দৈনিক মাত্ৰ ২০ মিনিট সময় ধ্যান কৰিলেই হ্ৰাস হয় বহু ৰোগৰ আশংকা

ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ বাবে সময় উলিওৱাটো এতিয়া খুবেই কঠিন হৈ পৰিছে।যাৰ ফলত আমাৰ শৰীৰটোক চাপ, উদ্বেগ তথা বিভিন্ন প্ৰকাৰৰ ৰোগে আৱৰি ধৰিছে।অ্যাধিক চাপৰ ফলত পাচন তন্ত্ৰৰ অৱনতি হোৱাৰ লগতে এচিডিটি, মেদবহুলতা, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যা হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
দৈনিক মাত্ৰ ২০ মিনিট সময় ধ্যান কৰিলেই হ্ৰাস হয় বহু ৰোগৰ আশংকা

ডিজিটেল ডেস্ক: ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ বাবে সময় উলিওৱাটো এতিয়া খুবেই কঠিন হৈ পৰিছে।যাৰ ফলত আমাৰ শৰীৰটোক চাপ, উদ্বেগ তথা বিভিন্ন প্ৰকাৰৰ ৰোগে আৱৰি ধৰিছে।অ্যাধিক চাপৰ ফলত পাচন তন্ত্ৰৰ অৱনতি হোৱাৰ লগতে এচিডিটি, মেদবহুলতা, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যা হ'ব পাৰে। এই সকলোবোৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি কেৱল মাত্ৰ এটা উপায় অৱলম্বন কৰিব পাৰে।সেয়া হৈছে ধ্যান কৰা। পুৱা দৈনিক মাত্ৰ ২০ মিনিট সময় ধ্যান কৰি আপুনি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। আজি ধ্যানৰ লাভালাভ সমূহৰ বিষয়ো জানো আহক-

Advertisment

চাপ হ্ৰাস

ৰাতিপুৱা ধ্যান কৰিলে গোটেই দিনটোৰ বাবে আপুনি চাপমুক্ত হৈ থাকিব পাৰে।দিনটো ধ্যানৰ দ্বাৰা আৰম্ভ কৰাটো অতি লাভজনক বুলি বিবেচনা কৰা হয়। ৰাতিপুৱা ধ্যানে চাপৰ স্তৰ হ্ৰাস কৰে। ফলত আপোনাৰ উদ্বেগ হ্ৰাস হোৱাৰ লগতে যিকোনো সিদ্ধান্ত সহজে ল'বলৈ সক্ষম হ'ব।

মনটো শান্ত হয় 

মাত্ৰ ২০ মিনিটৰ ধ্যানে আপোনাৰ যথেষ্ট মানসিক শান্তি প্ৰদান কৰিব। ই আপোনাৰ মগজু নিৰপেক্ষ ৰাখে আৰু আন কামবোৰ ভালদৰে কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই গোটেই দিনটোৰ উদ্বেগ আৰু খং আঁতৰ কৰে। 

হাঁওফাঁও শক্তিশালী হয়

ধ্যান কৰিলে হাঁওফাঁওয়ে ভালদৰে কাম কৰিবলৈ সক্ষম হয়। যদি আপোনাৰ ব্ৰংকাইটিছ আৰু নিউমোনিয়াৰ দৰে সমস্যা আছে, তেন্তে ধ্যান কৰাৰ ফলত ই আপোনাৰ হাঁওফাঁও শক্তিশালী কৰিব। আপোনাৰ হাঁওফাঁওৰ কাৰ্যকলাপ দ্ৰুত কৰাতো ধ্যান যথেষ্ট সহায়ক।

পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে

ধ্যানক শৰীৰৰ ফুলা আৰু পেট সম্পৰ্কীয় সমস্যাৰ বাবেও অতি ভাল বুলি গণ্য কৰা হয়। ই আপোনাৰ পাকস্থলীৰ বিপাকীয় হাৰ বৃদ্ধি কৰে লগতে পাকস্থলী ফুলা সমস্যা আৰু পাচন এনজাইম নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ধ্যানে গেছ এচিডিটি আঁতৰ কৰাত সহায় কৰে। 

শক্তি বৃদ্ধি কৰা 

ধ্যান কৰাৰ ফলত মনটো পৰিস্কাৰ হয় আৰু আপোনাক বহুত উদ্যমী অনুভৱ কৰায়। ই আপোনাৰ ভেগাছ স্নায়ুক উদ্দীপিত কৰে, যি আপোনাৰ শৰীৰত ইতিবাচক আৱেগ বৃদ্ধি কৰে আৰু শৰীৰটোক শক্তিশালী কৰি ৰখাত সহায় কৰে।

Also Read: সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'বলৈ এইদৰে কৰক ছালৰ পৰিচৰ্যা