Advertisment

কেৱল গৰম কাপোৰ পিন্ধাই নহয়, এই সময়ছোৱাত খোৱাটো লওঁক বিশেষ যতন

শীতকাল অহাৰ লগে লগে আমি ঠাণ্ডাৰ পৰা বাচিবলৈ গৰম কাপোৰ পিন্ধিবলৈ অভ্যস্ত হওঁ যদিও শৰীৰটোক ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ আমাক সঠিক আহাৰৰ প্ৰয়োজন।

author-image
Asomiya Pratidin
New Update
winter food

ডিজিটেল ডেস্ক: শীতকাল অহাৰ লগে লগে আমি ঠাণ্ডাৰ পৰা বাচিবলৈ গৰম কাপোৰ পিন্ধিবলৈ অভ্যস্ত হওঁ যদিও শৰীৰটোক ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ আমাক সঠিক আহাৰৰ প্ৰয়োজন। শীতকালত শৰীৰ গৰম ৰাখিবলৈ কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰাটো খুব জৰুৰী। যিয়ে শৰীৰটোক গৰম কৰি ৰখাৰ লগতে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। এই দিনকেইটাত শৰীৰটোক গৰম কৰি নিজকে সুস্থ ৰাখিবলৈ তলত উল্লেখ কৰা খাদ্য কেইবিধ খাব-

Advertisment

শুকান ফল 

শীতকালত কাজু বাদাম, কাঠবাদাম, খেজুৰ আদি শুকান ফল খাব লাগে। এইবোৰত স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে শৰীৰটোক গৰম কৰি ৰাখে। এইসমূহে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষকৈ খেজুৰে বিপাক বৃদ্ধি আৰু পাচন শক্তি শক্তিশালী কৰাত সহায় কৰে।

তিল 

শীতকালত বগা তিল খোৱাটো খুব উপকাৰী। তিলে শৰীৰত তাপ উৎপন্ন কৰাৰ লগতে হাড়ৰ বাবে উপকাৰী আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তিলত থকা কেলচিয়াম আৰু পটাছিয়ামে হাড়বোৰ শক্তিশালী কৰে।

আদা 

আদাৰ থাৰ্মোজেনিক গুণাংশ থাকে। যি শৰীৰৰ বিপাক বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আদাৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণাগুণে শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

গুড় 

এক কথাত ক’বলৈ গ’লে গুড় হৈছে শীতকালীন ছুপাৰফুড। ই শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে। গুড়ত কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে পুষ্টি থাকে, যি গাঁঠিৰ বিষত সকাহ দিয়ে। শীতকালত গাঁঠিৰ বিষ বৃদ্ধি হয় আৰু গুড়ে ইয়াৰ আপোনাক সকাহ দিব পাৰে।

গৰম পানীয় 

শীতকালত গৰম পানীয় যেনে ভেষজ চাহ, ডিচেক্টন বা চুপ খোৱাটোৱে শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে। সেইবোৰত থকা মচলা আৰু বনৌষধিবোৰে শৰীৰৰ তাপ বজাই ৰাখে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে।

বি. দ্ৰ: এই খাদ্যবোৰ সীমিত পৰিমাণত খাব লাগে। কিয়নো ইয়াৰ অত্যাধিক  গ্ৰহণেও আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। সেয়েহে, এই খাদ্যবোৰ আপোনাৰ আহাৰত সন্তুলিত ভাৱে অন্তৰ্ভুক্ত কৰক আৰু শীতকালত স্বাস্থ্যৱান হৈ থাকক।

Also Read: এইসমূহ নাখাব, বিশেষকৈ শীতকালত