কি কয় স্বাস্থ্য বিশেষজ্ঞই, জানি লওঁক

গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰখাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়।  আচলতে এই সময়ছোৱাত গৰমৰ বাবেই আমাৰ পিয়াহ বেছিকৈ লাগে। পিয়াহত আমি পানীৰ লগতে গৰমৰ দিনত সহজলভ্য কুঁহিয়াৰৰ ৰস আৰু নাৰিকলৰ পানী খাই শৰীৰক পুষ্টি যোগান ধৰো।

author-image
Asomiya Pratidin
New Update
৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰখাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়।  আচলতে এই সময়ছোৱাত গৰমৰ বাবেই আমাৰ পিয়াহ বেছিকৈ লাগে। পিয়াহত আমি পানীৰ লগতে গৰমৰ দিনত সহজলভ্য কুঁহিয়াৰৰ ৰস আৰু নাৰিকলৰ পানী খাই শৰীৰক পুষ্টি যোগান ধৰো। কিন্তু কোনবিধ আচলতে শৰীৰৰ বাবে উপকাৰী জানেনে ?

Advertisment

কুঁহিয়াৰৰ ৰস নে নাৰিকলৰ পানী বেছি উপকাৰী ?

সমাগত গ্ৰীষ্মকাল। এই গৰমৰ বতৰত হিটষ্ট্ৰ'ক আৰু অন্যান্য ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰচুৰ পৰিমাণে ফলমূল আৰু সেউজীয়া শাক-পাচলি খোৱাটো অতি প্ৰয়োজনীয়। অৱশ্যে গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰস আৰু নাৰিকলৰ পানী খাই যি সকাহ পোৱা যায়, সেয়া আন একোৰে লগত তুলনা নহয়।

গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰস আৰু নাৰিকলৰ পানী দুয়োটায়ে এক উত্তম বিকল্প। কিন্তু এনে সময়তে হয়তো মনলৈ প্ৰশ্ন আহে, কোনবিধ সৰ্বোত্তম? 

কি কয় স্বাস্থ্য বিশেষজ্ঞই ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, দুয়োবিধৰে নিজস্ব উপকাৰ আছে। কুঁহিয়াৰৰ ৰসত ইলেক্ট্ৰলাইট, আইৰণ, কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম থাকে। যিয়ে শৰীৰত পানীৰ অভাৱ দূৰ কৰাত সহায় কৰে। আনহাতে, নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ছ'ডিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে আৰু ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰাৰ উপৰিও শৰীৰক শীতল কৰি ৰখাতো সহায় কৰে।

গৰমৰ পৰা ৰক্ষা কৰাত কঁহিয়াৰৰ ৰসে শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে পেটৰ সমস্যা যেনে, এচিডিটি আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰাত সহায় কৰে। তদুপৰি, ই ছালৰ বাবেও উপকাৰী। কাৰণ ইয়াত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি ৰাখে। কুঁহিয়াৰৰ ৰস খালে যকৃত বিষমুক্ত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

দুয়োবিধেই উত্তম বিকল্প

নাৰিকলৰ পানী খালে বিপাকীয় ক্ৰিয়া উন্নত হয়। যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থই শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। নাৰিকলৰ পানী ছালৰ বাবে উপকাৰী। গ্ৰীষ্মকালত ছালখন সতেজ আৰু উজ্জ্বল কৰি ৰখাত ই যথেষ্ট সহায় কৰে। সেয়েহে, গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰস আৰু নাৰিকল পানী দুয়োবিধেই আপুনি খাব পাৰে।

Also Read: সুস্থ থাকিবলৈ দৈনিক কিমান পানী খাব লাগে জানেনে ?