ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক ছাইনাছৰ সমস্যা

গ্ৰীষ্মকালত গৰম তথা শুকান বতাহৰ বাবে সামান্য চৰ্দিয়েই খুব কম সময়তে ছাইনাছলৈ পৰিৱৰ্তিত হয়। ছাইনাছৰ ফলত নাকৰ সংক্ৰমণ, মূৰৰ বিষ, জ্বৰৰ দৰে সমস্যাই একেলগে জ্বলা-কলা খুৱায়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ছাইনাছে  web

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত গৰম তথা শুকান বতাহৰ বাবে সামান্য চৰ্দিয়েই খুব কম সময়তে ছাইনাছলৈ পৰিৱৰ্তিত হয়। ছাইনাছৰ ফলত নাকৰ সংক্ৰমণ, মূৰৰ বিষ, জ্বৰৰ দৰে সমস্যাই একেলগে জ্বলা-কলা খুৱায়। ইয়াৰ ফলত নাকৰ পৰা নিৰন্তৰ পানী প্ৰবাহিত হয় আৰু উশাহ লোৱাত বহু সমস্যা হয়। ছাইনাছে মুখৰ সোৱাদো বেয়া কৰে। এনে পৰিস্থিতিত আপুনি ছাইনাছৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে।এই প্ৰতিকাৰসমূহ হৈছে-

Advertisment

গৰম বস্তু খাব 

ছাইনাছৰ ফলত একেলগে খুব বেছিকৈ হাঁচি আহে, যাৰ ফলত এজন ব্যক্তিয়ে দুৰ্বল অনুভৱ কৰিব পাৰে। সেয়েহে, এই সময়ত গৰম পানীয় খোৱাটো খুবেই জৰুৰী।তদুপৰি, গৰম খাদ্য গ্ৰহণ কৰিও আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

আদা 

শৰীৰত আদাৰ প্ৰভাৱ গৰম হয়। সেয়েহে, ইয়াৰ ব্যৱহাৰ ছাইনাছ ৰোগীৰ বাবে লাভজনক। তদুপৰি, কফ আঁতৰোৱাতো আদা উপকাৰী। দৈনিক সমান পৰিমাণৰ আদাৰ ৰস আৰু মৌ মিহলি কৰি খালে ই ছাইনাছৰ অসুবিধাৰ পৰা আপোনাক সকাহ দিব।

নহৰু 

নহৰুয়ে শৰীৰক উষ্ণতা প্ৰদান কৰাত সহায় কৰে। ই কফৰ সমস্যাও দূৰ কৰে। নিয়মীয়াকৈ ২-৩ টা নহৰুৰ কলি চোবাই খালে ই আপোনাক ছাইনাছৰ পৰা বহুখিনি সকাহ দিব।

তুলসী 

তুলসী এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণৰে সমৃদ্ধ।ছাইনাছৰ সমস্যা থাকিলে দৈনিক তুলসীৰ পাত খালেও আপুনি বহুখিনি উপকাৰ লাভ কৰিব। তুলসীৰ সৈতে  জালুক, আদা, লং মিহলি কৰি পানীত উতলাব। যেতিয়া পানীখিনি আধা হৈ যায়, আপুনি ইয়াৰ সৈতে অলপ মৌ মিহলি কৰি খাব।

মনত ৰাখিব 

ছাইনাছৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ।ইয়াৰ বাবে আপুনি কুহুমীয়া পানী খাব। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে এই সমস্যাটো বাঢ়িব পাৰে। তদুপৰি, সদায় ৭-৮ ঘণ্টা শুব।

Also Read: খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা