/asomiyapratidin/media/media_files/2025/05/31/FN8Ie5Rg1H6Zc0X35HSq.jpg)
ডিজিটেল ডেস্ক: বাৰিষাৰ বৰষুণজাক কল্পনাতহে ধুনীয়া ! বাস্তৱত এই বৰষুণজাকে ভিন্নজনৰ বাবে ভিন্ন বিপদ কঢ়িয়াই আনে। এই বৰষুণৰ বাবে আমাৰ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হোৱা কৃত্ৰিম বানত অজস্ৰজনে হাৰাশাস্তি ভোগে। ৰোগীয়া হৈ পৰে বহুলোক। এই দিনকেইটাত বতৰৰ সৈতে মোকাবিলা কৰিবলৈ আমি আমাৰ খাদ্যৰ প্ৰতি সচেতন হোৱাটো খুব জৰুৰী। হয়, এই বৰষুণৰ দিনকেইটাত কেতবোৰ বিশেষ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আপুনি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।
সুস্থ হৈ থাকিবলৈ বাৰিষাত কি খাব ?
বতৰৰ ফল খাওঁক
এনে ফলবোৰত ঋতু উপযোগী বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। যাৰ বাবে এইসমূহ ফল দৈনিক খোৱাটো খুবেই দৰকাৰী। বিশেষকৈ, এই দিনকেইটাত আপেল, নাচপতি, ডালিম, লেচু আৰু কল খাব।
শৰীৰক পানী যোগান ধৰা খাদ্য
তীব্ৰ গৰমত ঘামি থকাৰ বাবে এই দিনকেইটাত শৰীৰত পানীৰ অভাৱ হয়। সেয়েহে, এনে বতৰত যথেষ্ট পৰিমাণে পানী খোৱাৰ লগতে আদা, জালুক, মৌ, পদিনা আৰু তুলসীৰ পাতৰ সৈতে বনৌষধি চাহ বনাই খাব। এনে পানীয়ই আপোনাক হাইড্ৰেটেড কৰি ৰখাই নহয়, আদা-জালুক-মৌ-পুদিনা-তুলসী আদিত থকা এন্টিবেক্টেৰিয়েল গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু কফি আৰু চাহ বেছিকৈ নাখাব। ইয়াৰ ফলত শৰীৰ ডিহাইড্ৰেটেড হয়।
লঘু, সতেজ খাদ্য
বাৰিষাৰ দিনত সদায় লঘু আৰু সতেজ খাদ্য খোৱাটো খুব জৰুৰী। গধুৰ খাদ্য হজম কৰাটো কঠিন। আনহাতে সতেজ খাদ্যই সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে। পাৰিলে ব্ৰাউন ৰাইচ, অ’টছ, আৰু বাৰ্লিৰ দৰে আঁহৰ উৎস থকা খাদ্য খাব।
সিজোৱা শাক-পাচলি
বাৰিষাৰ সময়ত কেঁচা শাক-পাচলিয়ে ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভাইৰাছ কঢ়িয়ায়। যিয়ে বিভিন্ন সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, এই দিনকেইটাত সিজোৱা শাক-পাচলি খাব লাগে। যদি সিজোৱা খাদ্য আপোনাৰ পছন্দৰ নহয়, তেন্তে শাক-পাচলিখিনি ভালদৰে সিজাই লৈ পাছত কম পৰিমাণে তেল দি সুস্বাদু কৰিব পাৰে। এনেকৈ ৰন্ধা শাক-পাচলি হজম কৰাত সহজ আৰু ৰন্ধা প্ৰক্ৰিয়াইও বেক্টেৰিয়াক ফলপ্ৰসূভাৱে আঁতৰাব পাৰে।
প্ৰ’বায়’টিক খাদ্য
দৈ আৰু কাঠবাদামৰ গাখীৰ (আলমণ্ড মিল্ক)ৰ দৰে প্ৰ’বায়’টিক সমৃদ্ধ খাদ্য খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰিলে ই পাচনত সহায় কৰে। এনে খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
তিতা
তিতা শাক-পাচলি যেনে তিতা কেৰালা, নিম আৰু মেথি গুটি আদি বনৌষধিবোৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়েহে তিতা বুলি এই খাদ্য নোখোৱাকৈ নাথাকিব।
কি ত্যাগ কৰিব ?
