ইউৰিক এচিডৰ ৰামবান এইসমূহ, পিছে খাব কেনেকৈ ?

আজিৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে ইউৰিক এচিড বৃদ্ধি হোৱাটো সাধাৰণ সমস্যা হৈ পৰিছে। ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰত বহুতো সমস্যা হ’ব পাৰে। ইয়াৰ  ভিতৰত বাত বিষ, গাঁঠিৰ বিষ, গাঠি ফুলা আৰু কিডনী বা বৃক্ক সম্পৰ্কীয় সমস্যা অন্যতম।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
2৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪

ডিজিটেল ডেস্কঃ আজিৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে ইউৰিক এচিড বৃদ্ধি হোৱাটো একেবাৰে সাধাৰণ সমস্যা হৈ পৰিছে। ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰত বহু সমস্যা হ’ব পাৰে। ইয়াৰ  ভিতৰত বাত বিষ, গাঁঠিৰ বিষ, গাঠি ফুলা আৰু কিডনী বা বৃক্ক সম্পৰ্কীয় সমস্যা অন্যতম। এই শাৰিৰীক সমস্যাত গাঁঠিত অধিক প্ৰভাৱ পৰে। কেতিয়াবা পৰিস্থিতি ইমান বেয়া হৈ পৰে যে, খোজ কঢ়াটোও টান হৈ পৰে। কিন্তু, কিছুমান প্ৰাকৃতিক প্ৰতিকাৰ আৰু ঔষধি পাতে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰিব পাৰে। সেই পাতবোৰ হৈছে-

Advertisment

তুলসী পাত

তুলসীৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। যিয়ে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে। তুলসীৰ পাত পানীত সিজাই চাহৰ দৰে খালে শৰীৰ বিষমুক্ত হয়

পুদিনা পাত

পুদিনাই শৰীৰক বিষমুক্ত কৰা আৰু ইউৰিক এচিড নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে। পদিনা পাতৰ পৰা ৰস উলিয়াই কুহুমীয়া পানীৰ লগত মিহলাই খালে, হজম শক্তিও উন্নত হয়।

অমৰলতা পাত

আয়ুৰ্বেদত আমৰলতা বা গিলয়ক 'শৰীৰ শুদ্ধিকৰ' বুলি গণ্য কৰা হয়। ইউৰিক এচিডৰো ই ৰামবান। গিলয়ৰ পাত পানীত সিজাই তাৰ ৰস উলিয়াই ৰাতিপুৱা খালী পেটত খাব।

নিম পাত

নিমৰ বিষমুক্তকৰণ গুণ আছে, যিয়ে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰোৱাত সহায় কৰে। নিমৰ পাত পিছি পানীত মিহলাই দিনে এবাৰকৈ খাব।

ধনীয়া পাত

ধনীয়া পাতে কিডনী বা বৃক্কৰ কাম-কাজ উন্নত কৰে। যাৰ ফলত শৰীৰৰ পৰা ইউৰিক এচিড আঁতৰোৱাত সহায় কৰে। সেয়েহে,  ধনীয়া পাতৰ ৰস উলিয়াই সেৱন কৰিব।

ইউৰিক এচিড হ্ৰাস কৰাৰ আন উপায়

১) পানী বেছিকৈ  খাব, যাতে শৰীৰৰ পৰা অতিৰিক্ত ইউৰিক এচিড আঁতৰাব পাৰে।

২) প্ৰ'টিন আৰু ৰঙা মাংস কমকৈ খাব। পাৰিলে নাখাব। কিয়নো এইসমূহ খাদ্যই ইউৰিক এচিড বৃদ্ধি কৰে। 

৩) নিয়মিতভাৱে ব্যায়াম কৰিব। যাতে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা সুষম হৈ থাকে। 

যদি আপুনি প্ৰাকৃতিকভাৱে ইউৰিক এচিড হ্ৰাস কৰিবলৈ বিচাৰে, তেন্তে এই ঔষধি পাত গ্ৰহণ কৰিলে আপোনাক ঔষধৰ দৰে কাম দিব।