বন্ধ বান্ধৰ মুখ, ৰুদ্ধ চেনাবৰ স্ৰোত...

সামাজিক মাধ্যমত এনে কিছুমান ছবি বিয়পি পৰিছে য’ত দাবী কৰা হৈছে পাকিস্তানলৈ বৈ যোৱা নদীসমূহ শুকাই গৈছে। অৰ্থাৎ ভাৰতে নদীসমূহৰ গতি ৰোধ কৰিছে। কিন্তু এই খবৰ কিমান সত্য?

author-image
Tushar Pratim
New Update
বন্ধ বান্ধৰ মুখ, ৰুদ্ধ চেনাবৰ স্ৰোত...

সিন্ধু জল চুক্তি বাতিলৰ পাছতে ভাৰতে সঁচাকৈয়ে বন্ধ কৰি দিছে নেকি পাকিস্তানলৈ বৈ যোৱা সিন্ধু, চেনাব, ঝেলুম আদি নদীৰ পানীৰ গতি? সঁচাকৈয়ে পাকিস্তানত শুকাইছে নেকি চেনাব? কিয় আকৌ চৰ্চালৈ আহিছে বাগলিহাৰ বান্ধ? চেনাবৰ ওপৰত ভাৰতে ক'ত, কিমান নিৰ্মাণ কৰিছে জলবিদ্যুত প্ৰকল্প? উত্তেজনাৰ মাজতে পানীক লৈ সৃষ্টি হোৱা এই যুদ্ধ সদৃশ পৰিস্থিতিত এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

 

পেহেলগাম আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। দুয়োখন দেশেই গ্ৰহণ কৰিছে একাধিক কূটনৈতিক সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰিয়েই ভাৰতে বাতিল কৰিছে সিন্ধু জল চুক্তি বাতিল কৰিছে। পাকিস্তানে ভাৰতৰ এই সিদ্ধান্তক যুদ্ধৰ সম পৰ্যায়ৰ বুলি গণ্য কৰি ভাৰতৰ বিৰুদ্ধে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

তাৰ মাজতেই সামাজিক মাধ্যমত এনে কিছুমান ছবি বিয়পি পৰিছে য’ত দাবী কৰা হৈছে পাকিস্তানলৈ বৈ যোৱা নদীসমূহ শুকাই গৈছে। অৰ্থাৎ ভাৰতে নদীসমূহৰ গতি ৰোধ কৰিছে। কিন্তু এই খবৰ কিমান সত্য? সঁচাকৈয়ে ভাৰতে পাকিস্তানলৈ বৈ যোৱা নদীসমূহৰ গতি ৰোধ কৰিছে নেকি? 

সামাজিক মাধ্যমত বিয়পি পৰা ছবি আৰু ভিডিঅ’ত দেখা গৈছে  জম্মু ৰামবানৰ চেনাব নদীত নিৰ্মাণ কৰা বাগলীহাৰ বান্ধৰ সকলো গেট বন্ধ কৰি দিয়া হৈছে। ফলত পাকিস্তানৰ দিশে শুকাই পৰিছে চেনাব নদী।

জানিব পৰা মতে সিন্ধু জল চুক্তি বাতিলৰ পাছত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে প্ৰথমবাৰৰ বাবে  বান্ধৰ ওপৰত কিছু কাম আৰম্ভ কৰিছে। সেইদৰেই উত্তৰ কাশ্মীৰত ঝেলুম নদীৰ ওপৰত নিৰ্মাণ কৰা কিষাংগংগা নদী বান্ধৰ মুখ বন্ধ কৰাৰো পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে। 

পি টি আইত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা অনুসৰি ভাৰতে কিষাণগংগা আৰু বাগলীহাৰ নদীবান্ধৰ পানী এৰি দিয়াৰ সময় নিৰ্ণয় কৰাৰ সামৰ্থ আছে। 

বাগলীহাৰ বান্ধ 

১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অধীনতে দুয়োখন দেশৰ মাজত সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ ব্যৱহাৰ সন্দৰ্ভত কেতবোৰ নীতি-নিয়ম কাৰ্যকৰী কৰা হৈছিল। 

ভাৰত আৰু পাকিস্তানৰমাজত দীৰ্ঘদিন ধৰি বাগলীহাৰ নদী বান্ধক লৈ বিতৰ্ক চলি আহিছে। পূৰ্বে পাকিস্তানে এই বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্ব বেংকৰ হস্তক্ষেপ বিচাৰিছিল আৰু কিছুদিন ধৰি বিশ্ব বেংকেও এই বিষয়ত মধ্যস্থতা কৰিছিল।

