ঘামে বহু ৰোগৰ আগজাননী দিয়ে, বেছিকৈ ঘামে যদি উপেক্ষা নকৰিব

ঘামে বহু ৰোগৰ আগজাননী দিয়ে, বেছিকৈ ঘামে যদি উপেক্ষা নকৰিব
ঘামে বহু ৰোগৰ আগজাননী দিয়ে, বেছিকৈ ঘামে যদি উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান শৰীৰৰ বাবে ভালকৈ টোপনি যোৱাটো খুবেই প্ৰয়োজন। বিশেষকৈ ৰাতি পৰ্যাপ্ত টোপনি যাব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দিনত টোপনি যোৱাৰ ফলত ব্যক্তি এজনৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে।মানসিক চাপ বা কোনো ভীষণ সমস্যা থাকিলেও কোনো এজন ব্যক্তিৰ টোপনি ভাল নহয়।আনহাতে, কিছুমান ব্যক্তি ৰাতি অত্যাধিক ঘমাৰ ফলত শান্তিৰে শুব নোৱাৰে। আপুনিও যদি ৰাতি শুই থাকোতে বেছিকৈ ঘামি থাকে, ইয়াক উপেক্ষা নকৰিব।ৰাতি ঘামি থকাটো বহু ৰোগৰ লক্ষণ হ'ব পাৰে।আজি এই বিষয়ে জানো আহক- 

ৰজ:নিবৃত্তি

যদি মহিলাসকলৰ ৰাতি শুই থাকোতে ঘাম ওলায়, তেওঁলোকৰ ৰজ: নিবৃত্তি হ'ব পাৰে। নাৰী বয়স্ক হ'লে ঋতুস্ৰাৱ বন্ধ হৈ যায়, ইয়াকে ৰজঃনিবৃত্তি বুলি কোৱা হয়।হৰমনৰ পৰিৱৰ্তনৰ  ফলত ৰজঃনিবৃত্তি হয়, যাৰ বাবে আপুনি অধিক গৰম অনুভৱ কৰিব পাৰে।আপুনি এই সমস্যাটোৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ ঠাণ্ডা কোঠাত শুব বা শোৱাৰ আগতে গা ধুব। ৰাতি সদায় পাতল কপাহী কাপোৰ পিন্ধি শুব।

ঔষধৰ পাৰ্শ্বক্ৰিয়া 

যদি আপুনি এণ্টিডিপ্ৰেচেণ্ট ঔষধ গ্ৰহণ কৰি আছে, তেনেহ'লে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ফলত আপুনি ৰাতি ঘামিব পাৰে। বহু ঔষধ ইমান শক্তিশালী যে সেইবোৰ খোৱাৰ পাছত আপোনাৰ শৰীৰত তাপ সৃষ্টি হ’ব পাৰে।

লিম্ফোমা 

শুই থাকোতে ঘাম ওলোৱাটো লিম্ফোমাৰ লক্ষণ হ'ব পাৰে। লিম্ফোমা হৈছে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ এক কৰ্কট ৰোগ।যাৰ বাবে আপুনি নিশা সাৰ পাই নিজকে ঘামেৰে তিতি থকা পাব পাৰে। ঘাম ওলোৱা মানে আপোনাৰ শৰীৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰি আছে। তদুপৰি, ওজন হ্ৰাস, ভাগৰ তথা ভোক নালাগিলেও ঘাম ওলায়। কিন্তু যদি আপোনাৰ ৰাতি বেছিকৈ ঘাম ওলায়, তেন্তে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। 

হাইপোগ্লাইচেমিয়া 

শৰীৰত চেনীৰ স্তৰ কম হ'লেও নিশা আপোনাৰ ঘাম ওলাব পাৰে। হাইপোগ্লাইচেমিয়া থকা ব্যক্তি এজনৰ বাবে টোপনিৰ ব্যাঘাত, মুৰৰ বিষ, দুঃস্বপ্ন আৰু নিশাৰ ঘাম ওলোৱাটো একেবাৰে সাধাৰণ।সেয়েহে এনে হ’লে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

হাইপাৰথাইৰইডিজম 

হাইপাৰথাইৰয়ডিজম থকা ৰোগীসকলো নিশা ঘামে। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বিপাক স্বাভাৱিকতকৈ অধিক হয়। সেয়েহে শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ঘাম ওলোৱাও আৰম্ভ হয়। এনে পৰিস্থিতিত আপুনি বন্ধাকবি, ফুলকবি, ব্ৰকলি, কল, ছ’য়াবীন আদিৰ দৰে খাদ্য সামগ্ৰীৰ পৰা আঁতৰি থাকিব লাগে।

এইচ.আই.ভি. 

এইচ.আই.ভি. হোৱাৰ প্ৰাৰম্ভিক লক্ষণ সমূহ হৈছে জ্বৰ তথা অত্যাধিক মুৰৰ বিষ। তদুপৰি, এই ৰোগৰ ইমিউনোডেফিচিয়েন্সি চিণ্ড্ৰোমৰ ফলত শৰীৰ খুবেই প্ৰভাৱিত হয়।যাৰ বাবে জ্বৰ, দুৰ্বলতা আৰু ওজন হ্ৰাস আৰু আপোনাৰ লিম্ফ গ্ৰন্থিবোৰ ফুলিব পাৰে। ঠাণ্ডা লগা আৰু সঘনাই ঘাম ওলোৱাও ইয়াৰ লক্ষণ হ'ব পাৰে। 

স্লিপ এপনিয়া

শোওতেে নাক বজাটো মানুহে সাধাৰণ কথা বুলিয়েই বিবেচনা কৰে।কিন্তু যদি আপোনাৰ ৰাতি নাক বজাৰ লগতে ঘাম বেছিকৈ ওলায়, ই স্লিপ এপনিয়াৰ লক্ষণ হ'ব পাৰে। স্লিপ এপনিয়া হৈছে এনে এক স্থিতি য'ত আপোনাৰ শৰীৰক অক্সিজেনৰ প্ৰয়োজন।অক্সিজেনৰ অভাৱৰ বাবে শৰীৰে বায়ুৰ বাবে যুঁজ দিব লাগে যাৰ ফলত ঘাম ওলাব পাৰে বা উদ্বিগ্ন অনুভৱ কৰিব পাৰে।

ঘামে বহু ৰোগৰ আগজাননী দিয়ে, বেছিকৈ ঘামে যদি উপেক্ষা নকৰিব
গ্ৰীষ্মকালত এইদৰে লওঁক শিশুৰ অতিৰিক্ত যত্ন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in