/asomiyapratidin/media/media_files/2025/06/29/2-2025-06-29-12-55-28.jpg)
ডিজিটেল ডেস্কঃ আজিকালি অধিকাংশ লোকেই স্বাস্থ্যৰ প্ৰতি অতি সচেতন হৈ পৰিছে। শৰীৰত জমা হোৱা ওজন আৰু চৰ্বি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে নিজৰ খাদ্য আৰু পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। এনে পৰিস্থিতিত বহুতেই ছুগাৰ ফ্ৰী বা চেনিবিহীন পানীয় বা ডায়েট চ'ডা আদি খাবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ ধাৰণা যে, এই পানীয় সেৱন কৰিলে শৰীৰৰ চৰ্বি বৃদ্ধি নহয় আৰু ডায়েবেটিছৰ সম্ভাৱনাও কমি থাকে। কিন্তু এই ছুগাৰ ফ্ৰী পানীয়বোৰ সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী নে ? এই প্ৰশ্নৰ উত্তৰ এতিয়া নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনত প্ৰকাশিত এক গৱেষণাই দিছে।
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ গৱেষণাৰ পৰা দেখা গৈছে যে চেনিবিহীন পানীয়ত চুক্ৰাল’জ নামৰ এবিধ পদাৰ্থ থাকে। যদি কোনো ব্যক্তিয়ে অবিৰতভাৱে ইয়াক গ্ৰহণ কৰে তেন্তে ই মগজুত ভোকৰ লগত জড়িত স্নায়ুৰাসায়নিক পদাৰ্থ সক্ৰিয় কৰে। ইয়াৰ ফলত ব্যক্তিৰ ভোক বৃদ্ধি পায় আৰু অতিমাত্ৰা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলে। অতিমাত্ৰা খাদ্য খোৱাৰ বাবে শৰীৰত কেলৰি জমা হয়, যাৰ ফলত মেদবহুলতা বৃদ্ধি পায়। মেদবহুলতাৰ বাবে ক্ৰমান্বয়ে যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ (NAFLD) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
চুক্ৰাল’জ ক’ত পোৱা যায়?
গৱেষণাত পোহৰলৈ অহা মতে, চেনিবিহীন পানীয়ৰ উপৰিও চেনিবিহীন চাহ-কফি প্ৰিমিক্স, শূন্য কেলৰিযুক্ত ৰসতো চুক্ৰাল’জ পোৱা যায়। এই সকলোবোৰ কথাই ফেটি লিভাৰৰ সমস্যাক প্ৰসাৰিত কৰিব পাৰে। এই গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে চেনিবিহীন পানীয়ৰ অত্যধিক ব্যৱহাৰে শৰীৰৰ বিপাকীয় ক্ৰিয়া প্ৰক্ৰিয়াতো নেতিবাচক প্ৰভাৱ পেলায়। যকৃতৰ প্ৰদাহ, ফাইব্ৰ’ছিছ আৰু গ্লুক’জৰ বিপাকীয় ক্ৰিয়াত বিঘিনি ঘটাৰ লক্ষণসমূহ চেনিমুক্ত পানীয় খোৱাসকলৰ মাজত অধিক দেখা গৈছে।
কিদৰে ক্ষতি কৰে চেনিবিহীন পানীয়ই ?
চেনিবিহীন পানীয়ত কৃত্ৰিম মিঠা থাকে, যিয়ে ইনচুলিনৰ মাত্ৰা নষ্ট কৰিব পাৰে। তদুপৰি, এই পানীয়বোৰে অন্ত্ৰত উপস্থিত ভাল বেক্টেৰিয়াৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত যকৃত আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰে। চেনিবিহীন পানীয়ই প্ৰায়ে ভোক বৃদ্ধি কৰে, যাৰ ফলত মানুহে অধিক কেলৰি সেৱন কৰে। ইয়াৰ ফলত ওজন বৃদ্ধি আৰু চৰ্বিযুক্ত যকৃতৰ সমস্যা হ’ব পাৰে। কিছুমান চেনিবিহীন পানীয়ত লুকাই থকা কাৰ্ব, সংৰক্ষক আৰু অন্যান্য উপাদানেও যকৃতৰ ক্ষতি কৰিব পাৰে।
চেনিবিহীন পানীয় সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা উচিত নেকি?
গৱেষণাৰ মতে, চেনিবিহীন পানীয় মাজে মাজে বা সীমিত পৰিমাণে খোৱাটো কোনো ক্ষতিকাৰক নহয়। কিন্তু যদি নিয়মিত আৰু অত্যধিক ব্যৱহাৰ কৰা হয়, তেন্তে চৰ্বিযুক্ত যকৃতৰ বা ফেটি লিভাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদি কোনো ব্যক্তিৰ ওজন বা যকৃতৰ সমস্যা থাকে, তেন্তে তেওঁৰ বাবে ষ্টেভিয়া বা সামান্য পৰিমাণৰ গুড়, মৌৰ দৰে প্ৰাকৃতিক বিকল্প গ্ৰহণ কৰাটো ভাল হ’ব। ভোক বৃদ্ধি হ’লে বাৰে বাৰে খাদ্য খোৱাৰ পৰিৱৰ্তে পেটত হাইড্ৰেচন, ফাইবাৰ আৰু প্ৰ’টিন ভৰাই ল’বলৈ চেষ্টা কৰক।
সুস্থ জীৱনশৈলীৰ বাবে কি কৰিব ?
চেনিবিহীন পানীয়ৰ সলনি সাধাৰণ পানী, নাৰিকল পানী,নেমু পানী, বনৌষধি চাহ বা চেনিবিহীন প্ৰাকৃতিক পানীয় গ্ৰহণ কৰিব। সতেজ আৰু পুষ্টিকৰ খাদ্য খাব, য’ত প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান থাকে। নিয়মিতভাৱে ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক। চৰ্বিযুক্ত যকৃতৰ দৰে ৰোগৰ পৰা হাত সাৰিবলৈ জীৱনশৈলী উন্নত কৰক।
আজিৰ সময়ত চেনিবিহীন পানীয়ক ওজন আৰু স্বাস্থ্যৰ বাবে উত্তম বিকল্প বুলি গণ্য কৰা হয় যদিও ই সদায় নিৰাপদ নহয়। এইসমূহৰ অবিৰত আৰু অত্যধিক সেৱনে আপোনাৰ শৰীৰত চৰ্বি জমা হোৱাৰ লগতে যকৃতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।