ইয়াৰ উপৰিও পাকিস্তানে কিষাণগংগা বান্ধৰ ক্ষেত্ৰতো আপত্তি দৰ্শাইছিল। এই দুয়োটা বান্ধেই হাইড্ৰ’ইলেক্ট্ৰিক অৰ্থাৎ এই দুয়োটা বান্ধৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়।

বাগলীহাৰ বান্ধে ৪৭.৫ কোটি ঘনমিটাৰ পানী ধৰি ৰখাৰ ক্ষমতা আছে। এই বান্ধৰ বিদ্যুৎ উৎপাদন ক্ষমতা ৯০০ মেগাৱাট। 

১৯৯২ চনতে পৰিকল্পনা কৰা এই বান্ধৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৯৯৯ চনত।  ইয়াৰ পিছত কেইবাটাও পৰ্যায়ত নিৰ্মাণ কাৰ্য চলাই ২০০৮ চনত ইয়াক সম্পূৰ্ণ কৰি তোলা হয়। 


বাগলীহাৰ বান্ধৰ গেটসমূহ কিয় বন্ধ কৰা হৈছে?


ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি বাগলীহাৰ বান্ধৰ গেটসমূহ বন্ধ কৰি দিয়া হৈছে। ফলত পাকিস্তানৰ দিশে নদীৰ সোঁত ৯০ শতাংশ হ্ৰাস পাইছে আৰু সেই দিশে নদী শুকাবলৈ আৰম্ভ কৰিছে।

ৰাষ্ট্ৰীয় জল বৈদ্যুতিক শক্তি নিগমৰ এজন বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰ অনুসৰি এই বান্ধৰ পানী সংৰক্ষণৰ বাবে যি বৃহৎ ৰিজাৰ্ভাৰ আছে তাৰ পৰা গেড আঁতৰাবলৈ বান্ধৰ দুৱাৰসমূহ নমাই দিয়া হৈছে। যাৰ ফলত ৯০ শতাংশ পানীৰ গতি পাকিস্তানৰ দিশে হ্ৰাস পাইছে। 

বাগলীহাৰ বান্ধৰ দৰেই কিষাণগংগা বান্ধৰ ক্ষেত্ৰতো একেই পৰিকল্পনা চলি আছে। নাম প্ৰকাশক অনিচ্ছুক এগৰাকী বিষয়াই জনোৱা  মতে এই প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পৰা গেডসমূহ পৰিষ্কাৰ কৰিবলৈ প্ৰথমে পানীৰে ৰিজাৰ্ভৰ ভৰ্তি কৰি দিব লাগিব। সেয়ে বান্ধৰ দুৱাৰ সমূহ বন্ধ কৰি ৰিজাৰ্ভাৰত পানী জমা কৰা হৈছে। শনিবাৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। 

আন এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আকৌ ৰিজাৰ্ভাৰত এইদৰে পানী ভৰ্তি কৰি গেড নিৰ্মূল প্ৰক্ৰিয়া এয়াই প্ৰথম নহয়। এনে প্ৰক্ৰিয়া সাধাৰণতে উত্তৰ ভাৰতৰ বান্ধৰ ওপৰত আগষ্ট মাহত কৰা হয়।

উত্তৰ ভাৰতৰ বান্ধৰ ৰিজাৰ্ভাৰত মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত পাণী ভৰ্তি কৰা হয়। এই সময়খিনি বাৰিষাৰ সময় হোৱাৰ বাবে কম সময়তে পানী ভৰ্তি হৈ যায়। আগষ্ট মাহলৈ বাগলীহাৰ বান্ধৰ ৰিজাৰ্ভাৰত পানী ভৰ্তি কৰিবলৈ অপেক্ষা কৰিলে এই প্ৰক্ৰিয়াৰ যথেষ্ট পলম হ’ব বুলিয়েই এইবাৰ মে’ মাহত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ফলত নদীখনৰ পানী অধিক শুকাই পৰিছে। 


কিয় ভয় পাকিস্তানৰ?


