২৫ মিনিটৰ ভাষণত সুধাকন্ঠৰ ৬টা কালজয়ী গীত আওঁৰাই প্ৰধানমন্ত্ৰীয়ে দি গ'ল শান্তি-সমৃদ্ধি, একতাৰ বাৰ্তা...

অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম- সুধাকন্ঠৰ কালজয়ী এই গীত আওৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ লগতে ভাৰতবাসীক ড০ ভূপেন হাজৰিকাৰ দেশপ্ৰেমৰ এই

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon  3

খানাপাৰাত ২৫মিনিটৰ ভাষণত সুধাকন্ঠক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৬টাকৈ কালজয়ী গীতৰ কলি আওঁৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈ গ'ল সুধাকন্ঠৰ সপোনৰ কথা, সমৃদ্ধিশালী উত্তৰ-পূব তথা অপাৰ সম্ভাৱনা থকা অসমৰ কথা। আৰু কি কি ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পঢ়ক এই প্ৰতিবেদনত সবিশেষ...

অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম- সুধাকন্ঠৰ কালজয়ী এই গীত আওৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ লগতে ভাৰতবাসীক ড০ ভূপেন হাজৰিকাৰ দেশপ্ৰেমৰ এই চেতনাৰ উদ্বুদ্ধ হ'বলৈ আহ্বান জনালে। 

মণিপুৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰে খানাপাৰাত আয়োজন কৰা সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকন্ঠৰ ১৪টা কালজয়ী গীত ১১০০বিশিষ্ট শিল্পীয়ে পৰিৱেশন কৰে। ভূপেন্দ্ৰ সংগীতেৰে জীপাল হৈ পৰা পৰিৱেশ দেখি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী। ইয়াৰ পিছতে তেওঁ মুকলি কৰে ভূপেন হাজৰিকাৰ স্মৰণত ১০০টকীয়া মুদ্ৰা।

অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে প্ৰায় ২৫মিনিট সময় ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভূপেন দা অসম হওঁক ধ্বনিৰে ভাষণ আৰম্ভ কৰে তেওঁ।  ২৫মিনিটৰ এই ভাষণত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বহুকেইটা গীতৰ কলি আওঁৰালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শিল্পীসকলে পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে কয় যে,  ভূপেন্দ্ৰ সংগীতৰ এই লহৰে সদায়েই যেন দেশৰ প্ৰতিটো কোণত বিয়পি থাকে অনাদি অনন্তলৈ। মই শিল্পীসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ এনে এটা বৈশিষ্ট্য আছে যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ সৃষ্টি কৰে। আজিও মোৰ তেনে এটা ভাৱেই মনলৈ আহিছে।  এনে এটা পৱিত্ৰ অনুষ্ঠানলৈ আহিবলৈ পোৱাতো মোৰ বাবে অতিকৈ সৌভাগ্যৰ বিষয়। 

তেওঁ লগতে কয়-  ভূপেন দাক আমি সকলোৱে মৰম আৰু শ্ৰদ্ধাৰে সুধাকন্ঠ বুলি সম্বোধন কৰো। আজি আমি সেইজন সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰিছো, যিজনে ভাৰতৰ ভাৱনাক কন্ঠ দিছিল। যাৰ সংগীতে সংবেদনশীলতাক প্ৰতিফলিত কৰিছিল। ভূপেন দাই সংগীতৰ সৈতে ভাৰতৰ সপোনক সংযোগ কৰিছিল। তেৱেই মা গংগাক কৰুণাৰ সাগৰৰ সৈতে তুলনা কৰিছিল। 

সুধাকন্ঠৰ অমৰ ৰচনাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভূপেন দাৰ প্ৰতিটো ৰচনাই দেশৰ প্ৰতিটো প্ৰান্তক এক কৰিছিল। ভূপেন দা কায়িকভাৱে আমাৰ মাজত নাথাকিলেও, তেওঁৰ কন্ঠ, গীত আৰু ৰচনা ভাৰতৰ বিকাশ যাত্ৰাৰ সাক্ষী হোৱাৰ লগতে উদগণি দি আহিছে। আমাৰ চৰকাৰে অতি গৌৰৱৰে সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰিছে। 

আমি ভূপেন দা গীত, তেওঁৰ গীতৰ মাধ্যমেৰে দিয়া বাতা আৰু তেওঁৰ জীৱন যাত্ৰাক দেশৰ প্ৰতিঘৰ লোকৰ ঘৰলৈ নিবলৈ চেষ্টা কৰি আহিছো। ভূপেন দাই ওৰে জীৱন সংগীতৰ সেৱা কৰিলে। সংগীত যেতিয়া সাধনা হয় তেতিয়া আমাৰ আত্মাক স্পৰ্শ কৰে। সংগীত যেতিয়া সংকল্প হয় তেতিয়া সমাজক নতুন দিশ দেখায়। ভূপেন দাৰ সংগীত এইবোৰৰ বাবেই সদায়েই বিশেষ।  তেওঁৰ সদায় এক আদৰ্শত থাকি সংগীতৰ সাধনা কৰিছিল।

ভূপেন হাজৰিকাৰ সংগীতৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সুধাকন্ঠই এক দেশ আৰু শ্ৰেষ্ঠ দেশ আদৰ্শত বিশ্বাসী আছিল। সেয়েহে তেওঁৰ প্ৰতিটো গীত তথা সৃষ্টিত আছিল মাটিৰ গোন্ধ, মানুহৰ বাৰ্তা, সম্প্ৰীতিৰ লক্ষ্য। উত্তৰ-পূবত তেওঁৰ জন্ম, বিশাল ব্ৰহ্মপুত্ৰই তেওঁক সংগীতৰ শিক্ষা দিলে।  ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰম্ভ হোৱা সংগীতৰ এই যাত্ৰা গংগাত বিলীন হৈছিল। কাশীৰ গতিশীলতাই তেওঁক জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল।

উচ্চ শিক্ষাৰ বাবে দেশৰ লগতে বিদেশৰ ভিন্ন প্ৰান্তত তেওঁ গৈছিল যদিও তেওঁৰ বুকুত সদায় অসমী আইক কঢ়িয়াই লৈ ফুৰিছিল। যেনেকৈ মাতৃৰ সৈতে এগৰাকী পুত্ৰ এক হৈ থাকে।  ভাষণৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি আওৰাই সহানুভূতিৰে মানুহে মানুহৰ সুখ-দুখত সদায়েই কাষত থাকিবলৈ আহ্বান জনায়। ভূপেন দাই দিয়া এই বাৰ্তাই কিমান গভীৰ আছিল আমি সকলোৱে মৰ্মে মৰ্মে উপলদ্ধি কৰিব লাগিব।

ভূপেন দা ভাৰতৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল। যেতিয়া উত্তৰ-পূব পদে পদে উপেক্ষিত হৈছিল, তেনে সময়তো ভূপেন দাই আৱাজ দিছিল। এক সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল তেওঁ। প্ৰধানমন্ত্ৰীয়ে ভাষণৰ মাজতে পুনৰ 'নানা জাতি- উপজাতি' শীৰ্ষক গীতটি আওৰাই উত্তৰ পূবৰ বৈচিত্ৰতাক উচ্চ প্ৰশংসা কৰে। তেওঁ কয় এই গীতটো যেতিয়া শুনো তেতিয়া অসম তথা উত্তৰ পূবৰ ক্ষমতা আৰু বৈচিত্ৰতাক লৈ মোৰ গৰ্ব হয়। 

অনুষ্ঠানত উপস্থিত থকা অৰুণাচলৰ মুখ্যমন্ত্ৰী উদেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অৰুণাচলৰ প্ৰতিও সুধাকন্ঠৰ অসমৰ সমানেই মৰম আছিল। সেয়েহে আজি এই অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰীও উপস্থিত আছে। ভূপেন দাই কৈছিল- অৰুণাচল আমাৰ, অৰুণাচল আমাৰ। সুধাকন্ঠৰ সেই সমৃদ্ধিশালী উত্তৰ-পূবক গঢ় দিবলৈ আমি দিনে-ৰাতিয়ে কষ্ট কৰিছো।

আমাৰ চৰকাৰে ভূপেন দাক ভাৰত ৰত্ন প্ৰদান কৰি অসম তথা উত্তৰ-পূববাসীৰ ভাৱনাক সন্মান প্ৰদৰ্শন কৰিছো। আজি অসম আৰু অৰুণাচলত দ্ৰুতগতিত উন্নয়ন হৈছে। বিকাশৰ প্ৰতিটো খোজৰ অংশ হৈছে অসম তথা উত্তৰ-পূব। এয়াই ভূপেন দাৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

অসম তথা উত্তৰ পূবৰ ত্যাগ আৰু বলিদানৰ অবিহনে আমি নতুন ভাৰতৰ কল্পনা কৰিব নোৱাৰো। দেশৰ ভিতৰত প্ৰথম সূৰ্যোদয় হয় উত্তৰ-পূৰ্বতেই। সুধাকন্ঠই ইয়াকো গীতৰ ৰূপ দিছিল। তেওঁ গীতত কৈছিল- অসম আমাৰ ৰূপহী , গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ...।

অসমৰ ইতিহাসক যেতিয়া আমি উদযাপন কৰো, তেতিয়া ভাৰতৰ ইতিহাসক নতুনকৈ উদযাপন কৰাৰ প্ৰয়োজন নাই বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি ইয়াক বুকুত বান্ধি আগবাঢ়ি যাব লাগিব। আমি সংযোগ বুলি কলে কেৱল বাট-পথৰ কথাকে বুজো। কিন্তু দেশৰ একতা বুলি কলে আটাইতকৈ ডাঙৰ সংযোগ হৈছে সংস্কৃতিৰ সংযোগ। বিগত এঘাৰ বছৰত আমি বাট-পথৰ লগতে এই সংস্কৃতিৰ সংযোগৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছো।

বীৰ লাচিত বৰফুকনৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ দিয়া বীৰ শ্বহীদ সকলকো ভাষণত স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। ভূপেন দাই এই শ্বহীদক লৈও লিখিছিল গীত। তেও লিখিছি- প্ৰতি জোৱান ৰক্তৰে বিন্দু/ হ’ল সাহসৰ অনন্ত সিন্ধু,/সেই সাহসৰ দুৰ্জেয় লহৰে/ যাচিলে প্ৰতিজ্ঞা জয়ৰে/ । শৰীৰৰ শেষ টোপাল ৰক্ত থকালৈকে আমাৰ বীৰ জোৱান সকলে যুঁজিব পাৰে। আপাৰেশ্যন সিন্দূৰত আমি ইয়াৰ প্ৰমাণ পালো। ভূপেন দাই সেই কতা বহুদিনৰ আগেয়েই কৈ গৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশৰ ইতিহাস, বিকাশত অসমৰ যি ভূমিকা সেই ভূমিকাৰ কথা উপলদ্ধি কৰিয়েই মই সদায়েই কওঁ যে, এতিয়া সেই দিন বেছি দূৰ নহয়, যিটো দিনত দেশৰ প্ৰতিগৰাকী শিশুৱে পঢ়িব  A ফৰ ASSAM.। ইয়াৰ সংস্কৃতি, সন্মান আৰু স্বাভিমানৰ লগতে আছে অসীম সম্ভাৱনা।  অসমৰ পৰ্যটন, পৰিৱেশ, কৃষিয়ে দেশত নহয় সমগ্ৰ বিশ্বত দিব অনন্য এক পৰিচয়। অসমৰ গামোছাক বিশ্বৰ প্ৰেক্ষাপটত মই নিজেই গৰ্বৰে কওঁ। এনেকৈয়ে আমি অসমৰ প্ৰতিটো সামগ্ৰী বিশ্ব প্ৰান্ত প্ৰান্তলৈকে লৈ যাব লাগিব। 

আমি অসম তথা দেশক উন্নতিৰ দিশে সকলোৱে আগুৱাই নিব লাগিব। প্ৰত্যাহ্বানৰ মাজতো প্ৰৱল সাহসেৰে আমি আগবাঢ়িব লাগিব। ভূপেন দাৰ গীত আৰু জীৱনবোধতেই আমি পাম এই সাহস। আমাৰ এই সংকল্পই হ'ব ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সবাতোকৈ উত্তম পন্থা।  ভাষণৰ শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা সকলোকে মোবাইল ফ্লেছ লাইট জ্বলাই সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনায়।

 প্ৰণিধানযোগ্য যে, অহা দেওবাৰে তেওঁ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী ৩৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্রী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছশ নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে।

খুমটাইৰ বিধায়ক মৃণাল শইুকীয়াৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।  তেওঁ লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।

নৰেন্দ্ৰ মোডী