আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ছাত্তু গুৰি

আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ছাত্তু গুৰি

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ সাত্তুতকৈ ভাল বিকল্প আৰু একো নাই। সাত্তুয়ে শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে বহুতো পেটৰ ৰোগ আঁতৰ কৰে। যদি আপোনাৰ কোষ্ঠকাঠিন্য বা গেছৰ সমস্যা আছে, তেন্তে আপুনি আজিৰ পৰা ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে। সাত্তু কেনেদৰে খাব লাগে আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

সাত্তু খোৱাৰ লাভালাভ 

১) সাত্তু খালে শৰীৰত 'ডিহাইড্ৰেচন'ৰ সমস্যা নহয়। সাত্তুয়ে পেট আৰু শৰীৰ শীতল কৰি ৰাখে।

২) যদি আপুনি শৰীৰত তাৎক্ষণিক শক্তি বিচাৰে, তেন্তে সাত্তুৰ চৰবত খাওঁক।

৩) ‘হিট ষ্ট্ৰ’ক’ পৰা ৰক্ষা পাবলৈও আপুনি সাত্তুৰ আশ্ৰয় ল'ব পাৰে। ইয়াক দৈনিক সেৱন কৰিলে আপোনাৰ শৰীৰ শীতল হৈ থাকিব।

৪) সাত্তুত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ভোক উন্নত কৰে। যদি আপোনাৰ ভোক নোহোৱাৰ সমস্যা হয়, তেন্তে আপুনি নিয়মীয়াকৈ সাত্তুৰ চৰবত সেৱন কৰা উচিত।

৫) যেতিয়াই আপুনি বাহিৰৰ পৰা আহে আৰু অত্যাধিক ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে, তেতিয়া আপুনি সাত্তু পানী সেৱন কৰা উচিত। ই আপোনাৰ শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰাৰ লগতে গৰমৰ ফলত হোৱা সকলো সমস্যা যেনে বমি, ওকালি অহা, মূৰ ঘূৰোৱা, ডায়েৰিয়া আদি প্ৰতিহত কৰে।

৬) সাত্তুত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ই পাচন তন্ত্ৰৰ বাবেও যথেষ্ট ভাল। ই পেট পৰিস্কাৰ কৰে। যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদিৰ সমস্যা একেবাৰে নহয়।

৭) গ্ৰীষ্মকালত যদি আপুনি শৰীৰত প্ৰ'টিনৰ অভাৱ অনুভৱ কৰে, তেতিয়াও ছাত্তু খাব পাৰে। ই প্ৰ'টিনৰ এক অতি ভাল উৎস।

সাত্তু কেনেকৈ খাব লাগে জানেনে ?

গ্ৰীষ্মকালত আপুনি ইয়াক পানীত তিয়াই চৰবতৰ দৰে খাব পাৰে। কিন্তু যদি আপুনি ডায়েবেটিচ ৰোগী বা ওজন হ্ৰাস কৰিবলৈ ইচ্ছুক, ছাত্তুৰ চৰবত বা পানীয়ত চেনীৰ সলনি নিমখ দিয়ক।তাত অলপ নেমু চেপি আৰু ভজা জিৰা গুটি মিহলি কৰিব।কিন্তু দিনত দুবাৰতকৈ বেছি এই চৰবত নাখাব।

আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ছাত্তু গুৰি
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in