সিন্ধু জল চুক্তিয়ে সামৰি লোৱা অন্যতম নদী হৈছে চেনাব। পশ্চিম দিশৰ পৰা বৈ অহা এই নদীখনৰ পানী পাকিস্তানে কৃষি, ঘৰুৱা আৰু বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰে। সেয়ে ইয়াত নদী বান্ধৰ বিৰোধিতা কৰি আহিছে পাকিস্তানে।

১৯৯২ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা বাগলীহাৰ বান্ধকলৈয়ো সেয়ে পাকিস্তানে আপত্তি দৰ্শাইছিল।বিশ্ব বেংকৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত কেইবালানি আলোচনাৰ অন্তত ২০০৮ চনত সম্পূৰ্ণ হৈছিল ইয়াৰ নিৰ্মাণ কাৰ্য। 

পাকিস্তান অভিযোগ কৰি আহিছে ইয়াত বান্ধ নিৰ্মাণ কৰিলে যিকোনো সময়তে ভাৰতে নদীখনৰ পানীক নিয়ন্ত্ৰণ কৰিব পাৰিব। ফলত পাকিস্তানত পানীৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি বান্ধৰ ওপৰত অতিৰিক্ত পানী হ’লে সেই পানী এৰি দিলে যিকোনো সময়তে পাকিস্তানত বানপানী হোৱাৰ সম্ভাৱনা থাকিব। 

পাকিস্তানৰ এনে আশংকাৰ পাছতো ভাৰতে এই বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাত সদায়েই এক অনিশ্চিত দুৰ্ভাৱনাৰ মাজেৰে পাৰ হৈ আহিছে দেশখন। সেয়ে এতিয়া যুদ্ধ পৰিস্থিতিত ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাত পাকিস্তানে পানীৰ সোঁত হ্ৰাস কৰিছে বুলি চিন্তিত হৈ পৰিছে। 

সিন্ধু জল চুক্তিৰ অধীনত পশ্চিমৰ তিনিখন নদী ক্ৰমে সিন্ধু, ঝেলুম আৰু চেনাবৰ পানীৰ ৮০ শতাংশ পাকিস্তানক ব্যৱহাৰৰ বাবে এৰি দিয়া হৈছিল। সেই মতেই ইমান দিনে পাকিস্তানে এই নদীৰ পানী ব্যৱহাৰ কৰি আহিছে। ভাৰতেও সীমিত অধিকাৰৰ মাজতেই বিদ্যুৎ উৎপাদনৰ বাবে এই নদীৰ পানী ব্যৱহাৰ কৰি আহিছে। 


সিন্ধু জল চুক্তি বাতিলৰ পাছত, ভাৰতৰ আগন্তুক পৰিকল্পনা কি?


বাগলীহাৰৰ বাহিৰেও চেনাব নদীৰ ওপৰত ভাৰতে আন কেইবাটাও বান্ধৰ পৰিকল্পনা কৰিছে। বিবিচিত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চেনাব আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত এনে চাৰিটা প্ৰকল্পৰ কাম চলি আছে। এই চাৰিওটা প্ৰকল্প ২০২৭-২৮ চনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠাৰ সম্ভাৱনা আছে। 

এই প্ৰকল্পসমূহ হৈছে ৰাষ্ট্ৰীয় জল বৈদ্যুতিক শক্তি নিগম আৰু জম্মু-কাশ্মীৰ ৰাজ্যিক শক্তি উন্নয়ন নিগমে যৌথভাৱে নিৰ্মাণ কৰি থকা পাকল দুল (১০০০ মেগাৱাট), কিৰু (৬২৪ মেগাৱাট), কোৱাৰ (৫৪০ মেগাৱাট) আৰু ৰাটলে (৮৫০ মেগাৱাট)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত পাকল দুল প্ৰকল্প, ২০১৯ চনত কিৰু আৰু ২০২২ চনত কোৱাৰ হাইডেল শক্তি প্ৰকল্পৰ শিল্যানস কৰিছিল। 

পাকিস্তানৰ বিৰোধিতা স্বত্বেও এই পৰ্যন্ত পাকল দুলত ৬৬ শতাংশ, কিৰুত ৫৫ শতাংশ, কোৱাৰত ১৯ শতাংশ আৰু ৰাটলেত ২১ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।এই প্ৰকল্পসমূহৰ পৰা প্ৰতি বছৰে ১০,৫৪১ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন হ’ব বুলি অনুমান কৰা হৈছে।

 

সিন্ধু জল চুক্তি পেহেলগাম পাকিস্তান