ভুক্তভোগীয়েহে জানে মাইগ্ৰেনৰ ভয়াৱহতা ! এই ৰোগৰ কাৰণ, লক্ষণ জানি সচেতন হওঁক

মাইগ্ৰেইনৰ যাতনা কি, সেয়া কেৱল ভুক্তভোগীসকলহে জানে।মাইগ্ৰেনৰ ফলত মূৰৰ আধা অংশত অসহনীয় বিষ হয়। চাপ, বতৰৰ পৰিৱৰ্তন, উদ্বেগ, টেনচন, টোপনিৰ অভাৱৰ বাবে আজিকালি মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ'বলৈ ধৰিছে।

author-image
Asomiya Pratidin
New Update
ভুক্তভোগীয়েহে জানে মাইগ্ৰেনৰ ভয়াৱহতা ! এই ৰোগৰ কাৰণ, লক্ষণ জানি সচেতন হওঁক

ডিজিটেল ডেস্ক: মাইগ্ৰেইনৰ যাতনা কি, সেয়া কেৱল ভুক্তভোগীসকলহে জানে।মাইগ্ৰেনৰ  ফলত মূৰৰ আধা অংশত অসহনীয় বিষ হয়। চাপ, বতৰৰ পৰিৱৰ্তন, উদ্বেগ, টেনচন, টোপনিৰ অভাৱৰ বাবে আজিকালি মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ'বলৈ ধৰিছে।ভুল খাদ্যভাসো মাইগ্ৰেইনৰ অন্যতম কাৰণ। শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে, পুৰুষতকৈ মহিলাসকল অধিকভাৱে মাইগ্ৰেনত ভোগে।

Advertisment

মাইগ্ৰেনৰ কাৰণ-

ভুল আহাৰ, নিয়মীয়া চাপ, পৰিৱেশৰ পৰিৱৰ্তন, হৰমনৰ পৰিৱৰ্তন বা কম টোপনি মাইগ্ৰেইনৰ মুখ্য কাৰণ। হতাশা, উদ্বেগ বিকাৰ, চাপ হৈছে মাইগ্ৰেইনৰ ফলত হোৱা মানসিক ৰোগ। ভাৰতত পুৰুষতকৈ তিনিগুণ বেছিকৈ মহিলা মাইগ্ৰেণত আক্ৰান্ত হয়।

মাইগ্ৰেইনৰ লক্ষণ-

-মূৰৰ অসহ্য বিষ।

- ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মূৰত গধুৰতা আৰু তীব্ৰ বিষ অনুভৱ।

-বমি

- মূৰৰ একে অংশত নিৰন্তৰ বিষ।

- চকুত বিষ আৰু গধুৰতা।

- উজ্জ্বল পোহৰ আৰু শব্দৰ সৈতে সমস্যা।

-হঠাতে কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ অনুভৱ কৰা।

- ভালদৰে শুব নোৱাৰা।

-সঘনাই প্ৰস্ৰাৱ।

কিয় এই ৰোগত বেছিকৈ আক্ৰান্ত হয় মহিলা ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হৰমনৰ পৰিৱৰ্তনে মাইগ্ৰেইনৰ আশংকা বৃদ্ধি কৰে। তদুপৰি, চাপ, হতাশা, উদ্বেগ, আৰু উত্তেজনাৰ দৰে স্থিতিয়ে মাইগ্ৰেইন বৃদ্ধি কৰে।বহু মহিলাই মূৰ বিষালে সাধাৰণ মূৰৰ বিষ বুলি উপেক্ষা কৰে।যাৰ ফলত পৰৱৰ্তী সময়ত এই বিষ অসহনীয় হৈ পৰে। 

মাইগ্ৰেইনৰ চিকিৎসা

-যোগ আৰু নিয়মীয়া ব্যায়ামে মাইগ্ৰেইন হ্ৰাস কৰাত সহায় কৰে।

- অতি উজ্জ্বল আৰু তীক্ষ্ণ পোহৰ পৰিহাৰ কৰিব।

- এক সন্তুলিত ৰুটিন অনুসৰণ কৰিও মাইগ্ৰেনৰ পৰা বাচি থাকিব পাৰি।

- সময়মতে ৰাতি বিচনালৈ যাব আৰু সময়মতে ৰাতিপুৱা উঠিব।

- বেছি সময় ভোকত নাথাকিব।

- মাইগ্ৰেইনৰ সময়ত ফোন বা লেপটপ ব্যৱহাৰ নকৰিব।

এইসমূহ দিশত মন দিলেই আপুনি মাইগ্ৰেনৰ যাতনাৰ পৰা বাচি থাকিব পাৰিব।ইয়াৰ পাছতো যদি আপোনাৰ বিষ নকমে, তেন্তে শীঘ্ৰে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: সাৱধান ! অসংখ্য গুৰুতৰ ৰোগৰ কাৰণ মেয়নিজ