সাৱধান ! অসংখ্য গুৰুতৰ ৰোগৰ কাৰণ মেয়নিজ

সাৱধান ! অসংখ্য গুৰুতৰ ৰোগৰ কাৰণ মেয়নিজ
Published on
Updated on

ডিজিটেল ডেস্ক: আজিৰ সময়ত মেয়নিজৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। আমি সকলোয়ে বাৰ্গাৰ, ছেণ্ডউইচ বা অন্যান্য জাংক ফুডৰ সৈতে মেয়নিজ খাওঁ।যিদৰে ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, একেদৰে কিন্তু স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰে। হয়, মেয়নিজক বগা বিহ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। আজি মেয়নিজৰ ভয়াৱহতাৰ বিষয়ে জানো আহক-

আৰ্থ্ৰাইটিছৰ বিপদাশংকা

অত্যাধিক মেয়নিজ খালে আপুনি আৰ্থ্ৰাইটিছত আক্ৰান্ত হ’ব পাৰে। ইয়াত যথেষ্ট অমেগা-৬ ফেটি এচিড থাকে। যাৰ বাবে মেয়নিজ খালে শৰীৰত ৰিউমেটইড আৰ্থ্ৰাইটিছৰ দৰে অটোইমিউন ৰোগৰ আশংকা বৃদ্ধি হয়।সেয়েহে, যদি পাৰে মেয়নিজ পৰিহাৰ কৰিব।

কৰ্কট ৰোগৰ বিপদাশংকা

মেয়নিজ ছ'য়াবিন তেল, কৰ্ণ তেল তথা আন বহু বেলেগ বেলেগ তেলৰ পৰা তৈয়াৰ কৰা হয়। এই সকলোবোৰতে অমেগা ৬ আৰু চৰ্বি পোৱা যায়। তদুপৰি, মেয়নিজ যথেষ্ট সংসাধিত। ই হৃদৰোগ, কিছুমান কৰ্কট ৰোগ, প্ৰকাৰ ২ডায়বেটিচ আৰু অষ্টিওপোৰোচিছৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি কৰে।

মেদবহুলতাৰ সমস্যা

ঘণ্টাৰ পাছত ঘণ্টা ব্যয়াম কৰা বা জিমলৈ যোৱাৰ পাছতো যদি আপোনাৰ শৰীৰৰ একো পাৰ্থক্য দেখা পোৱা নাই, তেনেহ'লে আপুনি আপোনাৰ আহাৰৰ প্ৰতি মনোযোগ দিব লাগিব। ইয়াৰ কাৰণ হৈছে মেয়নিজ। মেয়নিজ খাবলৈ ভাল পোৱা লোকসকলৰ ওজন হ্ৰাস কৰাটো কঠিন। মেয়নিজত কেলৰি যথেষ্ট পৰিমাণে পোৱা যায়।

ৰক্তচাপৰ সমস্যা

মেয়নিজত অমেগা-৬ ফেটি এচিড থাকে। যাৰ বাবে ইয়াক অত্যাধিক খালে এজন ব্যক্তিৰ উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকাও বৃদ্ধি হয়।

খাদ্যৰ বিষক্ৰিয়া

কিছুমান মেয়নিজ যিকোনো এচিডিকৰ সৈতে কেঁচা কণী মিহলি কৰি তৈয়াৰ কৰা হয়।যাৰ বাবে মেয়নিজ দীঘলীয়া সময়ৰ বাবে ৰখাৰ বাবে ইয়াত চালমোনেলা বেক্টেৰিয়াৰ জন্ম হয়। ফলত খাদ্যৰ বিষক্ৰিয়া যেনে, পেটৰ বিষ, জ্বৰ, বমি, ডায়েৰিয়া হ'ব পাৰে।তদুপৰি, অত্যাধিক মেয়নিজ খোৱাৰ ফলত শৰীৰত ছডিয়ামৰ পৰিমাণো বৃদ্ধি হয়।

হৃদৰোগৰ আশংকা

মেয়নিজ খালে হৃদৰোগৰ আশংকাও বৃদ্ধি হয়। এক চামুচ মেয়নিজত প্ৰায় ১.৬ গ্ৰাম সংপৃক্ত চৰ্বি থাকে। এনে পৰিস্থিতিত, যদি আপুনি অধিক মেয়নিজ খায়, ই কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে। শৰীৰত উচ্চ কলেষ্টেৰলে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি

শৰীৰে অত্যাধিক মেয়নিজ গ্ৰহণ কৰিলে ই ৰক্ত শৰ্কৰাৰ স্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে। যদি মেয়নিজ এক নিৰ্দিষ্ট পৰিমাণত গ্ৰহণ কৰা হয়, ই শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰক বেছি প্ৰভাৱিত নকৰে।

সাৱধান ! অসংখ্য গুৰুতৰ ৰোগৰ কাৰণ মেয়নিজ
আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in