গৱেষণাত পোহৰলৈ আহিছে আশ্চৰ্যজনক তথ্য

বৰ্ধিত বয়সৰ সৈতে আমাৰ শৰীৰটোক বহু বেমাৰে আগুৰি ধৰে।বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ আৰু মস্তিষ্কৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, শেহতীয়া এক নতুন গৱেষণাই এক আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে।এই গৱেষণা অনুসৰি, সংগীত শুনি থাকিলে আপোনাৰ মগজু ভালদৰে বিকশিত হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
গৱেষণাত পোহৰলৈ আহিছে আশ্চৰ্যজনক তথ্য

ডিজিটেল ডেস্ক: বৰ্ধিত বয়সৰ সৈতে আমাৰ শৰীৰটোক বহু বেমাৰে আগুৰি ধৰে।বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ আৰু মস্তিষ্কৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, শেহতীয়া এক নতুন গৱেষণাই এক আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে।এই গৱেষণা অনুসৰি, সংগীত শুনি থাকিলে আপোনাৰ মগজু ভালদৰে বিকশিত হ'ব পাৰে। ইণ্টাৰনেচনেল জাৰ্নেল অফ জেৰিয়াট্ৰিক চাইকিয়াট্ৰিত প্ৰকাশিত এই গৱেষণাত, গৱেষকসকলে ৪০ বছৰতকৈ অধিক বয়সৰ ১০০০ৰো অধিক প্ৰাপ্তবয়স্কৰ তথ্য পৰীক্ষা কৰি মগজুৰ স্বাস্থ্যৰ সন্দৰ্ভত গৱেষণা কৰিছিল।

Advertisment

১০ বছৰ ধৰি চলি থকা প্ৰটেক্ট নামৰ গৱেষণাটোত প্ৰায় ২৫০০০ লোকে অংশগ্ৰহণ কৰিছিল। এই গৱেষণাত প্ৰমাণ হয় যে পিয়ানোৰ দৰে বাদ্যযন্ত্ৰ বজালে স্মৃতিশক্তি আৰু কাম সম্পাদন কৰাৰ সামৰ্থ্য উন্নত কৰে।তদুপৰি, সংগীতে মগজুৰ স্বাস্থ্যও উন্নত কৰে।

ইউকেৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ ডিমেনচিয়া গৱেষণা অধ্যাপক এনি কৰ্বেটে প্ৰকাশ কৰা মতে, ‘আমাৰ এই গৱেষণাই আমাক মগজু আৰু সংগীতৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰাৰ এক নতুন সুযোগ প্ৰদান কৰে। আমাৰ ফলাফলে সূচায় যে সংগীত মগজুৰ স্বাস্থ্যৰ বাবে অতি লাভজনক। বিশেষকৈ বৃদ্ধসকলৰ জীৱনটো সুলচ কৰাত সংগীতৰ ভূমিকা অপৰীসীম।’ আনহাতে, কৰ্বেটে লগতে জনায় যেডিমেনচিয়াত ভুগি থকা ব্যক্তিসকলৰ বাবেও সংগীত লাভজনক বুলি প্ৰমাণিত হৈছে। একে সময়তে, প্ৰাপ্তবয়স্কলোকৰ মগজুৰ স্বাস্থ্যৰ লগতে আয়ুস বৃদ্ধিতো সংগীত যথেষ্ট সহায়ক।

Also Read: ডায়েবেটিছকে ধৰি বহু ৰোগ নিয়ন্ত্ৰণত সহায়ক তেজপাত