জ্বৰক সাধাৰণ বুলি ভাবি ভুলতো উপেক্ষা নকৰিব

বৰষুণৰ বতৰত সাধাৰণতে আমিবোৰ জ্বৰত অধিক আক্ৰান্ত হওঁ। এই ঋতুত ভাইৰেল সংক্ৰমণ খুব বেছি হয়। এই সংক্ৰমণে শিশু তথা প্ৰাপ্তবয়স্ক সকলোকে প্ৰভাৱিত কৰে। সেয়েহে, এই সময়ছোৱাত শৰীৰৰ যত্ন বিশেষভাৱে লোৱাটো খুবেই দৰকাৰ।

author-image
Asomiya Pratidin
New Update
 জ্বৰক সাধাৰণ বুলি ভাবি ভুলতো উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: বৰষুণৰ বতৰত সাধাৰণতে আমিবোৰ জ্বৰত অধিক আক্ৰান্ত হওঁ। এই ঋতুত ভাইৰেল সংক্ৰমণ খুব বেছি হয়। এই সংক্ৰমণে শিশু তথা প্ৰাপ্তবয়স্ক সকলোকে প্ৰভাৱিত কৰে। সেয়েহে, এই সময়ছোৱাত শৰীৰৰ যত্ন বিশেষভাৱে লোৱাটো খুবেই দৰকাৰ। বৰষুণৰ বতৰত জ্বৰ হোৱাৰ কিছুমান মুখ্য কাৰণ আছে, যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী হৈ পৰে।

Advertisment

ভাইৰেল সংক্ৰমণ

বৰষুণৰ বতৰত ডেংগুকে ধৰি বহুতো ভাইৰেল সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত হঠাতে জ্বৰ হ'ব পাৰে।এই জ্বৰৰ ফলত মূৰৰ বিষ, ভাগৰ, গাঁঠিৰ বিষ আদিৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, এনে লক্ষণে শৰীৰত দেখা দিলে সাৱধান হ’ব।  

বেক্টেৰিয়াৰ সংক্ৰমণ

কিছুমান বেক্টেৰিয়াৰ সংক্ৰমণ বৰষুণৰ বতৰত হয়। যেনে টাইফইড, বেক্টেৰিয়াজনিত নিউমোনিয়া ইত্যাদি। এই সংক্ৰমণবোৰৰ সৈতে প্ৰায়ে জ্বৰ লগতে শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু পেটৰ বিষ হ'ব পাৰে।

লেতেৰা পানী

বৰষুণৰ দিনত লেতেৰা পানীৰ বাবেও সংক্ৰমণ হ'ব পাৰে। এই সংক্ৰমণৰ ফলতো জ্বৰ হয়। 

এলাৰ্জী

এই সময়ছোৱাত কিছুমান লোকৰ এলাৰ্জীৰ সমস্যা হয়। ইয়াৰ ফলতো জ্বৰ উঠিব পাৰে।

সেমেকা বতৰ

বাৰিষা সেমেকা বতৰৰ ফলতো জ্বৰ হয়। বিশেষকৈ যিসকলৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে বা সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে।

বহু গুৰতৰ ৰোগৰ লক্ষণ যিহেতু জ্বৰ।সেয়েহে জ্বৰ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। চিকিৎসকে আপোনাৰ লক্ষণবোৰ মূল্যায়ন কৰিব আৰু উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিব।

Also Read: আপুনি ভাবিব নোৱাৰাকৈ শৰীৰৰ ক্ষতি কৰে ‘পেইন কিলাৰ’য়ে