মহিলাসকল অধিক সাৱধান হওঁক, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

তল পিঠিৰ বিষ হৈছে বিকলাংগতাৰ মুখ্য কাৰণ।বিশ্বৰ ৬০০ নিযুতৰো অধিক লোকে এই সমস্যাত সৈতে সহবাস কৰি আছে। ‘দ্য লেঞ্চেট ৰিউমেট'লজী’ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ এইটো এটা মুখ্য ফলাফল।এই অধ্যয়নত ৫ বছৰতকৈ অধিক বয়সৰ লোকৰ পিঠিৰ তলৰ বিষ পৰীক্ষা কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
মহিলাসকল অধিক সাৱধান হওঁক, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

ডিজিটেল ডেস্ক: তল পিঠিৰ বিষ হৈছে বিকলাংগতাৰ মুখ্য কাৰণ।বিশ্বৰ ৬০০ নিযুতৰো অধিক লোকে এই সমস্যাত সৈতে সহবাস কৰি আছে। ‘দ্য লেঞ্চেট ৰিউমেট'লজী’ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ এইটো এটা মুখ্য ফলাফল।এই অধ্যয়নত ৫ বছৰতকৈ অধিক বয়সৰ লোকৰ পিঠিৰ তলৰ বিষ পৰীক্ষা কৰা হৈছিল।আপুনি জানি আচৰিত হ'ব যে, যোৱা তিনি দশকত তল পিঠিৰ বিষ বিকলাংগতাৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে।

Advertisment

পিঠিৰ বিষৰ মুখ্য কাৰণ ধূমপান, মেদবহুলতা

এই অধ্যয়নটোত দেখা গৈছে যে যদি সমাজে তিনিটা মুখ্য বিপদাশংকাৰ কাৰকৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে, তেন্তে ই তল পিঠিৰ বিষৰ বোজা ৩৯ শতাংশ হ্ৰাস কৰিব পাৰে।এই তিনিটা কাৰক হৈছে- মেদবহুলতা, ধূমপান আৰু কৰ্মস্থানত বেছি সময় একেৰাহে বহি থকা। ধূমপানৰ ফলত ডিস্ক, গাঁঠিৰ লগতে হাড় দুৰ্বল হয়। ধূমপানৰ লগতে শাৰীৰিক নিষ্ক্ৰিয়তা, মেদবহুলতা আৰু দুৰ্বল টোপনিও তল পিঠিৰ বিষৰ বৰ্ধিত বিপদাশংকাৰ অন্যতম কাৰক। মেদবহুলতাৰ ফলত মেৰুদণ্ডৰ গাঁথনিৰ ওপৰত বৰ্ধিত বোজা পৰে। সেয়েহে, ওজন হ্ৰাস কৰি ৰখাতো আমাৰ সকলোৰে বাবে খুবেই জৰুৰী।

এই অধ্যয়নটোত দেখা গৈছে যে, তল পিঠিৰ বিষ জৈৱিক, সামাজিক আৰু মানসিককে ধৰি বহুতো কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। বিশ্বব্যাপী মুঠ ২২৫ নিযুত পুৰুষ আৰু ৩৯৫ নিযুত মহিলাই পিঠিৰ বিষত ভূগি আছে।আগতে বয়োজ্যেষ্ঠ সকলৰহে পিঠিৰ বিষ হয় বুলি ধাৰণা আছিল। কিন্তু এতিয়া বয়সৰ হিচাপ নোহোৱাকৈ সৰু-বৰ সকলোয়ে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। আন বয়সৰ তুলনাত ৮০ বছৰৰ উৰ্ধৰ ব্যক্তিৰ ককালৰ তীব্ৰ বিষ আৰু বিকলাঙ্গতাৰ পৰা আৰোগ্য হোৱাৰ সম্ভাৱনা কম থাকে।

পিঠিৰ বিষত ভুগি থকা লোকসকলৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে উন্নত আৰু অধিক কাৰ্যকৰী উপায়ৰ প্ৰয়োজন। অধ্যয়নত প্ৰমাণ পোৱা মতে, বহুতো বিদ্যমান চিকিৎসাই এই সমস্যাৰ সমাধান দিব নোৱাৰে।যাৰ বাবে আমাৰ জীৱনশৈলী সলনি কৰি বদ অভ্যাসবোৰ ত্যাগ কৰাৰ খুবেই প্ৰয়োজন হৈ পৰিছে।

বি.দ্ৰ. এই গৱেষণা কৰিছে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ জেমি ষ্টেইনমেটজ আৰু চিডনী বিশ্ববিদ্যালয়ৰ মানুৱেলা ফেৰেৰা।

Also Read: Periods Pain: এই ঘৰুৱা উপায়ৰে বিষ নিৰাময় কৰক