শৰীৰটোক প্ৰাধান্য দিব, অন্যথা বিপদ অনিবাৰ্য

শৰীৰ-মন সুস্থ ৰখাত ব্যায়ামৰ ভূমিকা অপৰীসীম।বহু লোক এনে আছে, যি ব্যায়ামৰ প্ৰতি আসক্ত।তেওঁলোকে অসুস্থ হ'লেও ব্যায়াম কৰে।কিন্তু অসুস্থ হৈ থাকিলে ব্যায়াম কৰাতো প্ৰয়োজনীয় নে ?

author-image
Asomiya Pratidin
New Update
শৰীৰটোক প্ৰাধান্য দিব, অন্যথা বিপদ অনিবাৰ্য

exercise

ডিজিটেল ডেস্ক: শৰীৰ-মন সুস্থ কৰি ৰখাত ব্যায়ামৰ ভূমিকা অপৰীসীম।বহু লোক এনে আছে, যিসকল ব্যায়ামৰ প্ৰতি আসক্ত। তেওঁলোকে শৰীৰ ভালে নাথাকিলেও ব্যায়াম কৰে।কিন্তু অসুস্থ হৈ থাকিলে ব্যায়াম কৰাতো প্ৰয়োজনীয় নে ?

Advertisment

বিশেষজ্ঞৰ মতে, অসুস্থ হৈ থাকিলে ব্যায়াম কৰাতো উচিত নহয়। যদি মূৰৰ পৰা ডিঙিলৈকে বিষ হয়, তেন্তে কিছুমান ব্যায়াম আপুনি কৰিব পাৰে। কিন্তু যদি আপুনি পেশীৰ বিষ বা ডিঙিৰ তললৈ কোনো সমস্যা বা হৃদস্পন্দন বৃদ্ধিৰ দৰে লক্ষণ অনুভৱ কৰে, তেতিয়া বুজিব লাগিব আপোনাৰ শৰীৰে সংক্ৰমণৰ সৈতে যুঁজিবলৈ অধিক পৰিশ্ৰম কৰি আছে আৰু এনে অৱস্থাত ব্যায়াম কৰিলে ই আৰোগ্য হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। 

জ্বৰ হ’লেও ব্যায়াম কৰিব নালাগে। ব্যায়ামে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰিব পাৰে।সেয়েহে শৰীৰক বিশ্ৰাম দিয়াটো ভাল।ব্যায়াম কৰাৰ সলনি নিজকে হাইড্ৰেটেড কৰি অলপ বিশ্ৰাম কৰিব।কোনো ৰোগৰ পৰা আৰোগ্য হোৱাৰ পাছত বা শৰীৰত পৰ্যাপ্ত শক্তি নাথাকিলে আমিবোৰ দুৰ্বল হৈ পৰো। এনে পৰিস্থিতিত পেশীক সক্ৰিয় ৰাখিবলৈ পাতল ব্যায়াম বা লাহে লাহে আপুনি খোজ কাঢ়িব পাৰে। কিন্তু গধুৰ ব্যায়াম একেবাৰে নকৰিব। দুৰ্বলতাৰ সময়ত শৰীৰক পৰ্যাপ্ত বিশ্ৰাম, পুষ্টি আৰু হাইড্ৰেচনৰ প্ৰয়োজন হয়, যাতে শৰীৰৰ শক্তি পুনৰ ঘূৰি আহিব পাৰে।  

এইসমূহ কথা মনত ৰাখিব

- যদি আপুনি অত্যাধিক ভাগৰ অনুভৱ কৰে, শৰীৰটোক বিশ্ৰাম দিব। শৰীৰৰ শক্তি স্বাভাৱিক হোৱাৰ পাছতহে ব্যায়াম কৰিব।

- জ্বৰ আৰু দুৰ্বলতাৰ সময়ত পৰ্যাপ্ত পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু দুৰ্বলতা উপশম কৰাত সহায় কৰিব।

- জ্বৰ আৰু দুৰ্বলতাৰ সময়ত শক্তি ঘূৰাই পাবলৈ শৰীৰক পৰ্যাপ্ত বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন হয়। ই আপোনাক দ্ৰুততাৰে সুস্থ কৰাত সহায় কৰিব।

-স্বাস্থ্যকৰ আৰু পাতল খাদ্য খোৱাটোৱে শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰাৰ লগতে দুৰ্বলতা হ্ৰাস কৰে।এই সময়ত আপোনাৰ বাবে ফল, পাচলি, চুপ আৰু মচুৰ দাইলৰ দৰে খাদ্য আপোনাৰ বাবে উপকাৰী হ'ব পাৰে।

ব্যায়াম পুনৰ আৰম্ভ কৰাৰ সময়

যেতিয়া আপোনাৰ জ্বৰ আৰোগ্য হয় আৰু আপুনি স্বাভাৱিক অনুভৱ কৰে, লাহে লাহে আপোনাৰ ব্যায়ামৰ ৰুটিন আৰম্ভ কৰিব। প্ৰথম কেইদিনমানত পাতল ব্যায়াম আৰু তাৰ পিছত লাহে লাহে পূৰ্বৰ দৰে ব্যায়াম কৰিব পাৰিব। জ্বৰ বা দুৰ্বলতাৰ পিছত শৰীৰক সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ সময় দিব।প্ৰথমে শৰীৰটোক বুজি সম্পূৰ্ণ স্বাস্থ্যৱান অনুভৱ কৰাৰ পাছতহে ব্যায়াম আৰম্ভ কৰিব।

Also Read: খাওঁতে সতৰ্ক হ'লেহে বাচিব জীৱন