আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা

আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা
আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা

ডিজিটেল ডেস্ক: শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ শাৰীৰিক কাৰ্যকলাপৰ সমান্তলাৰকৈ স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ।কিন্তু ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবেই আমি বহু ৰোগত আক্ৰান্ত হওঁ। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এক গিলাচ পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।ই শৰীৰটোক সম্পূৰ্ণৰূপে হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে।বৃদ্ধ বয়সলৈকে নিজকে সুস্থ কৰি ৰাখিবলৈ আপুনি খোৱা-বোৱাত যথেষ্ট সচেতন হোৱাটো দৰকাৰ । কিদৰে খোৱা-বোৱা কৰিলে আমি দীৰ্ঘসময়লৈ স্বাস্থ্যৱান হৈ থাকিব পাৰো, আজি সেই বিষয়ে জানো আহক-

খালী পেটত চাহৰ সলনি পানী খাব

বেছিভাগ মানুহে ৰাতিপুৱা সাৰ পাই উঠি চাহ বা কফি খাবলৈ ভাল পায়।প্ৰকৃততে ই শৰীৰৰ বাবে অতি বিপদজনক।সেয়েহে সদায় ৰাতিপুৱা আপুনি এক গিলাচ পানীৰে দিনটো আৰম্ভ কৰিব।এনে কৰিলে শৰীৰেও শক্তি লাভ কৰিব আৰু বৃক্কয়েও ভালদৰে কাম কৰিব।

যথেষ্ট পৰিমাণে প্ৰ'টিন খাব

চিকিৎসকৰ মতে, স্বাস্থ্য ভালে ৰখাৰ বাবে আমি ৰাতিপুৱা খাদ্য গ্ৰহণত সচেতন হোৱাটো দৰকাৰ। ৰাতিপুৱা এনে খাদ্য আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে য'ত উচ্চ পৰিমাণৰ প্ৰ'টিন থাকে। কিয়নো ৰাতিপুৱাৰ আহাৰত প্ৰ'টিন গ্ৰহণ কৰিলে ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে। ই ভোক নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাৰ মনোভাৱ ইতিবাচক কৰি ৰখাত সহায় কৰে।কেৱল এয়াই নহয়, ইয়াৰ দ্বাৰা আপুনি ওজনো নিয়ন্ত্ৰণ কৰিব পাৰে।

প্ৰতিদিনে এটা ফলৰ প্ৰয়োজন

দৈনিক কমেও এটা ফল খাবলৈ চেষ্টা কৰিব। ফল খালে আপোনাৰ শৰীৰে আঁহ, ভিটামিন, খনিজ লাভ কৰিব।যি হজম আৰু স্বাস্থ্য দুয়োটাই ভালে ৰখাত সহায়ক।

চিৰিৰ ব্যৱহাৰ

এক গৱেষণা অনুসৰি, যদি আপুনি দিনত তিনিবাৰকৈ ২০ ছেকেণ্ডত ৬০ টা চিৰি বগায়, তেনেহ'লে ই কাৰ্ডিঅ' ফিটনেছ ৫ শতাংশ বৃদ্ধি কৰে। আপোনাৰ সামগ্ৰিক ফিটনেছৰ বাবে কাৰ্ডিঅ' ফিটনেছ আটাইতকৈ গুৰুত্বপূৰ্ণ। ই হৃদৰোগৰ আশংকা হ্ৰাস কৰে আৰু পেশীবোৰ শক্তিশালী কৰি ৰাখে।

গ্ৰীণ টি খাব

যদি আপুনি চাহ, কফিৰ সলনি গ্ৰীণ টি খায়, তেন্তে আপুনি ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব পাৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে ই আপোনাক কঠিন ৰোগবোৰৰ পৰা  আঁতৰাই ৰাখিব।

বি দ্ৰ: এই প্ৰবন্ধত প্ৰদান কৰা তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।আপোনাৰ যদি আন কিবা শাৰিৰীক সমস্যা থাকে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা
আঙুৰৰ প্ৰতিটো দানাতে থাকে ৰোগ দূৰীকৰণৰ মন্ত্ৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in