নগাঁও আৰু কাৰ্বি আংলঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

নগাঁও আৰু কাৰ্বি আংলঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
নগাঁও আৰু কাৰ্বি আংলঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই'' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচী বুধবাৰে প্ৰথমটো কেন্দ্ৰ নগাঁও জিলাৰ খাজৰিজান এ ডব্লিঅ চি ধিঙত অনুষ্ঠিত হয় । এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায়।

Advertisment

আজিৰ এই কাৰ্যসূচীত অঞ্চলটোৰ ২৮০গৰাকী মাতৃ আৰু তেঁওলোকৰ কেঁচুৱাই অংশগ্ৰহণ কৰে। একদৰে আজিৰ কাৰ্যসূচীৰ দ্বিতীয়টো কেন্দ্ৰ কাৰ্বি আংলং জিলাৰ হাতীখুলিত অনুষ্ঠিত হয়। হাতীখুলিত ২৬৫গৰাকী মাতৃ আৰু তেঁওলোকৰ কেঁচুৱাই অংশ লয়।

অনুষ্ঠানত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া জ্যোতিপ্ৰসাদ বেজবৰুৱা, মিনতি দেৱী, গায়ত্ৰী তামুলী আৰু স্মৃতিৰেখা হাজৰিকা উপস্থিত থাকে। লগতে আটাইকেইগৰাকীয়ে বিষয়ববীয়াই শিশুযত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তন্যপান, খাদ্য, ময়েশ্চাৰাইজিং, ডায়পাৰ সলনি কৰা, কেঁচুৱাৰ বাৰ্তা প্ৰেৰণৰ লগতে গৰমৰ দিনত কিদৰে শিশুৰ যত্ন লোৱাৰ প্ৰয়োজন এই বিষয়ে বিষদভাৱে বৰ্ণনা কৰে।

আজিৰ Johnson'sৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী

Also Read: আমিনগাঁৱত প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Johnson's