/asomiyapratidin/media/media_files/2025/09/13/332-2025-09-13-11-26-28.jpg)
ডিজিটেল ডেস্ক : কৰ্মৰত অৱস্থাত থকা এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। অপাৰেচন থিয়েটাৰত ৰোগীক এৰি নাৰ্চৰে যৌন অভিসাৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে।
উল্লেখ্য যে, পাকিস্তানী মূলৰ চিকিৎসক ডা০ ছোহাইল অঞ্জুমে ২০২৩ৰ ১৬ ছেপ্তেম্বৰত লণ্ডনৰ এখন আগশাৰীৰ হাস্পতালত কৰ্মৰত অৱস্থাত এই কাণ্ড সংঘটিত কৰিছিল। ইয়াৰ পাছতে চিকিৎসকগৰাকীৰ বিৰুদ্ধে হাস্পতাল কৰ্তৃপক্ষই এটি গোচৰ ৰুজু কৰিছিল।
উক্ত গোচৰ প্ৰক্ৰিয়া ২টা বছৰে চলাৰ অন্তত তেওঁ শেহতীয়াকৈ স্বীকাৰ কৰিছে তেওঁৰ দোষ। চিকিৎসকগৰাকীয়ে আদালতত স্বীকাৰ কৰা অনুসৰি ২০২৩ৰ ১৬ ছেপ্তেম্বৰৰ দিনা অপাৰেচন থিয়েটাৰত এডমিট কৰা ৰোগীজনক এনাস্থেচিয়া বেজী দি সংজ্ঞাহীন কৰি তেওঁ ওচৰৰে কোঠাত নাৰ্চৰ সৈতে যৌন অভিসাৰত লিপ্ত হৈছিল।
লগতে তেওঁ ইয়াকো কয় যে, তেওঁলোকে অপাৰেচন থিয়েটাৰৰ ওচৰৰে কোঠাত এনে কৰ্ম কৰি থকা অৱস্থাত হাস্পতালখনৰে এগৰাকী বিষয়াই অসংযত অৱস্থাত দুয়োকে উদ্ধাৰ কৰিছিল। তাৰ পাছতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আদালতত আবেদন জনোৱা হৈছিল। অৱশ্যে তেওঁ নিজৰ ভুল স্বীকাৰ কৰি আটাইৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে।