২০২৫ত যক্ষ্মা মুক্ত হ’ব ভাৰতবৰ্ষ !

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ডিব্ৰুগড়স্থিত আঞ্চলিক কেন্দ্ৰই যক্ষ্মা ৰোগ চিনাক্তৰ বাবে ব্যয়সাধ্য কৌশল বিকশিত কৰিছে।এই কৌশলটো অতি সৰল আৰু তিনি পৰ্যায়ৰ পৰীক্ষাৰে গঠিত।

author-image
Asomiya Pratidin
New Update
২০২৫ত যক্ষ্মা মুক্ত হ’ব ভাৰতবৰ্ষ !

TB-detection

ডিজিটেল ডেস্ক: ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) ডিব্ৰুগড়স্থিত আঞ্চলিক কেন্দ্ৰই যক্ষ্মা ৰোগ চিনাক্ত কৰাৰ বাবে এক নতুন আৰু ব্যয়সাধ্য কৌশল বিকশিত কৰিছে। এই নতুন পদ্ধতিৰ জৰিয়তে এতিয়া যক্ষ্মা ৰোগ চিনাক্ত হ’ব মাত্ৰ ৩৫ টকাত, যি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব মাত্ৰ আঢ়ৈ ঘণ্টাত। হয়, এই নতুন প্ৰণালীটোৰ নাম হৈছে 'চিআৰআইএচপিআৰ কেছ বেষ্ট টিবি ডিটেকশ্যন ছিষ্টেম'। এই কৌশলটো অতি সৰল আৰু তিনি পৰ্যায়ৰ পৰীক্ষাৰে গঠিত।ইয়াৰ দ্বাৰা যক্ষ্মা স্ক্ৰীণিং প্ৰক্ৰিয়াটো সহজ আৰু কাৰ্যকৰী হ’ব। যিয়ে যক্ষ্মা ৰোগ চিনাক্ত কৰাত এক গুৰুতৰ ভূমিকা গ্ৰহণ কৰিব।

Advertisment

বৰ্তমান মাইক্ৰ'স্কোপী আৰু নিউক্লিক এচিড-আধাৰিত পদ্ধতিৰ দ্বাৰা যক্ষ্মা ৰোগ নিৰ্ণয় কৰা হয়।যাৰ বাবে সময় সাপেক্ষ আৰু মানদণ্ডৰ সঁজুলিৰ প্ৰয়োজন।এই পৰম্পৰাগত পদ্ধতিৰ জৰিয়তে যক্ষ্মা ৰোগ ধৰা পৰিবলৈ সাধাৰণতে ৪২ দিন লাগে। যক্ষ্মা ৰোগ তৎক্ষণাৎ চিনাক্ত কৰাৰ বাবে উদ্ভৱ হোৱা এই নতুন 'চিআৰআইএচপিআৰ কেছ বেষ্ট টিবি ডিটেকশ্যন ছিষ্টেম' প্ৰযুক্তি পূৰ্বতকৈ যথেষ্ট দ্ৰুত আৰু ব্যয়সাপেক্ষ, যি যক্ষ্মা নিশ্চিতকৰণৰ বাবে লোৱা সময়ো হ্ৰাস কৰিব। আনহাতে, ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰই এই প্ৰযুক্তি ব্যাপকভাৱে উপলব্ধ কৰাৰ বাবে সকলো পৰ্যায়তে নিৰ্দেশনা আৰু কাৰিকৰী সহায় আগবঢ়াব।

২০২২চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ভাৰতত বছৰি ২৭% লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়।এইক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান আছিল চতুৰ্থ।ইফালে, আমাৰ দেশখনে  ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ সমাপ্ত কৰাৰ লক্ষ্যত কাম কৰি আছে।উল্লেখ্য যে, ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'টিবি ফ্ৰী ইণ্ডিয়া কেম্পেইন' আৰম্ভ কৰি বিভিন্ন দিশত কাম কৰি আছে।

Also Read: সাৱধান হওক ! এই ৰোগ থকা লোকসকল সোনকালে আক্ৰান্ত হয় ষ্ট্ৰ’কত