পানীযুক্ত খাদ্য
বাৰিষাৰ সময়ত পানীযুক্ত ফল বা শস্য খাব নালাগে। এই ফল-শস্যবোৰ বৰষুণত তিতিলে দূষিত হয়। যিয়ে, ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। তদুপৰি, পানী থকা খাদ্যই পেট ফুলা আৰু বদহজমৰ সৃষ্টি কৰিব পাৰে। কিয়নো এই সময়ছোৱাত পাচনতন্ত্ৰ অধিক সংবেদনশীল হোৱাৰ প্ৰৱণতা থাকে।
ষ্ট্ৰীট ফুড
পথৰ কাষৰ খাদ্য বহুতৰে বাবে প্ৰধান খাদ্য যদিও বাৰিষাৰ সময়ত এনে খাদ্যই আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে। আৰ্দ্ৰ পৰিস্থিতি আৰু বৰষুণৰ পানীৰ সংস্পৰ্শৰ বাবে বেক্টেৰিয়া আৰু অন্যান্য ৰোগ সৃষ্টিকাৰী জীৱাণুৱে এই খাদ্যসমূহ দূষিত কৰে। গেষ্ট্ৰাইটিছৰ সংক্ৰমণ আৰু খাদ্য বিষক্ৰিয়াৰ পৰা হাত সাৰিবলৈ ৰাস্তাৰ খাদ্য পৰিহাৰ কৰি তাৰ পৰিৱৰ্তে ঘৰতে ৰন্ধা খাদ্যৰ বাবে খাব।
টেঙা
টেঙা খাদ্যই পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিটো বাৰিষাৰ সময়ত আটাইতকৈ অতি সাধাৰণতে হয়। অধিক আৰ্দ্ৰতাই শৰীৰৰ পাচন ক্ষমতাত প্ৰভাৱ পেলায়। আনহাতে, টেঙা খাদ্য খালে এচিডিটি, বদহজম, অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। পেটটো স্থিৰ কৰি ৰাখিবলৈ মৃদু আৰু সহজে হজম হোৱা খাদ্য খোৱাটো ভাল।
ভজা-পোৰা খাদ্য
বৰষুণৰ বতৰত ভজা খাদ্য খাবলৈ সকলোৰে মন যায়। কিন্তু এইকেইটা দিনত ভজা খাদ্য খালে ই পাচনতন্ত্ৰৰ ক্ষতি কৰে। ভজা খাদ্যত অধিক চৰ্বি থাকে। যিয়ে হজম শক্তি লেহেমীয়া কৰে আৰু পেট ফুলা আৰু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।
নিমখ
অতিৰিক্ত নিমখ খালে শৰীৰত পানী জমা হৈ ফুলি উঠিব পাৰে। যিয়ে ৰক্তচাপ বৃদ্ধি কৰে। বাৰিষাৰ খাদ্যৰ অংশ হিচাপে নিমখৰ পৰিমাণ হ্ৰাস কৰিলে তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু এই সময়ছোৱাত অপ্ৰয়োজনীয় স্বাস্থ্যজনিত জটিলতাৰ পৰা হাত সাৰিব পাৰে।
সাগৰীয় খাদ্য
বাৰিষা সাধাৰণতে বহু ধৰণৰ মাছ আৰু অন্যান্য সাগৰীয় প্ৰাণীৰ প্ৰজননৰ সময়। যাৰ বাবে ইহঁত দূষিত হৈ সংক্ৰামক হয়। এই বতৰত সাগৰীয় খাদ্য খালে খাদ্যজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
সেউজীয়া পাতযুক্ত পাচলি
কেঁচা পাতযুক্ত শাক-পাচলিত ধূলি-বালি, বেক্টেৰিয়া আৰু অন্যান্য ৰোগ সৃষ্টিকাৰী জীৱাণু থাকিব পাৰে। যিবোৰ সম্পূৰ্ণৰূপে ধুই পেলোৱাটো কঠিন। সেয়েহে, এইসমূহ খালে পেটৰ সংক্ৰমণ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
উল্লেখ্য যে, বাৰিষাত সুস্থ হৈ থাকিবলৈ কেৱল সঠিক খাদ্যাভ্যাসেই নহয়, আমাৰ ঘৰৰ চৌপাশো পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে। আনহাতে, খাদ্য খোৱাৰ আগতে ভালদৰে হাত আৰু ৰন্ধাৰ আগতে শাক-পাচলিবোৰ ভালদৰে ধুব লাগে।