/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ee46882-7b5b-4bdb-aa87-6b8c11cf4985/131.jpg)
গোলাঘাট জিলাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...
ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই'' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচী অনুসৰি শুকুৰবাৰে প্ৰথমটো কেন্দ্ৰ গোলাঘাট জিলাৰ বৰপোলং উপৰডেঙাত অনুষ্ঠিত হয় । এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b0b4ae82-1673-485f-b53c-11689043df51/f8db642c-dfe3-49ba-a030-f52f323ae962.jpg)
আজিৰ এই কাৰ্যসূচীত অঞ্চলটোৰ ২৮৮গৰাকী মাতৃ আৰু তেঁওলোকৰ কেঁচুৱাই অংশগ্ৰহণ কৰে। একদৰে আজিৰ কাৰ্যসূচীৰ দ্বিতীয়টো কেন্দ্ৰ গমাৰিগুৰি মেৰাপানীত অনুষ্ঠিত হয়। অঞ্চলটোৰ ২৬৪গৰাকী মাতৃ আৰু তেঁওলোকৰ কেঁচুৱাই অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b0971007-bd27-45f1-b870-cd6ec33afa6e/4fcd8da4-3844-4f51-8d1c-cc20b643586b.jpg)
একেদৰে তৃতীয়টো কেন্দ্ৰ গোলঘাট জিলাৰে ফৰকাটিঙত অনুষ্ঠিত হয়। ইয়াতো বুজন সংখ্যক লোকে অংশগ্ৰহণ কৰে। ২৪০গৰাকী মাতৃ আৰু তেঁওলোকৰ কেঁচুৱাই অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7dadbffe-5cd9-4cc5-b7d9-b4ad74c16337/927fb043-93b9-4df6-b653-20e0f284d940.jpg)
অনুষ্ঠানত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া চনিতা বৰা, জয়ন্ত চাংমাই আৰু শিখা দুৱাৰা উপস্থিত থাকে। লগতে আটাইকেইগৰাকীয়ে বিষয়ববীয়াই শিশুযত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তন্যপান, খাদ্য, ময়েশ্চাৰাইজিং, ডায়পাৰ সলনি কৰা, কেঁচুৱাৰ বাৰ্তা প্ৰেৰণৰ লগতে গৰমৰ দিনত কিদৰে শিশুৰ যত্ন লোৱাৰ প্ৰয়োজন এই বিষয়ে বিষদভাৱে বৰ্ণনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3689d6c3-9358-400a-a5bc-aca72b3c2930/9f869ac4-2bb6-4143-82e5-fccafa8755c0.jpg)
Johnson'sৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/730f84d6-857e-4838-b605-7855b6f67bad/59a0d49b-f9d3-4b6e-8c9f-ed20cc4a3417.jpg)
Also Read: নগাঁও আৰু কাৰ্বি আংলঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...