/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/78cfcbaa-869c-4023-8114-41a4bea77dcf/AP_FOR_WEB_fat_.jpg)
ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া অধিকাংশ লোকেই মেদবহুলতাৰ চিকাৰ হৈছে। মেদবহুলতাই উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, আদিৰ দৰে ৰোগৰ আশংকা বহুগুণে বৃদ্ধি কৰে।কিন্তু শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা মতে, যদি আপোনাৰ বয়স প্ৰায় ৪০-৫০ বছৰ আৰু আপোনাৰ পেট ওলাই আহিছে অৰ্থাৎ পেটত চৰ্বি বাঢ়িছে, তেন্তে আপুনি আলঝেইমাৰ ৰোগত আক্ৰান্ত হ'ব পাৰে।
এইডছ এণ্ড ডিজিজ জাৰ্নেলত প্ৰকাশিত এই গৱেষণা অনুসৰি, ৪০-৫০ বছৰ বয়সত পেট ডাঙৰ হোৱাৰ ফলত আলঝেইমাৰৰ আশংকা বৃদ্ধি হয়। আলঝেইমাৰ হৈছে স্মৃতিভ্ৰমৰ এক ৰোগ য'ত এজন ব্যক্তিৰ দৈনন্দিন বস্তুবোৰ মনত ৰখাত অসুবিধা হয়। ইয়াত, ব্যক্তিজনে তেওঁৰ দৈনন্দিন কাম কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আলঝেইমাৰ ৰোগত মুখ্যতঃ ৬০ বছৰ বয়সৰ উৰ্ধৰ লোক আক্ৰান্ত হয় আৰু সকলো কথা পাহৰি যায়।
এই গৱেষণা অনুসৰি, মস্তিষ্কৰ কাৰ্যকলাপ আৰু পেটত চৰ্বি বৃদ্ধি হোৱাৰ মাজত এক গভীৰ সম্পৰ্ক পোৱা গৈছে। গৱেষণাই কৈছে যে পাকস্থলীৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে মগজুত থকা স্মৃতি কেন্দ্ৰ সৰু হয়। অৰ্থাৎ, পেটৰ চৰ্বি বৃদ্ধি য়ে মস্তিষ্কৰ কাৰ্যক্ষমতা প্ৰভাৱিত কৰি স্নায়বিক সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত আলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে। সেয়েহে, যদি আপোনাৰ বয়স ৪০-৫০ বছৰৰ ভিতৰত আৰু পাকস্থলীত চৰ্বি বৃদ্ধি হৈ আছে, ইয়াক সহজভাৱে নল'ব।আনহাতে, যদি আপুনি আলঝেইমাৰৰ লক্ষণ অনুভৱ কৰি আছে, লগে লগে স্নায়ুবিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰক। এই ক্ষেত্ৰত অসাৱধান নহ'ব।
আলঝেইমাৰৰ লক্ষণ
.আপোনাৰ কথা বুজাবলৈ সঠিক শব্দ বিচাৰি পোৱাত সমস্যা হোৱা।
. আপোনাৰ বস্তুবোৰ ক’ৰবাত ৰাখি পাহৰি যোৱা বা হেৰুওৱা।
. কিবা পৰিকল্পনা বা চিন্তা কৰাত সমস্যা হোৱা।
. সমস্যা সমাধান কৰাত সমস্যা হোৱা।
. আপোনাৰ নিয়মীয়া কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় লোৱা।
. আনকি এজন চিনাকি ব্যক্তিক চিনাক্ত কৰাত কঠিন হোৱা।
Also Read: সাৱধান হওঁক ! এইসমূহ এক গুৰুতৰ ৰোগৰ লক্ষণ