/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5e3b432d-786d-41d4-987d-b3a4d53051ca/AP_FOR_WEB_3.jpg)
আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা
ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু পৰিৱৰ্তনশীল জীৱনশৈলীয়ে আমাৰ শৰীৰত বহু প্ৰকাৰৰ ৰোগৰ জন্ম দিছে।ইয়াৰে এক অন্যতম হ'ল কলেষ্টেৰলৰ বৰ্ধিত স্তৰ। শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হৃদআক্ৰমণৰ দৰে বিপদজনক ৰোগৰ আশংকা বৃদ্ধি হয়। ইয়াৰ উপৰিও, শৰীৰৰ শিৰাবোৰ অৱৰোধ আৰু শৰীৰ ফুলা আদিৰ দৰে সমস্যাও হ’ব পাৰে।সেয়েহে, ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। কলেষ্টেৰলৰ বৰ্ধিত স্তৰ হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-
পাচলি
কলেষ্টেৰলৰ বৰ্ধিত স্তৰ হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ দৈনন্দিন আহাৰত স্বাস্থ্যকৰ পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে।বিশেষকৈ উচ্চ আঁহ সমৃদ্ধ খাদ্য যেনে আপেল, নাচপতি, বীন, মগু আদিয়ে তেজত থকা কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব।
কেঁচা পিয়াজ
আপুনি আপোনাৰ দৈনন্দিন আহাৰত কেঁচা পিয়াজ আৰু নহৰু অন্তৰ্ভুক্ত কৰিব পাৰে। আপুনি কেঁচা পিয়াজক চালাড আৰু নহৰুক বিভিন্ন ৰন্ধনত ব্যৱহাৰ কৰিব পাৰে।
সৰিয়হৰ তেল
আপুনি খাদ্যত সৰিয়হৰ তেল অন্তৰ্ভুক্ত কৰিব পাৰে। ৰন্ধনত এই তেল ব্যৱহাৰ কৰি আপুনি কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে।
নেমু
আপুনি আপোনাৰ আহাৰত নেমু অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত থকা চাইট্ৰিক এচিড আৰু ভিটামিন চি-য়ে ৰক্তনলীত লাগি থকা তেলৰ অণুবোৰ আঁতৰ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও নেমুপানীয়ে ৰক্তনলীত ট্ৰাইগ্লিচাৰাইড জমা হোৱা প্ৰতিহত কৰে। যিয়ে উচ্চ কলেষ্টেৰলৰ সমস্যা আঁতৰ কৰিব পাৰে।
শুকান ফল
আপুনি ৰাতিপুৱাৰ আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰি স্বাস্থ্যৱান হৈ থাকিব পাৰে। ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে উচ্চ কলেষ্টেৰলৰ সমস্যাও আঁতৰ কৰিব।
অলিভ অইল
অলিভ অইল বা জলফাই তেল স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আপুনি এই তেল ৰন্ধাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।এই তেলত তৈয়াৰ কৰা খাদ্যই আপোনাৰ স্বাস্থ্যৰ কোনোধৰণৰ ক্ষতি নকৰে। যাৰ বাবে আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰে।
ফল
আপুনি আপোনাৰ দৈনন্দিন আহাৰত পুষ্টিকৰ ফল অন্তৰ্ভুক্ত কৰিব পাৰে।ইয়াত থকা ভিটামিন আৰু খনিজ পদাৰ্থবোৰে শৰীৰটো স্বাস্থ্যৱান ৰখাত সহায় কৰে।
Also Read: মগজুক সুস্থ কৰি ৰাখিবলৈ আপুনি সলাব লাগিব জীৱনশৈলী