Papaya Health Benefits: ফল নহয় যেন ঔষধহে...

উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থকা আহাৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। এণ্টিঅক্সিডেণ্টবোৰে কলেষ্টৰেলো প্ৰতিহত কৰে।অমিতাৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা সন্দৰ্ভত আজি জানো আহক-

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
AP WEB omita

ডিজিটেল ডেস্ক: প্ৰায় সকলো সময়তে সকলোতে উপলব্ধ এবিধ ফল অমিতা। মিঠা সোৱাদ, জীৱন্ত ৰং তথা ইয়াৰ আশ্বৰ্যজনক স্বাস্থ্য লাভালাভে অমিতাক এক জনপ্ৰিয় ফল হিচাপে গঢ়ি তুলিছে। অমিতাত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ লগতে আছে ভিটামিন এ, ভিটামিন চি, আৰু ভিটামিন ই। উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থকা আহাৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। এণ্টিঅক্সিডেণ্টবোৰে কলেষ্টৰেলো প্ৰতিহত কৰে। অমিতাৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা সন্দৰ্ভত আজি জানো আহক-

হাঁপানি প্ৰতিৰোধ

কিছুমান পুষ্টি সঠিক পৰিমাণত গ্ৰহণ কৰা লোকৰ হাঁপানি হোৱাৰ আশংকা কম থাকে। এই পুষ্টিবোৰৰ অন্যতম হৈছে বিটা কেৰোটিন, যি অমিতাত যথেষ্ট পৰিমাণে থাকে। অমিতাৰ লগতে ব্ৰকলী, ৰঙালাও আৰু গাজৰৰ দৰে খাদ্যতো বিটা কোৰোটিন অধিক মাত্ৰাত থাকে।

কৰ্কট ৰোগ প্ৰতিৰোধ

বিটা-কেৰোটিনে কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। আমি জানো যে অমিতাত প্ৰচুৰ মাত্ৰাত বিটা কেৰোটিন পোৱা যায়। সেয়ে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অমিতা খোৱা অতি দৰকাৰী।এক অধ্যয়ন অনুসৰি, কম বয়সীয়া পুৰুষে বিটা কেৰোটিন সমৃদ্ধ আহাৰ খালে তেওঁলোকৰ প্ৰষ্টেট কৰ্কটৰোগ হোৱাৰ আশংকা খুবেই কম থাকে।

বৃদ্ধি কৰে হজম শক্তি 

অমিতাত পেঁপা নামৰ এক এনজাইম থাকে। এই এমজাইমে হজমত সহায় কৰে। যাৰ বাবে অমিতাক মাংস ৰন্ধনকৰ্তা হিচাপে ব্যৱহাৰ কৰিব পাৰি। অমিতাত আঁহ আৰু পানীৰ পৰিমাণ অধিক হোৱাৰ বাবে ই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাৰ লগতে স্বাস্থ্যকৰ পাচন নলী তৈয়াৰ কৰাতো ই সহায় কৰে।

প্ৰতিহত কৰে হৃদৰোগ 

অমিতাত থকা আঁহ, পটাছিয়াম আৰু ভিটামিনে হৃদৰোগ প্ৰতিহত কৰাত সহায় কৰে। পটাছিয়াম গ্ৰহণ বৃদ্ধি হোৱাৰ লগতে ছ’ডিয়াম গ্ৰহণ হ্ৰাস হোৱাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ পৰিৱৰ্তন যি এজন ব্যক্তিয়ে তেওঁলোকৰ কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কৰিব পাৰে।

চুলিৰ স্বাস্থ্য

অমিতা চুলিৰ বাবেও উৎকৃষ্ট কিয়নো ইয়াত ভিটামিন এ থাকে, যিয়ে চিবাম উৎপাদন কৰাত সহায় কৰে। চিবামে চুলি ‘ময়শ্চাৰাইজ’ কৰি ৰাখে। আনহাতে, ছাল আৰু চুলিকে ধৰি সকলো শাৰীৰিক কলাৰ বিকাশৰ বাবে ভিটামিন এ প্ৰয়োজনীয়।

ওজন হ্ৰাস কৰাত সহায়ক

পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল’ব পাৰে।

চকুৰ বাবে উপকাৰী

অমিতা চকুৰ বিভিন্ন ৰোগৰ বাবেও উপকাৰী। ইয়াত থকা যথেষ্ট পৰিমাণৰ ভিটামিন-‘এ’ ৰ উপস্থিতিয়ে চকুকেইটাক ৰোগৰ পৰা ৰক্ষা কৰি থাকে। লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে।অমিতা খাই থাকিলে ছানি পৰা ৰোগ নিৰাময় হোৱাৰ লগতে চকুৰ ৰশ্মিও বৃদ্ধি পায়।

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ

অমিতাত থকা পেপেইন নামৰ এনজাইমে মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ পৰা ৰক্ষা কৰে। সেয়ে মাহেকীয়া হোৱাৰ সময়ত বিষত ভোগা মহিলাসকলে আহাৰত অমিতা খাব লাগে।

Also Read: Mushroom Benefits: বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা