/asomiyapratidin/media/media_files/2025/09/10/ujjjs-2025-09-10-15-14-04.jpg)
ডিজিটেল ডেস্কঃ অসমৰ চিকিৎসা ক্ষেত্ৰৰ বাবে এটা ডাঙৰ সাফল্য। প্ৰায় ২০০০কিলোমিটাৰ দূৰৰ পৰাই চিকিৎসকে সফলভাৱে সম্পন্ন কৰিলে দুটাকৈ জটিল অস্ত্ৰোপচাৰ। অসম্ভৱ যেন লগা এই কাম সম্ভৱ কৰি তুলিলে দেশ তথা অসমৰ এগৰাকী প্ৰখ্যাত চিকিৎসক সুভাষ খান্না আৰু তেওঁৰ দলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/c6e005be-ae82-453e-94ee-b488fb11446b-2025-09-10-15-02-50.jpg)
গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে পূব তথা উত্তৰ-পূব ভাৰতত সফলতাৰে প্ৰথমটো ৰিম'ট ৰবটিক পিত্তথলী আঁতৰোৱাৰ অস্ত্রোপচাৰ সম্পন্ন কৰিছে। মেড-ইন-ইণ্ডিয়া এছ এছ আই মন্ত্ৰ ৰবটিক চিষ্টেম ব্যৱহাৰ কৰি গুৱাহাটীৰ দুজন ৰোগীৰ অস্ত্রোপচাৰ ইতিমধ্যে সফলতাৰে সম্পন্ন কৰিছে সুভাষ খান্না আৰু তেওঁৰ সহযোগীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/c53a1e75-2484-45ec-bc2e-87bff5400040-2025-09-10-15-03-00.jpg)
লিড চার্জন অধ্যাপক সুভাষ খান্নাই গুৰগাঁৱৰ পৰা ৰবটটো নিয়ন্ত্ৰণ কৰি প্ৰায় ১৯৫০ কিলোমিটাৰ দূৰৰ পৰা এই অস্ত্রোপচাৰ টো কৰে। অস্ত্রোপচাৰ সম্পন্ন হোৱা দুয়োজন ৰোগী বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ। বুধবাৰে মালিগাওঁ স্থিত স্বাগত হস্পাতালত আয়োজন কৰা এক সংবাদমেলত উপস্থিত থাকে এই দুয়োগৰাকী ৰোগী আৰু আত্মীয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/4bcb3e25-ac0a-4533-82e6-d3e1dc7ccf00-2025-09-10-15-03-12.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, অস্ত্ৰোপচাৰ সম্পন্ন কৰা ৰোগী দুগৰাকী হৈছে অনুপমা বৰুৱা আৰু সাক্ষী পাণ্ডে। দুয়োগৰাকীৰ ৰোগীৰ আত্মীয়ই সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বাবে স্বাগত হস্পাতালৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে সুস্থ বুলি অৱগত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/31598ab1-81d6-4875-8c8e-db1b132ee996-2025-09-10-15-03-23.jpg)
গুৰগাঁৱৰ পৰা শ্ৰী অভিবেশৰ লগতে গুৱাহাটীৰ স্বাগত হাস্পতালৰ পৰা বিনয় হাজৰিকাই এই জটিল আই টি মেৰুদণ্ডৰ সমন্বয় কৰিছিল। সমগ্র প্রক্রিয়াটোত এয়াৰটেলৰ নেটৱৰ্কৰ সহায়ত উচ্চগতিৰ সংযোগ ব্যৱস্থাপনাত, প্রয়োজনীয় মানদণ্ডতকৈ অধিক বেগত মাত্র ৪০ মিলিছেকেণ্ডৰ আকর্ষণীয় লেটেঞ্চি লাভ কৰা হৈছিল।
সমগ্ৰ অস্ত্রোপচাৰটোত স্বাগত হাস্পতালৰ চিকিৎসক ডাঃ অৰিন্দম বৰুৱা, ডাঃ প্ৰণৱ দাস আৰু ডাঃ সুপ্রিয় চৌধুৰীয়ে সহায় আগবঢ়োৱাৰ লগতে ডাঃ কনিণিকা দাসে এনাস্থেচিয়াৰ নেতৃত্ব দিছিল। তেনেদৰে ৰবটিক স্ক্রাব নাৰ্ছ বিদ্যা দেবী, আলৱানীশা, বীনা, লিপিকা আৰু বায়'টেকনিচিয়ান জিন্টুৱে সমগ্র অস্ত্রোপচাৰৰ বিভিন্ন কাৰিকৰী ক্ষেত্ৰত সহায় আগবঢ়ায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/ea84b0af-6765-403e-aa3d-9793cc1fd940-2025-09-10-15-03-35.jpg)
বিশেষকৈ উত্তৰ-পূবত ধাৰাবাহিকভাৱে অগ্রণী অস্ত্রোপচাৰৰ উদ্ভাৱনৰ প্ৰৱৰ্তন অব্যাহত ৰখা স্বাগত হাস্পতালৰ সঞ্চালক অধ্যাপক ডাঃ স্বাগতা খান্নাই সমগ্র অস্ত্রোপচাৰ প্ৰক্ৰিয়া দিল্লীৰ গুৰগাঁৱৰ পৰা নিয়ন্ত্ৰণ কৰিছিল। এই অস্ত্রোপচাৰৰ সাফল্যৰ সন্দৰ্ভত সংবাদমেলত সুভাষ খান্নাই কয় যে, একেবাৰে নতুন আৰু উদ্ভাৱনীমূলক কামত ৰোগীক পতিয়ন নিয়াব পৰাটো বৰ সহজ নহয়।
দুয়োজন ৰোগীয়ে মোৰ ওপৰত যি বিশ্বাস বাখিছিল তাৰ বাবে মই কৃতজ্ঞ। তেওঁলোকৰ ওচৰত মই শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও তেওঁলোকে মোক বিশ্বাস কৰি আনন্দৰে অস্ত্রোপচাৰ কৰিবলৈ সন্মত হৈছিল। এই সুবিধাৰ জৰিয়তে এতিয়া টেলি কানেক্টিভিটিৰ জৰিয়তে ৰোগীজন পৃথিৱীৰ যিকোনো ঠাইতে থাকিলেও উত্তম চিকিৎসা লাভ কৰাত সহায় কৰিব।- এইদৰে কয় খান্নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/652ce26f-1aeb-44b6-850f-d8492a6c30c2-2025-09-10-15-03-47.jpg)
আনহাতে ৰবটিক অস্ত্রোপচাৰ সন্দৰ্ভত তেওঁ কয় যে, দূৰৱৰ্তী ৰবটিক অস্ত্রোপচাৰ বিশ্বৰ বাবে সম্পূর্ণ নতুন নহয়। এনে পদ্ধতি 'লিণ্ডবার্গ অপাৰেচন'- প্রথম ২০০১ চনত ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গত নিউয়কৰ এজন অস্ত্রোপচাৰ বিশেষজ্ঞই এজন ৰোগীৰ পিত্তথলী আঁতৰোৱাৰ সময়ত কৰিছিল। কিন্তু অধিক খৰচ আৰু সংযোগৰ প্ৰত্যাহ্বানৰ বাবে এই চিকিৎসাৰ অগ্রগতি লেহেমীয়া হৈ আছে।
তেওঁ লগতে কয়- সুৰক্ষিত নেটৱৰ্ক, দ্রুতবেগী তথ্য সংবহনৰ অগ্রগতি আৰু বিশ্বজুৰি আগ্ৰহৰ পৰিপেক্ষিতত এনে চিকিৎসাৰ পুনৰ উত্থান ঘটিছে। লক্ষণীয়ভাবে সমগ্ৰ ভাৰতৰ বহু আগশাৰীৰ কর্পৰেট চিকিৎসালয়ত এতিয়াও এনে পদ্ধতি ব্যৱহাৰ কৰা নাই। গতিকে সেই দিশৰ পৰা স্বাগত ছুপাৰ স্পেচিলিটি হাস্পতালৰ এই কৃতিত্ব বিশেষভাৱে উল্লেখনীয় হৈছে।
উল্লেখযোগ্য যে, এই ৰিম'ট ৰ'বটিক শল্য চিকিৎসাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ সুদূৰপ্ৰসাৰী প্ৰভাৱ কঢ়িয়াই আনিছে। কিয়নো দীর্ঘদিনীয়া আৰু ব্যয়বহুল যাতায়তৰ প্ৰয়োজন নোহোৱাকৈ ৰোগীয়ে এই অস্ত্রোপচাৰ কৰিব পাৰিব। দুর্গম সীমান্ত অঞ্চলত বাস কৰা সৈনিক আৰু নাগৰিকসকলৰ বাবে এই চিকিৎসাই আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।
লক্ষ্যণীয়ভাবে অধ্যাপক সুভাষ খান্নাই এইক্ষেত্রত আগভাগ লৈ অসমক ভাৰতৰ অত্যাধুনিক অস্ত্রোপচাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে স্থান দি এক নতুনত্ব প্রদান কৰাৰ লগতে ৰাজ্যখনৰ চিকিৎসা ব্যবস্থাত নতুন দিগন্তৰ সূচনা কৰিছে। ৰোগীৰ সুৰক্ষা আৰু ক্লিনিকেল সম্ভাৱনীয়তা দুয়োটা নিশ্চিত কৰি নিখুঁত পৰিকল্পনা, শক্তিশালী প্রযুক্তিগত সমর্থন আৰু সম্পূর্ণ নৈতিক সমিতিৰ অনুমোদনৰ সৈতে অস্ত্রোপচাৰসমূহ কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us