাংশ হ্ৰাস কৰে।কণী, দুগ্ধজাত আৰু উদ্ভিদ খাদ্য যেনে বীন আদিত থকা ‘নন হেম আইৰণ’ হৈছে প্ৰাথমিক প্ৰকাৰৰ আইৰন।এই খাদ্যবোৰৰ সৈতে ‘গ্ৰীণ টী’ সেৱন কৰিলে আইৰন শোষণ হ্ৰাস হ'ব পাৰে। অৱশ্যে, ভিটামিন চিয়ে ‘নন হেম আইৰন’ শোষণ বৃদ্ধি কৰে।সেয়েহে আপুনি আপোনাৰ গ্ৰীন টীৰ কাপটোত অলপ নেমু চেপি সেৱন কৰিব পাৰে।

কেফেইন সাৱধানতা

সকলো চাহৰ দৰেই গ্ৰীণ টীতো কেফেইন থাকে। অত্যাধিক কেফেইন গ্ৰহণৰ ফলত উদ্বিগ্নতা, তথা হৃদযন্ত্ৰৰ অস্বাভাৱিক স্পন্দন হ’ব পাৰে।কিছুমান লোকৰ কেফেইনৰ প্ৰতি প্ৰাকৃতিকভাৱে কম সহনশীলতা থাকে আৰু কম পৰিমাণে গ্ৰহণ কৰোঁতেও তেওঁলোকৰ শৰীৰত এই লক্ষণবোৰে দেখা দিয়ে। অতিমাত্ৰা কেফেইন গ্ৰহণ কৰাৰ ফলত হাড় দুৰ্বল হৈ বহু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ব পাৰে। কেফেইন সম্পৰ্কীয় সমস্যা প্ৰতিহত কৰাত সহায় কৰিবলৈ গ্ৰীণ টী প্ৰতিদিনে ৩ বা ৪ কাপ সেৱন কৰিব পাৰে।

গৰ্ভধাৰণ-স্তনপান কৰাই থকাসকলৰ বাবে অপকাৰী

গ্ৰীন টীত কেফেইন, কেটেচিন আৰু টেনিক এচিড থাকে। তিনিওটা পদাৰ্থই গৰ্ভধাৰণৰ সময়ত বিপদ মাতিব পাৰে।যদি আপুনি গৰ্ভৱতী বা স্তনপান কৰায়, তেতিয়া আপুনি কোনো কাৰণতেই দিনটোত দুকাপতকৈ অধিক গ্ৰীণ টী সেৱন নকৰিব। কেফেইন মাতৃদুগ্ধলৈ যায়, যাৰ বাবে দুগ্ধপান কৰা শিশুটিৰ বহু ক্ষতি হব পাৰে। তদুপৰি গ্ৰীণ টী অত্যাধিক সেৱন কৰিলে শিশুৰ স্নায়ু নলীৰ জন্মগত বিকাৰ হ'ব পাৰে।

Green Tea Side Effects: 'উপকাৰী' গ্ৰীণ টীৰ অপকাৰী গুণ
Zombie Virus: ক’ৰোনা গ’ল ! এইবাৰ আহিছে জম্বি ভাইৰাছ

উদ্বেগৰ বিকাৰ

গ্ৰীণ টীত থকা কেফেইনে উদ্বেগজনিত সমস্যা অতিমাত্ৰা বৃদ্ধি কৰিব পাৰে।

ৰক্তক্ষৰণৰ বিকাৰ

গ্ৰীণ টীত থকা কেফেইনে ৰক্তক্ষৰণৰ আশংকা বৃদ্ধি কৰিব পাৰে।

হৃদযন্ত্ৰৰ স্থিতি

গ্ৰীণ টীত থকা কেফেইনৰ ফলত হৃদস্পন্দন অনিয়মীয়া হ'ব পাৰে।

ডায়েবেটিচ

গ্ৰীণ টীত থকা কেফেইনে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত প্ৰভাৱিত কৰিব পাৰে। সেয়ে পৰাপক্ষত ডায়েবেটিছ থকা ৰোগীয়ে গ্ৰীণ টী সেৱন কৰিব নালাগে।

ডায়েৰিয়া আৰু আই.বি.এছ

গ্ৰীণ টীত থকা কেফেইন অত্যাধিক মাত্ৰাত গ্ৰহণ কৰিলে ডায়েৰিয়া আৰু আই.বি.এছ.ৰ লক্ষণবোৰে দেখা দিব পাৰে।

গ্লুকোমা

গ্ৰীণ টী সেৱনৰ ফলত চকুৰ ভিতৰত চাপ বৃদ্ধি হয়।এই চাপ ৩০ মিনিটৰ ভিতৰত হৈ কমেও ৯০ মিনিটৰ বাবে থাকে।

শিশুৰ বাবে অপকাৰী

গ্ৰীণ টীৰ টেনিনবোৰে শিশুৰ ক্ষেত্ৰত প্ৰ'টিন আৰু চৰ্বিৰ দৰে পুষ্টি শোষণ অৱৰুদ্ধ কৰিব পাৰে। 

যকৃতৰ ৰোগ

গ্ৰীণ টীৰ নিষ্কাশন পৰিপূৰকবোৰ যকৃতৰ বাবে অতি ক্ষতিকাৰী। 

ঔষধ গ্ৰহণ কৰা লোকসকলে গ্ৰীণ টী সেৱন কৰিব পাৰিবনে?

এম্ফেটামিন, নিকোটিন, কোকেইন আৰু এফেড্ৰিনৰ দৰে উদ্দীপক ঔষধৰ সৈতে গ্ৰীন টী গ্ৰহণ কৰিব নালাগে কিয়নো ই নেতিবাচক প্ৰতিক্ৰিয়া সৃষ্টি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in