এনেদৰে চুলিৰ যত্ন লৈ আত্মবিশ্বাসী হৈ থাকক

এনেদৰে চুলিৰ যত্ন লৈ আত্মবিশ্বাসী হৈ থাকক

ডিজিটেল ডেস্ক: বয়স হোৱাৰ লগে লগে মহিলাৰ শৰীৰত বহুতো পৰিৱৰ্তন হয়। তেওঁলোকে বহু প্ৰকাৰৰ স্বাস্থ্য সমস্যাৰ সৈতেও মোকাবিলা কৰিব লগা হয়।ইয়াৰ ভিতৰত অন্যতম হৈছে চুলি পকা সমস্যা।বয়স হোৱাৰ লগে লগে মহিলাসকলে চুলিৰ যত্ন লোৱাত হেমাহি কৰে, যাৰ ফলত চুলি দুৰ্বল হ'বলৈ আৰম্ভ কৰে। আজি আমি আপোনাক কিছুমান উপায়ৰ বিষয়ে জনাম, যাৰ সহায়ত মহিলাসকলে বৰ্ধিত বয়সৰ সৈতে তেওঁলোকৰ চুলিৰ যত্ন ল'ব পাৰে।এই বিষয়ে জানো আহকছোন-

পৰিষ্কাৰ চুলি 

বয়স যিয়েই নহওঁক চুলিৰ বাবে বিশেষ যত্ন সদায়েই প্ৰয়োজন। চুলি ভালকৈ ৰাখিবলৈ ভালদৰে ধুব লাগে। বিশেষকৈ যদি আপোনাৰ চুলি শুকান বা তেলেতীয়া হয়, তেন্তে আপুনি বেছি সাৱধান হ'ব। দৈনিক তেলেতীয়া চুলি নধুব। আপুনি সপ্তাহত তিনি বাৰ তেলেতীয়া চুলি ধুব পাৰে। একে সময়তে, যদি আপোনাৰ চুলি শুকান হয়, তেন্তে সপ্তাহত মাত্ৰ দুবাৰহে চুলি ধুব।

চুলিত ‘হিট’

২০ বছৰ পাৰ কৰাৰ পাছত চুলিত গৰম লগাকৈ একো সঁজুলি ব্যৱহাৰ নকৰিব।এই বয়সত চুলি দুৰ্বল হয় আৰু গৰম কৰিলে ক্ষতি হ'ব পাৰে। চুলিত বেছিকৈ গৰম লগালে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাও নাইকিয়া হ'বলৈ আৰম্ভ কৰে।সেয়েহে, চুলিত প্ৰাকৃতিক বস্তুৰে পুষ্টি প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে। 

অত্যাধিক চেম্পু ব্যৱহাৰ 

চুলিৰ অত্যাধিক ছেম্পু কৰাৰ ফলতো ইয়াৰ অৱনতি ঘটে।ছেম্পুত থকা ৰাসায়নিক পদাৰ্থই চুলি নষ্ট কৰিব পাৰে। সেয়েহে চুলিত অত্যাধিক চেম্পু ব্যৱহাৰ কৰা পৰিহাৰ কৰিব। ইয়াৰ বাহিৰেও চুলি চিধা কৰা, ‘কাৰ্ল’ কৰোতেও অলপ সাৱধানে কৰিব লাগে। অলপ বয়স হোৱাৰ পাছত এইবোৰ কৰাটোৱে আপোনাৰ চুলি নষ্ট কৰিব পাৰে। 

তেল প্ৰয়োগ

বয়স হোৱাৰ লগে লগে মহিলাসকলে চুলিত তেল প্ৰয়োগ কৰা বন্ধ কৰে। যাৰ ফলত চুলি ক্ষতিগ্ৰস্ত হ'ব পাৰে। কাৰণ তেলতকৈ ভাল প্ৰাকৃতিক চুলিৰ ‘টনিক’ আৰু একো নাই। বিশেষকৈ আপুনি চুলিত নাৰিকল তেল, বাদাম তেল আৰু আমলখি তেল প্ৰয়োগ কৰিব পাৰে। তেলে আপোনাৰ চুলি গুৰিৰ পৰা শক্তিশালী কৰে।সেয়েহে, সপ্তাহত কমেও এবাৰ চুলিত তেল প্ৰয়োগ কৰিব। 

'হাইড্ৰেটেড' চুলি

বৰ্ধিত বয়সৰ সৈতে চুলি ‘হাইড্ৰেটেড’ ৰখাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো বয়স বৃদ্ধি হোৱাৰ লগে লগে ছাল আৰু মূৰৰ ছাল দুয়োটাতে বহুতো পৰিৱৰ্তন হয়, যিয়ে চুলিক প্ৰভাৱিত কৰে। যদি আপোনাৰ চুলি অত্যাধিক ‘ফ্ৰিজি’ হৈ আছে তেনেহ'লে ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ শৰীৰ ‘হাইড্ৰেটেড’ নহয়। এনে পৰিস্থিতিত আপুনি সঠিক পৰিমাণৰ পানী খোৱা প্ৰয়োজন। আপুনি আপোনাৰ চুলি নাৰিকল পানীৰে ধুব পাৰে আৰু ‘লিভ-ইন’ কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰে।

skynesher
এনেদৰে চুলিৰ যত্ন লৈ আত্মবিশ্বাসী হৈ থাকক
এই সমূহ খাদ্য খাই জীৱনটো উপভোগ কৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in