/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c911a0b0-9bb2-494d-bee8-473c86775f37/AP_FOR_WEB_long_live.jpg)
ডিজিটেল ডেস্ক: ব্যস্ততাপূৰ্ণ সময়সূচীৰ বাবে এতিয়া আমাৰ সকলোৰে জীৱনশৈলীৰ অৱনতি ঘটিছে।যাৰ ফলত আমাৰ বয়স গড় আযুসতকৈ বহুগুণে হ্ৰাস পাবলৈ ধৰিছে। ইয়াৰ মূলতে হৈছে আমাৰ খাদ্য।খাদ্যৰুচি সঠিক নোহোৱাৰ ফলস্বৰূপে ৰোগবোৰে আমাৰ শৰীৰক আগুৰি ধৰে।ফলত বহু কম বয়সতে বহুলোকে এই পৃথিৱী চিৰকালৰ বাবে এৰিবলগীয়া হৈছে।কিন্তু কিছুমান খাদ্যই আপোনাক এই অনাকাংক্ষিত সমস্যাৰ পৰা মুক্তি দিব পাৰে।হয়, আজি এনে খাদ্যবোৰৰ বিষয়ে জানো আহক-
ছিয়া ছিডছ (ছিয়া বীজ)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/90745886-517a-4785-85e2-75b1e932f8a9/suf82rkg_chia_seeds_625x300_13_July_18.webp)
ছিয়া ছিডছ অমেগা ৩ এচিড, যথেষ্ট প্ৰ'টিন আৰু আঁহসমৃদ্ধ।ছিয়া ছীডয়ে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও ই বহু উপকাৰী। গতিকে জীৱনটো যদি দীঘলীয়াকৈ উপভোগ কৰিবলৈ বিছাৰে, ইয়াক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ নাপাহৰিব।
দৈ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/98942ce3-7928-4555-9dbd-7c01c75de332/curd.jpg)
দৈয়ে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে। সেয়েহে দৈক উত্তম আহাৰ বুলি গণ্য কৰা হয়। সদায় দৈ খোৱা আৰম্ভ কৰক আৰু সুস্থ হৈ থাকক।
সেউজীয়া শাক পাচলি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/18caf4b8-b716-4a1a-ba02-116e3fc2923a/veg.jpg)
সেউজীয়া শাক-পাচলিবোৰ এণ্টি-অক্সিডেণ্টেৰে সমৃদ্ধ। ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আপোনাৰ শৰীৰক ৰোগৰ পৰা সুৰক্ষিত ৰাখে।
অলিভ অইল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5ddfaea0-18b5-48fe-b755-d5d2e8ec465f/download__1_.jpg)
অলিভ অইল বা জলফাই তেলো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই ৰক্তচাপ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত যথেষ্ট সহায়ক।
হালধি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1539822b-8672-428b-a2f3-1bb4c416111c/turmeric.jpg)
হালধিৰ প্ৰদাহ প্ৰতিৰোধী গুণাগুণ আছে যি আলঝেইমাৰ আৰু কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। সেয়ে হালধিকো আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক।
কফি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/33d94a5d-15dd-4348-becf-f7cc1b444dac/download.jpg)
বহুতো অধ্যয়নত ইতিমধ্যে প্ৰমাণিত হৈছে যে কফিয়ে দীৰ্ঘম্যাদী ৰোগৰ আশংকা হ্ৰাস কৰে। কিন্তু ইয়াক সঠিক পৰিমাণত গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
ইয়াৰ বাহিৰেও আপোনাৰ আহাৰত আভাকাডো, ব্লু বেৰী, এমুঠি বাদাম, নহৰু, আদা, বিভিন্ন ফলৰ ৰস আদি অন্তৰ্ভুক্ত কৰি আপুনি শৰীৰটোক ৰোগ মুক্ত কৰি ৰাখিব পাৰে।তদুপৰি, দৈনিক যথেষ্ট পৰিমাণে পানী খাব যাতে বিষাক্ত উপাদানবোৰ আপোনাৰ শৰীৰৰ পৰা ওলাই যায়।সেয়ে, যদি আপুনি গোটেই জীৱন স্বাস্থ্যৱান হৈ থাকিব বিচাৰে, তেন্তে সদায় স্বাস্থ্যকৰ খাদ্য খাব আৰু দিনটোত কিছু সময় উলিয়াই ব্যায়াম,যোগ তথা খোজ কঢ়িব।
Also Read: Weight Loss Tips: জীৱনশৈলীত মাত্ৰ এইকেইটা পৰিৱৰ্তন আনক