অতি দ্ৰুতগতিত বিয়পে ক'ভিডৰ এই নতুন প্ৰকাৰ, ভেকছিন লোৱাসকলো নহয় সুৰক্ষিত

অতি দ্ৰুতগতিত বিয়পে ক'ভিডৰ এই নতুন প্ৰকাৰ, ভেকছিন লোৱাসকলো নহয় সুৰক্ষিত

ডিজিটেল ডেস্ক: বিগত চাৰি বছৰ ধৰি ক'ভিডে সমগ্ৰ বিশ্বতে এক প্ৰকাৰ সন্ত্ৰাস চলাই ৰাখিছে। ক'ভিডৰ আশংকা কিছু পৰিমাণে কম হ'লেই আকৌ ইয়াৰ এক নতুন প্ৰকাৰ আহি মানুহৰ উদ্বেগ বৃদ্ধি কৰে। শেহতীয়াকৈ আমেৰিকাত ইয়াৰ এটা নতুন প্ৰকাৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। এই প্ৰকাৰটোৰ নাম হৈছে 'ফ্লাৰ্ট'। এই ভাইৰাছটো ওমিক্ৰনৰ জেএন.১ ৰ 'ফেমেলী'ৰ বুলিয়েই কোৱা হৈছে। 'ফ্লাৰ্ট' ওমিক্ৰনতকৈ অধিক দ্ৰুততাৰে বিয়পে।কভিডৰ এই নতুন প্ৰকাৰৰ লক্ষণ আৰু ইয়াৰ পৰা কিদৰে সুৰক্ষা লাভ কৰিব পাৰি, আজি জানো আহক-

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, এই নতুন প্ৰকাৰটো লেতেৰা পানীত পোৱা গৈছে। বিজ্ঞানীসকলে ইতিমধ্যে সকলোকে কৰোনা সংক্ৰমণৰ বিষয়ে পুনৰ সতৰ্ক হ'বলৈ আহ্বান জনাইছে। 

এই ভাইৰাছৰ লক্ষণ

. জ্বৰ 

. নিৰন্তৰ কাহ 

. ডিঙিৰ বিষ

. শৰীৰৰ অত্যাধিক বিষ

. সোৱাদ নোপোৱা

ওমিক্ৰনতকৈ অধিক বিপদজনক এই ভাইৰাছ

বিশেষজ্ঞসকলৰ মতে, ওমিক্ৰনৰ এই নতুন উপ-প্ৰকাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰত ভয়াৱহভাৱে বিয়পিবলৈ ধৰিছে।এই ভাইৰাছটো হৈছে কেপি.২ প্ৰকাৰ, যি ওমিক্ৰনতকৈও বহু বেছি শক্তিশালী। চিন্তনীয় কথাটো এয়ে যে, যিসকল লোকে কৰোনা ভেকছিনৰ উপৰিও বুষ্টাৰ গ্ৰহণ কৰিছে, তেওঁলোকো এই ভাইৰাছত আক্ৰান্ত হ'ব পাৰে।

এই ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰাৰ উপায়  

. সদায় নাক-মুখ ঢাকি মাস্ক পৰিধান কৰিব।

. দুই গজ দূৰত্ব বজাই ৰাখিব। 

. যদি আপুনি কাহ বা হাঁচি মাৰে, মুখখন ঢাকি ল’ব।

. যদি আপোনাৰ আষে-পাশে থকাসকলে কাহ বা হাঁচি মাৰে, তেওঁলোকৰ পৰা দূৰত্ব ৰাখিব। 

. হাত দুটা পৰিস্কাৰ কৰি ৰাখিব।

অতি দ্ৰুতগতিত বিয়পে ক'ভিডৰ এই নতুন প্ৰকাৰ, ভেকছিন লোৱাসকলো নহয় সুৰক্ষিত
আনৰ সৈতে ঘৰত সন্তান এৰি যোৱা অভিভাৱকসকল সাৱধান হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in