টিবি বা যক্ষ্মা কিদৰে প্ৰতিৰোধ কৰিব পাৰি জানি লৈ সতৰ্ক হওঁক

টিবি বা যক্ষ্মা কিদৰে প্ৰতিৰোধ কৰিব পাৰি জানি লৈ সতৰ্ক হওঁক

ডিজিটেল ডেস্ক: যক্ষ্মা বা টিবি হৈছে এক সংক্ৰামক ৰোগ। এই ৰোগ যক্ষ্মা নামৰ বেক্টেৰিয়াৰ ফলত হয়। এই ৰোগে শৰীৰৰ যিকোনো অংশ প্ৰভাৱিত কৰিব পাৰে। বিশেষকৈ ই হাঁওফাঁও, লিম্ফ, গ্ৰন্থি, হাড়, পাকস্থলী, মগজু, প্ৰস্ৰাৱ তন্ত্ৰক বেছিকৈ প্ৰভাৱিত কৰে। যক্ষ্মা ৰোগত  দ্বাৰা আটাইতকৈ বেছি  হাঁওফাঁও প্ৰভাৱিত হয়। এই ৰোগ এজন সংক্ৰমিত ব্যক্তিৰ পৰা আন এজনলৈ অতি সোনকালে বিয়পে। এই ৰোগ সংক্ৰামক হ’লেও কিন্তু ইয়াৰ চিকিৎসা সম্ভৱ।যদি ৰোগীক সময়মতে চিকিৎসা কৰা হয়, তেন্তে এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি। যক্ষ্মা ৰোগৰ লক্ষণ তথা ইয়াৰ চিকিৎসা কিদৰে কৰিব পাৰি, আজি জানো আহক-

কাহ 

যক্ষ্মা ৰোগে প্ৰথমে হাঁওফাঁওক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত, ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত প্ৰথমটো হৈছে শুকান কাহ। যক্ষ্মা ৰোগীৰ প্ৰথমে শুকান কাহ হয় আৰু তাৰ পিছত শ্লেষ্মা আৰু কাঁহত তেজ ওলাবলৈ আৰম্ভ কৰে। যদি আপুনি দুই সপ্তাহতকৈ অধিক কাহত ভোগে, বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

ঘাম ওলোৱা 

ঘাম ওলোৱাটো যক্ষ্মা ৰোগৰ অন্যতম লক্ষণ। যদি যিকোনো ধৰণৰ বতৰত ৰাতি ঘাম ওলায়, ইয়াক একেবাৰে উপেক্ষা নকৰিব। 

ভাগৰ অনুভৱ কৰা 

যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলৰ যিকোনো ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস হয়। ইয়াৰ ফলত, তেওঁলোকৰ শৰীৰৰ শক্তিও হ্ৰাস হ'বলৈ ধৰে। অলপ কাম কৰাৰ পাছতে এই লোকসকলে ভাগৰ অনুভৱ কৰে।

উশাহ লোৱাত সমস্যা 

যক্ষ্মা ৰোগীসকলৰ কাহৰ বাবে উশাহ লোৱাত সমস্যা হয়। অত্যাধিক কাহৰ ফলত তেওঁলোকৰ এই সমস্যা হয়। 

জ্বৰ হোৱা 

যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলৰ নিৰন্তৰ জ্বৰ হয়। আৰম্ভণিতে জ্বৰ কম হয়। কিন্তু পিছত সংক্ৰমণ বিয়পাৰ ফলত এই জ্বৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। 

ওজন হ্ৰাস

ওজন হ্ৰাস হোৱাটো যক্ষ্মা ৰোগৰ আন এটা লক্ষণ। আনকি ভাল আহাৰ গ্ৰহণ কৰাৰ পাছতো তেওঁলোকৰ ওজন বৃদ্ধি নহয়।

যক্ষ্মা কিদৰে প্ৰতিৰোধ কৰিব?

.যদি আপোনাৰ যক্ষ্মা আছে, মাস্ক সদায় পিন্ধিব। আপুনি যেতিয়াই কাহ বা হাঁচি মাৰে, মুখখন কাগজ বা নেপকিনেৰে ঢাকি ল’ব। 

. ভালকৈ বায়ু চলাচল কৰা তথা ভাল পোহৰ থকা কোঠাত থাকিব। এচিৰ পৰা আঁতৰত থাকিব। 

. যদি আপুনি ২ সপ্তাহতকৈ অধিক কাহত ভোগে, লগে লগে চিকিৎসকৰ ওচৰলৈ যাব আৰু ঔষধৰ সম্পূৰ্ণকৈ গ্ৰহণ কৰক। চিকিৎসকক নোসোধাকৈ কোনো ঔষধ বন্ধ নকৰিব। 

. স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক।ব্যায়াম আৰু যোগো কৰক। 

. ভিৰ অথবা লেতেৰা ঠাইলৈ নাযাব। 

. সন্তান জন্ম হোৱাৰ পিছত তেওঁলোকক বিচিজি ভেকছিন দিব। 

. বিড়ি, চিগাৰেট, হুক্কা, ধঁপাত আৰু সুৰা সেৱন নকৰিব। 

টিবি বা যক্ষ্মা কিদৰে প্ৰতিৰোধ কৰিব পাৰি জানি লৈ সতৰ্ক হওঁক
সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in