/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/394263cf-05ee-4107-ba3c-c3825aeddd55/WhatsApp Image 2024-07-29 at 6.31.02 PM.jpeg)
ডিজিটেল ডেস্ক: মহিলাসকলৰ মাজত সুৰাপান কৰাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। যিটো সাম্প্ৰতিক সময়ত এটা ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে। মহিলা সুৰাপায়ীৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কিন্তু সজাগতা, সমৰ্থন আৰু এক স্বাস্থ্যকৰ জীৱনশৈলীৰ জৰিয়তে এই সমাস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰি।
সমাজৰ পৰিৱৰ্তনশীল প্ৰৱণতা আৰু মহিলাৰ স্বাধীনতা বৃদ্ধিৰ বাবে সুৰা সেৱন এক সাধাৰণ সামাজিক কাৰ্যকলাপ হৈ পৰিছে। পশ্চিমীয়া জীৱনশৈলী আৰু বিশ্বায়নৰ প্ৰভাৱো ইয়াৰ অন্যতম কাৰণ। একে সময়তে, কৰ্মৰত মহিলাসকলৰ জীৱনত চাপ বৃদ্ধি হোৱাৰ বাবেও তেওঁলোকৰ মাজত সুৰা সেৱনৰ প্ৰৱণতা বৃদ্ধি পাইছে।
বহুসময়ত মহিলাসকলে বন্ধু আৰু সহকৰ্মীৰ হেঁচাত সুৰা সেৱন কৰা আৰম্ভ কৰিব পাৰে। পাৰ্টী তথা সামাজিক অনুষ্ঠানবোৰত সুৰা সেৱন কৰাটো এতিয়া অধিকাংশৰ বাবেই এটা সাধাৰণ অভ্যাস হৈ পৰিছে। যিয়ে স্পষ্ট কৰে যে বিগত বছৰবোৰত মহিলাসকলৰ মাজত সুৰাপান বৃদ্ধি পাইছে। ২০১৯ৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰায় ২.৯% মহিলা আৰু ২৯.২% পুৰুষে সুৰা সেৱন কৰে। এই পৰিসংখ্যা অনুসৰি মহিলাৰ হাৰ কম যদিও সম্প্ৰতি এয়া অভাৱনীয় হাৰত বৃদ্ধি হৈ আছে।
স্বাস্থ্যত প্ৰভাৱ
-মহিলাৰ সুৰাপানে যকৃতৰ চিৰোচিছ আৰু যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।
- দীৰ্ঘম্যাদী সুৰাপান কৰিলে হৃদৰোগ হ'ব পাৰে।
- সুৰায়ে মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগ আৰু অন্যান্য প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে।
- সুৰাপানে মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰে।
- সুৰাৰ আসক্তি এক গুৰুতৰ মানসিক স্বাস্থ্য সমস্যা হৈ পৰিব পাৰে।
সুৰাৰ পৰা দূৰত থকাৰ উপায়
মহিলাসকলক সুৰাৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগ কৰাটো প্ৰয়োজনীয়।ইয়াৰ বাবে বিদ্যালয় আৰু কৰ্মক্ষেত্ৰত সজাগতা কাৰ্যসূচী আয়োজন কৰিব পাৰি।তদুপৰি, পেছাদাৰী পৰামৰ্শ আৰু চিকিৎসাৰ সহায়ত সুৰাৰ অভ্যাস এৰি দিব পাৰি।
সলনি কৰক জীৱনশৈলী
সুৰাৰ সলনি এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক। দৈনিক ব্যায়াম, যোগ, ধ্যান, ভাল টোপনি, পুষ্টিকৰ আহাৰ আৰু হাইড্ৰেচন বৃদ্ধি কৰাত গুৰুত্ব দিব। এলকহলিক এনোনিমাছ (এ.এ.)ৰ দৰে গোটত যোগদান কৰাটোও সুৰাপায়ীৰ বাবে লাভজনক হ'ব পাৰে। য'ত একে ধৰণৰ অভিজ্ঞতা থকা লোকসকলে ইজনে সিজনক এই অভ্যাসৰ পৰা হাত সৰাত সহায় কৰিব পাৰে।
Also Read: আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা