খাওঁতে সতৰ্ক হ'লেহে বাচিব জীৱন

আন অংগবোৰৰ দৰে কিডনী বা বৃক্কও শৰীৰৰ এনে এক অংশ যাৰ অবিহনে এজন ব্যক্তি দীঘলীয়া সময়ৰ বাবে জীয়াই থাকিব নোৱাৰে। কিডনীয়ে আমাৰ শৰীৰত ফিল্টাৰ হিচাপে কাম কৰে।

author-image
Asomiya Pratidin
New Update
খাওঁতে সতৰ্ক হ'লেহে বাচিব জীৱন

kidney-patient

ডিজিটেল ডেস্ক: আন অংগবোৰৰ দৰে কিডনী বা বৃক্কও শৰীৰৰ এনে এক অংশ যাৰ অবিহনে এজন ব্যক্তি দীঘলীয়া সময়ৰ বাবে জীয়াই থাকিব নোৱাৰে। কিডনীয়ে শৰীৰত ফিল্টাৰ হিচাপে কাম কৰে। কিন্তু আজিকালি বেয়া জীৱনশৈলী তথা খাদ্যাভ্যাসৰ বাবে কিডনীৰ সংক্ৰমণ আৰু ক্ষতিৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে।আনহে নালাগে, আজিকালি খুব কম বয়সীয়া লোকসকল কিডনী ৰোগত আক্ৰান্ত হৈ জীৱন হেৰুৱাইছে।

Advertisment

কিডনী বেয়া হোৱাৰ লক্ষণ 

১) যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে, শৰীৰে বিভিন্ন প্ৰকাৰৰ সংকেত দিয়া আৰম্ভ কৰে। ইয়াৰ ভিতৰত প্ৰস্ৰাৱৰ পৰিৱৰ্তন অন্যতম।কিডনী বেয়া হ'বলৈ ধৰিলে খুব বেছি প্ৰস্ৰাৱ বা কম প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন, প্ৰস্ৰাৱত ৰক্তক্ষৰণ আৰু ফেন ওলাব পাৰে। 

২) এই সমস্যাৰ ফলত হাত, ভৰি আৰু চকুৰ চাৰিওফালে ফুলা আৰম্ভ হয়।শৰীৰে দুৰ্বলতা অনুভৱ কৰে আৰু ভোক বহুত কমি যায়।

৩) কিডনী বিকল হ'বলৈ ধৰিলে ছাল শুকান আৰু নিষ্প্ৰাণ হৈ পৰে। তদুপৰি ছালত খজুৱতিও হয়।

৪) কিডনী বেয়া হ'বলৈ ধৰিলে পেশীৰ সংকোচন অব্যাহত থাকে আৰু ওজন বৃদ্ধি বা হ্ৰাস হয়।

কিডনী বেয়া হোৱাৰ মুখ্য কাৰণসমূহ 

১) কিডনী বেয়া হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কিন্তু ডায়েবেটিচ থকা লোকসকলৰ কিডনী ক্ষতি হোৱাৰ আশংকা আটাইতকৈ বেছি। 

২) যিসকল লোকৰ হৃদআক্ৰমণ বা যকৃত বিকল হৈছে আৰু ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰো কিডনীৰ সমস্যা সোনকালে হয়।

৩) অত্যাধিক চেনী আৰু অত্যাধিক চ'ডা-এলকহল গ্ৰহণ কৰা লোকসকলৰো খুব সোনকালে কিডনীয়ে সঠিকভাৱে কাম কৰা বন্ধ কৰি দিয়ে।  

৪) যিসকল লোকে পেইনকিলাৰ বেছি ব্যৱহাৰ কৰে, তেওঁলোকৰো কিডনী বিকল হ'ব পাৰে। 

৫) যিসকল লোকে পৰ্যাপ্ত টোপনি গ্ৰহণ নকৰে, তেওঁলোকৰো কিডনীৰ সমস্যা হ'ব পাৰে। 

কিডনীৰ ৰোগীৰ খাদ্য

১) কিডনী ৰোগত ভুগি থকা লোকসকলে খোৱা-বোৱাৰ বিশেষ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।এই সমস্যাত ভূগি থকা লোকসকলে যথেষ্ট পৰিমাণে পানী খাব লাগে। ই কিডনী পৰিস্কাৰ কৰি ৰাখে আৰু সঠিকভাৱে কাম কৰাত সহায় কৰে। তেওঁলোকৰ খাদ্য তালিকাত নেমুৰ ৰস, ক্ৰেনবেৰী, নিম্ন-ছডিয়াম যুক্ত খাদ্য, আপেল, বেৰী, ৰঙা আঙুৰ, নেমুজাতীয় ফল আৰু মিঠা আলু অন্তভূক্ত কৰিব লাগে। 

২)এই ৰোগীসকলৰ বাবে মগু দাইল হৈছে প্ৰ'টিনৰ সৰ্বশ্ৰেষ্ঠ উৎস। এই দাইলৰ খিচিৰি খোৱাটোও ভাল বুলি গণ্য কৰা হয়।।

৩) কিডনীৰ ৰোগত আক্ৰান্ত লোকসকলে গাখীৰ, চীজ আৰু দৈ গ্ৰহণ হ্ৰাস কৰিব লাগে কিয়নো ইয়াত কেলচিয়াম আৰু ভিটামিন ডিৰ সৈতে পটাছিয়াম আৰু ফছফৰাছ অধিক থাকে।

৪) এই ৰোগীসকলে বেকন, চচেজ, হট ডগ, নাগেটছকে ধৰি সংসাধিত খাদ্য আৰু কাঠবাদাম পৰিহাৰ কৰিব লাগে। ৰঙা মাংসও কিডনী ৰোগীৰ বাবে অপকাৰী। কিয়নো ইয়াত পোৱা উচ্চ প্ৰ'টিনে আপোনাৰ কিডনীৰ অধিক ক্ষতি কৰিব পাৰে। 

বি.দ্ৰ: কিডনীৰ ৰোগীসকলে নিয়মীয়াকৈ তেজ পৰীক্ষা কৰোৱাটো খুবেই বেছি জৰুৰী। 

Also Read: এটাই নহয়, বহু স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে মধুৰিআমৰ পাতে