সাপ বুলিলেই ভয় কৰাসকলে এই বিষয়ে জানেনে ?

নাম শুনিলেই ভয় লগা এবিধ সৰীসৃপ প্ৰাণী হ’ল সাপ। কিন্তু, সকলোয়ে ভয় কৰা সাপে আপোনাৰ প্ৰাণ ৰক্ষাও কৰিব পাৰে। হয়, সাপৰ বিষাক্ত বিহ এতিয়া বিজ্ঞানৰ বাবে আশীৰ্বাদ হৈ  পৰিছে।

author-image
সংগীতা দাস
New Update
web ap snake

ডিজিটেল ডেস্ক: নাম শুনিলেই ভয় লগা এবিধ সৰীসৃপ প্ৰাণী হ’ল সাপ। কিন্তু, সকলোয়ে ভয় কৰা সাপে যে আপোনাৰ প্ৰাণ ৰক্ষাও কৰিব পাৰে, জানেনে ? হয়, সাপৰ বিষাক্ত বিহ এতিয়া বিজ্ঞানৰ বাবে আশীৰ্বাদ হৈ  পৰিছে। আজিৰ বিজ্ঞান তথা চিকিৎসাৰ বাবে বহুমূলীয়া সম্পদ হিচাপে বিবেচিত হৈছে সাপৰ বিহ। যি বিহে প্ৰতি বছৰে লাখ লাখ মানুহৰ প্ৰাণ কাঢ়িছে, সেই বিহেই ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ১ লাখ ২৫ হাজাৰ লোকে সাপে কামোৰাৰ ফলত প্ৰাণ হেৰুৱাইছে। এই সমস্যাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। অৱশ্যে, বিজ্ঞানীসকলে এতিয়া এই বিহক জীৱন ৰক্ষাকাৰী কৰি তুলিছে।

ঔষধ নিৰ্মাণত সাপৰ বিহ

বিগত ২৪ বছৰ ধৰি এই ক্ষেত্ৰত কাম কৰা বিশেষজ্ঞসকলে কয় যে, সাপৰ বিহ প্ৰ’টিনৰ দ্বাৰা তৈয়াৰ হয়। সাপৰ বিহ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে।

হেমোটক্সিক

হেম’টক্সিক বিহে প্ৰত্যক্ষভাৱে তেজত প্ৰভাৱ পেলায়। ই তেজ জমা হোৱাৰ প্ৰক্ৰিয়া সলনি কৰে আৰু ৰক্তচাপতো প্ৰভাৱ পেলাব পাৰে। এই কাৰণেই ৰাছেল ভাইপাৰৰ দৰে সাপৰ বিহক ঔষধ গৱেষণাত আটাইতকৈ উপযোগী বুলি বিবেচনা কৰা হয়। বিজ্ঞানীসকলে এই বিহ ব্যৱহাৰ কৰি হাৰ্ট এটেক আৰু তেজৰ লগত জড়িত ৰোগৰ ঔষধ তৈয়াৰ কৰিছে।

নিউৰ’টক্সিক

নিউৰ’টক্সিক বিহে আমাৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। ই মগজু আৰু স্নায়ুৰ মাজত বাৰ্তা প্ৰেৰণৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। ইয়াৰ প্ৰভাৱৰ ফলত শৰীৰ অজ্ঞান হোৱা, পক্ষাঘাত বা উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ দৰে সমস্যা হ’ব পাৰে। এই বিষৰ পৰা ঔষধ তৈয়াৰ কৰি বিজ্ঞানীসকলে এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে ৰোগ নিৰাময় কৰিছে।

মাই’টক্সিক

মাই’টক্সিক বিহে আমাৰ পেশীত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ই পেশী দুৰ্বল কৰে আৰু কেতিয়াবা পেশীৰ স্থায়ী ক্ষতি কৰিব পাৰে। যি ৰোগত পেশীবোৰে ক্ৰমান্বয়ে কাম কৰা বন্ধ কৰি দিয়ে, সেইবোৰ ৰোগৰ চিকিৎসাৰ বাবে এই বিহে ঔষধৰ কাম কৰে।

চাইট’টক্সিক

চাইট’টক্সিক বিহে শৰীৰৰ কোষবোৰৰ ক্ষতি কৰে। সেয়েহে, বিজ্ঞানীসকলে এই বিহক কেন্সাৰ আৰু টিউমাৰৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিছে। এই বিষ কেন্সাৰ কোষ ধ্বংস কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে।

আটাইতকৈ মূল্যৱান ৰাছেলৰ ভাইপাৰৰ বিহ 

বিশেষজ্ঞসকলৰ মতে, ৰাছেলৰ ভাইপাৰৰ বিষক আটাইতকৈ মূল্যৱান। ই প্ৰত্যক্ষভাৱে তেজ জমা হোৱা আৰু ৰক্তচাপত প্ৰভাৱ পেলায়। বিজ্ঞানীসকলে হাৰ্ট এটেক প্ৰতিৰোধৰ বাবে নতুন ঔষধ প্ৰস্তুত কৰাৰ কামত ব্যস্ত হৈ আছে।

বিচ্ছু, মকৰাৰ বিহো উপযোগী

কেৱল সাপেই নহয়, বিচ্ছু আৰু মকৰাৰ দৰে বিষাক্ত জীৱৰ বিহো ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। এইবোৰৰ পৰা তৈয়াৰী কিছুমান ঔষধ ইতিমধ্যে বজাৰত উপলব্ধ।

প্ৰসাধন সামগ্ৰীতো ব্যৱহাৰ কৰা হয় সাপৰ বিহ

সাপৰ বিহ কেৱল ঔষধতে সীমাবদ্ধ নহয়। আজিকালি বহু দামী প্ৰসাধন সামগ্ৰীতো ইয়াক ব্যৱহাৰ কৰা হয়। বিশেষকৈ এন্টি এজিং ক্ৰীম আৰু ছালৰ যত্ন লোৱা সামগ্ৰীতো সাপৰ বিহৰ উপাদান যোগ কৰা হয়।

কেন্সাৰ, মগজুৰ ৰোগতো চলিছে গৱেষণা

বৰ্তমান বিজ্ঞানীসকলে সাপৰ বিহৰ ওপৰত আৰু অধিক গভীৰভাৱে গৱেষণা কৰি আছে। আগন্তুক সময়ত এই বিহে কেন্সাৰ, টিউমাৰ, মগজুৰ ৰক্তক্ষৰণ আদি গুৰুতৰ ৰোগৰ চিকিৎসাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব।