/asomiyapratidin/media/media_files/2025/06/04/2iHPccV05lqzGBrTajIx.png)
Covid 19 Variant NB.1.8.1
ডিজিটেল ডেস্ক: আকৌ আৰম্ভ হ’ল ক’ভিডৰ সন্ত্ৰাস। শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ কিছু কিছু ঠাইত ক’ভিড ১৯য়ে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে এতিয়া ক’ভিড ১৯ৰ এটা নতুন প্ৰকাৰ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। ক’ভিডৰ এই নতুন প্ৰকাৰটোৰ নাম NB.1.8.1। NB.1.8.1 Omicron ৰ প্ৰকাৰ, যি পূৰ্বৰ তুলনাত অধিক ভয়াৱহ।
World Health Organization(WHO)ৰ মতে, NB.1.8.1ক ‘VARIANT UNDER MONITORING’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। NB.1.8.1 প্ৰথমে চীনত ধৰা পৰে। তদুপৰি, ছিংগাপুৰ আৰু হংকংকে ধৰি এছিয়াৰ অন্যান্য অঞ্চলতো ইয়াৰ উপস্থিতি পোৱা গৈছে। শেহতীয়াকৈ আমেৰিকাতো ইয়াৰ উপস্থিতি নিশ্চিত কৰা হৈছে। আনহাতে, ভাৰতৰ তামিলনাডুত এই ভাইৰাছ পোৱা গৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই লগতে উল্লেখ কৰা মতে, ‘NB.1.8.1ক বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পোৱা অনুপাতৰ সৈতে ছাৰ্ছ-ক’ভিড-২ VARIANT UNDER MONITORING(VUM) হিচাপে নিৰ্ধাৰণ কৰা হৈছে। NB.1.8.1 হৈছে পুনঃসংযোজিত ভিন্নতা XDV.1.5.1ৰ পৰা আহৰণ কৰা এটা SARS-CoV-2 ভেৰিয়েন্ট বা প্ৰকাৰ, যাৰ আটাইতকৈ আগতীয়া নমুনাটো ২০২৫ চনৰ ২২ জানুৱাৰীত সংগ্ৰহ কৰা হৈছিল।
নতুন ক'ভিড ভেৰিয়েন্ট NB.1.8.1ৰ লক্ষণ
আনহাতে, এক প্ৰতিবেদন অনুসৰি, NB.1.8.1য়ে পূৰ্বৰ Omicron ভেৰিয়েন্টতকৈ অধিক গুৰুতৰ ৰোগ সৃষ্টি নকৰে। NB.1.8.1 ৰ লক্ষণসমূহ পূৰ্বৰ Omicron ভেৰিয়েন্টৰ লক্ষণসমূহৰ সৈতে যথেষ্ট মিল আছে। এই লক্ষণসমূহ হৈছে-
- ডিঙিৰ বিষ
- ভাগৰ
- কাহ
- জ্বৰ
- পেশীৰ বিষ
ক’ভিডৰ এই নতুন প্ৰকাৰত আক্ৰান্ত হ’লে শৰীৰৰ উষ্ণতা স্বাভাৱিকতকৈ বৃদ্ধি পায়, যিটো সাধাৰণ জ্বৰতকৈ পৃথক। ইয়াৰ আন আন লক্ষণসমূহৰ ভিতৰত মূৰৰ বিষ, বমি, ভোক কমি যোৱা আৰু গেষ্ট্ৰাইটিছ আদি উল্লেখযোগ্য। প্ৰাথমিক তথ্য অনুসৰি, ক'ভিডৰ এই নতুন প্ৰকাৰটোয়ে সংক্ৰমণৰ হাৰ বৃদ্ধি কৰে।
বৰ্তমানৰ COVID Vaccine সমূহ NB.1.8.1 ৰ বাবে ফলপ্ৰসূ হ'ব নে ?
অনুমান কৰা হৈছে যে, বৰ্তমানৰ ক’ভিড-১৯ৰ টিকাকৰণসমূহ NB.1.8.1 ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম।
COVID-19 Variant NB.1.8.1: নিজকে কিদৰে সুৰক্ষা দিব
১) পূৰ্বৰ দৰে ভিৰ বা আবদ্ধ ঠাইত মাস্ক পৰিধান কৰিব।
২) হাত পৰিস্কাৰ কৰি ৰাখিব। নিয়মিতভাৱে ২০ ছেকেণ্ড চাবোনেৰে হাত ধুব।
৩) আনৰ পৰা শাৰীৰিক দূৰত্ব বজাই ৰাখিব।
৪) অসুস্থ অনুভৱ কৰিলে ঘৰতে থাকিব, বেছি অসুস্থ হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
৫) কাহ বা হাঁচি মৰাৰ সময়ত মুখখন ঢাকি ৰাখিব।
এই ক্ষেত্ৰত সতৰ্ক হ'ব
১) শৰীৰটো অসুস্থ হ'লে আওকাণ নকৰিব ৰাজহুৱা স্থানলৈ নাযাব। আন অসুস্থ লোকৰ ঘনিষ্ঠ সংস্পৰ্শৰ পৰা বিৰত থাকিব।
২) লেতেৰা হাতৰে মুখখন স্পৰ্শ নকৰিব।
৩) মাস্ক বা বটলৰ দৰে ব্যক্তিগত সামগ্ৰীবোৰ আনক ব্যৱহাৰ কৰিবলৈ নিদিব।
৪) নিজকে আৰু আনক সুৰক্ষিত ৰাখিবলৈ স্থানীয় স্বাস্থ্য নিৰ্দেশনা অনুসৰণ কৰিব।
লগতে পঢ়ক-