পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব

পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব

ডিজিটেল ডেস্ক: দুৰ্বল পাচন তন্ত্ৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।পাচন তন্ত্ৰ দুৰ্বল হ’লে পেটৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ'ব পাৰে। ইয়াৰ ভিতৰত গেছ, কোষ্ঠকাঠিন্য, বদহজম, ওকালি অহা, বুকু জ্বলা বা পেটৰ বিষ অন্যতম।সেয়েহে, পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব। আজি সেই বিষয়ে জানো আহক-

অমিতা

অমিতাত আঁহ, কেৰোটিন, ভিটামিন চি, ই, এ আৰু বহুতো খনিজ থাকে। যিয়ে আমাৰ শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখে। গধুৰ আহাৰ সহজে হজম কৰাৰ সামৰ্থ্যই হৈছে অমিতাৰ বিশেষত্ব।

দৈ

দৈত থকা বেক্টেৰিয়াবোৰ পাকস্থলীক স্বাস্থ্যৱান কৰি ৰখাত সহায়ক। দৈ খাই আমি পেট ফুলা, কোষ্ঠকাঠিন্য আৰু পেট সম্পৰ্কীয় অন্যান্য সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰো।কিন্তু দৈ খোৱাৰ বাবেও সঠিক সময় থাকিব লাগে। যদি আপুনি দুপৰীয়াৰ আহাৰত দৈ খায়, তেতিয়াহে ই স্বাস্থ্যৰ বাবে উপকাৰী।

আপেল

কথাতেই কয়, দৈনিক এটা খাই চিকিৎসকৰ পৰা দূৰত থাকিব পাৰি।ইয়াৰ কাৰণ হৈছে আপেলে আমাৰ পাচন তন্ত্ৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, দৈনিক আপেল গ্ৰহণ কৰি আপুনি বিভিন্ন প্ৰকাৰৰ ৰোগ, বিশেষকৈ কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব পাৰে।

বীটৰুট

বীটৰুট হৈছে আঁহ, পটাছিয়াম আৰু মেগনেছিয়ামৰ এক অতি ভাল উৎস। ইয়াক এক স্বাস্থ্যকৰ পাচন তন্ত্ৰ পুনৰুদ্ধাৰ কৰাত সহায়ক বুলি গণ্য কৰা হয়। কোষ্ঠকাঠিন্যৰ চিকিৎসাৰ বাবে আপুনি বীটৰুট  চালাড হিচাপে খাব পাৰে।এক কাপ বীটৰুটত ৩.৪ গ্ৰাম আঁহ থাকে।

আদা

পেটৰ বহু সমস্যাৰ বাবে অতি উপকাৰী আদা।প্ৰতিদিনে পুৱা আদাৰ টুকুৰা বা আদাৰ পানী খালে আপুনি গেছ তথা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা বহুখিনি পাৰিত্ৰাণ পাব পাৰে।

পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব
ৱাইনয়ে হ্ৰাস কৰে ডায়বেটিচৰ আশংকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in