/asomiyapratidin/media/media_files/2025/09/18/web-ap-1-2025-09-18-11-53-30.jpg)
ডিজিটেল ডেস্ক: আমাৰ শৰীৰটো হাড়ৰ ওপৰত থিয় হৈ থাকে। ইয়াৰে এডাল হাড়ো যদি ভাঙে, আমি অসহায় অনুভৱ কৰো। ভঙা হাড় জোৰা লাগিবলৈ কেতিয়াবা মাহ বা কেতিয়াবা বছৰো লাগে। কিন্তু এতিয়া হাড় ভাঙিলে সম্পূৰ্ণ ৰূপে ঠিক হ’বলৈ আগৰ দৰে সময়ৰ প্ৰয়োজন নহয়। হয়, শেহতীয়াকৈ বিজ্ঞানীসকলে এনে এবিধ আঠা প্ৰস্তুত কৰিছে, যিয়ে ভাঙি যোৱা হাড়ক মিনিটতে সংযোগ কৰিব পাৰিব। এই সৃষ্টিয়ে হাড় নিৰাময়ৰ ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ নিশ্চিতভাৱে সক্ষম হ’ব।
'ব’ন-০২' কি ?
চীনৰ এজন অস্থিৰোগ বিশেষজ্ঞ আৰু তেওঁৰ দলে ব’ন-০২ নামৰ আঠা প্ৰস্তুত কৰিছে। এই আঠায়ে তেজ সমৃদ্ধ অস্ত্ৰোপচাৰৰ ঠাইতো ভঙা হাড়ক সংযোগ কৰিব পাৰে। ১৫০ জনতকৈ অধিক ৰোগীক এই আঠা ব্যৱহাৰ কৰি পৰীক্ষা কৰা হৈছিল। যি এশ শতাংশই সফল হৈছিল। সেয়েহে, কেৱল পৰীক্ষাগাৰৰ পৰীক্ষাতে নহয়, প্ৰকৃত অস্ত্ৰোপচাৰতো এই আঠা অত্যন্ত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল।
কেনেকৈ কাম কৰে ?
হাড় জোৰা লগাবলৈ সাধাৰণতে প্লাষ্টাৰৰ কাষ্ট, ধাতুৰ প্লেট, স্ক্ৰু বা ৰড ব্যৱহাৰ কৰি ভাঙন মেৰামতি কৰা হয়, যাৰ বাবে সপ্তাহৰ পৰা মাহ ধৰি সময় লাগিব পাৰে। কিন্তু এই নতুন ‘হাড়ৰ আঠা’টোৱে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই সমস্যাৰ সমাধান দিব পাৰে। যাৰ ফলত দীৰ্ঘদিনীয়া প্লাষ্টাৰ কাষ্ট বা বেণ্ডেজৰ প্ৰয়োজন নহয়। উল্লেখ্য যে, এটা কেছ ট্ৰায়েলত সমগ্ৰ প্ৰক্ৰিয়াটোত তিনি মিনিটতকৈও কম সময় লাগিছিল।
উপকাৰ কি?
এই আঠাৰ ব্যৱহাৰ কৰি হাড় জোৰা লাগিলে ৰোগীয়ে সোনকালে স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিব পাৰে। ফলত ধাতুৰ প্লেট বা স্ক্ৰুৰ প্ৰয়োজন কমি যাব। তদুপৰি, এইদৰে চিকি..সা কৰিলে বিষ কম হোৱাৰ লগতে ৰোগী দীৰ্ঘদিন ধৰি বিচনাত পৰি থাকিব নালাগে আৰু হাড়ৰ আঘাতৰ চিকিৎসা সহজ আৰু দ্ৰুত হৈ পৰে। এই প্ৰযুক্তি বৰ্তমান গৱেষণা আৰু পৰীক্ষণ পৰ্যায়ত আছে। ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ আগতে অধিক অধ্যয়ন আৰু সুৰক্ষা পৰীক্ষাৰ প্ৰয়োজন হ’ব।