তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?

গ্ৰীষ্মকালত তৰমুজ সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিয়ে শৰীৰক 'ডিহাইড্ৰেচন'ৰ সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
তৰমুজ seo

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত তৰমুজ সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিয়ে শৰীৰক 'ডিহাইড্ৰেচন'ৰ সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। তদুপৰি তৰমুজ প্ৰ'টিন, মেগনেছিয়াম, ফলেট, ভিটামিন বি, ফছফৰাছ, আইৰণ, পটাছিয়াম, তাম, জিংক আদিৰেও সমৃদ্ধ। তৰমুজৰ লেখিয়াকৈ ইয়াৰ বীজ বা গুটিবোৰো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত কেলৰি খুব কম পৰিমাণে থাকে। তৰমুজৰ গুটি খোৱাৰ সঠিক উপায় আৰু লাভালাভৰ বিষয়ে আজি জানো আহক-

Advertisment

তৰমুজৰ গুটি খোৱাৰ সঠিক উপায়

তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে।

তৰমুজৰ গুটিৰ উপকাৰিতা

শৰীৰে লাভ কৰে ভিটামিন

এই বীজত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আনকি ই শৰীৰত হোৱা যিকোনো ধৰণৰ সংক্ৰমণো দূৰ কৰে।

স্বাস্থ্যৱান হয় হৃদযন্ত্ৰ 

মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাৰ ফলত হৃদযন্ত্ৰৰ আক্ৰমণ আশংকা বৃদ্ধি হয়। তৰমুজৰ বীজত থকা ফেটি এচিডে শৰীৰৰ পৰা অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

নিয়ন্ত্ৰণ কৰে ডায়েবেটিচ 

এই বীজবোৰে ডায়েবেটিচ নিয়ন্ত্ৰণতো মুখ্য ভূমিকা পালন কৰে। তৰমুজৰ বীজত থকা মেগনেছিয়ামে শৰীৰক ইনচুলিনৰ প্ৰতি সংবেদনশীল কৰি তোলে। ফলস্বৰূপে, ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।

ঘাঁ-ফোহা নিৰাময়ত কৰে সহায়

তৰমুজৰ গুটিত যথেষ্ট পৰিমাণৰ এমিন’ এচিড এল-আৰ্জিনিন থাকে। এল-আৰ্জিনিনে শৰীৰত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে। যি শৰীৰৰ যিকোনো ঘাঁ সোনকালে নিৰাময় কৰাত সহায় কৰে।

Also Read: কোনটো কোঠাত কি ফটো ৰাখিব লাগে জানেনে?