/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/eaf00cb2-c0fd-47d5-8e4a-cf620259fbdb/9fe9ca1f-b1bf-4db9-865f-cf2f91a055a1.jpg)
ডিজিটেল ডেস্ক: শিশুসকলে সন্মুখীন হোৱা এক মুখ্য সমস্যা হৈছে গেছৰ সমস্যা। বহুসময়ত এটি শিশুয়ে হঠাতে কান্দিবলৈ আৰম্ভ কৰে আৰু অভিভাৱকসকলে ইয়াৰ কাৰণ বিচাৰি নাপায়। এনে পৰিস্থিতিত অধিকাংশ অভিভাৱকেই উদ্বিগ্ন হৈ পৰে।গেছ হোৱাৰ ফলত শিশুটিৰ অত্যন্ত পেটৰ বিষ হয়। গেছ বহু কাৰণত হ'ব পাৰে।কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে আপুনি শিশুটিৰ গেছৰ সমস্যা নিমিষতে দূৰ কৰিব পাৰে।আজি সেই বিষয়ে জানো আহক-
গেছ হোৱাৰ কাৰণ
শিশুক ততাতৈয়াকৈ বা ঘনাই গাখীৰ খুৱালে ই সহজে হজম নহয়। বটলৰ পৰা গাখীৰ খোৱা শিশুসকলৰো গেছৰ সমস্যা অধিক। খোৱাৰ পিছত শিশুটিৰ উগাৰ নাহিলেও গেছ হ'ব পাৰে।আনহাতে, দুগ্ধপান কৰাই থকা মাতৃসকলে অধিক জ্বলা-মছলা খালেও শিশুটিৰ গেছৰ হয়।
গেছৰ পৰা কেনেদৰে সকাহ পাব
উগাৰ মৰাব
যেতিয়াই আপুনি শিশুটিক খাদ্য খুৱাই, খোৱাৰ পাছত শিশুটিক উগাৰ মৰাবলৈ চেষ্টা কৰিব। শিশুটিক খুৱাই হোৱাৰ পাছত আপোনাৰ কান্ধত লৈ লাহে লাহে পিঠিখন মোহাৰি দিব।এনে কৰাৰ ফলত শিশুটিয়ে উগাৰ মাৰিব আৰু তেওঁলোকৰ পেটত গেছ জমা নহয়।
এই ব্যায়ামবোৰ কৰাব
পেটৰ পৰা গেছ ওলাই নগ’লে বহুসময়ত শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে।তেওঁলোকক এই সমস্যাৰ পৰা সুৰক্ষিত কৰিবলৈ ওপৰ মুৱাকৈ শুৱাই ভৰি দুটা ভাজ কৰি লাহে লাহে পেটত হেঁচা দিব।আনহাতে, শিশুটিৰ ভৰি দুটা এনেদৰে লৰচৰ কৰক যেন তেওঁলোকে চাইকেল চলাই আছে।এনে কৰিলে শিশুৰ পেটত আৱদ্ধ গেছ সহজে ওলাই যাব আৰু তেওঁলোকে সকাহ পাব।
হিং ব্যৱহাৰ কৰিব
শিশুৰ পেটত গেছ জমা হ'লে আপুনি হিং ব্যৱহাৰ কৰিব পাৰে। হিং গৰম পানীৰ লগত মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লৈ আৰু শিশুটিৰ নাভিৰ চাৰিওফালে প্ৰয়োগ কৰক।এয়া অতীজৰে পৰা চলি অহা গেছৰ ঘৰুৱা প্ৰতিকাৰ।
সৰিয়হৰ তেলৰে মালিচ কৰিব
যদি গেছৰ বাবে শিশুটিৰ পেটত যথেষ্ট বিষ হয়, তেন্তে আপুনি সৰিয়হ তেল ব্যৱহাৰ কৰিব পাৰে।আপুনি সৰিয়হৰ তেল পাতলকৈ গৰম কৰক আৰু ইয়াক ইয়াৰ নাভিৰ চাৰিওফালে প্ৰয়োগ কৰক। এনে কৰিলে শিশুটিয়ে বিষৰ পৰা যথেষ্ট সকাহ পাব।
পান মছলা
এক লিটাৰ পানীত এক টেবল চামুচ পান মছলা দি উতলাই পানীখিনি আধা কৰিব। এই পানী খিনি শিশুটিক দিনত ২-৩ বাৰ খুৱাই দিব।এনে কৰিলে আপোনাৰ শিশুটিয়ে গেছৰ পৰা যথেষ্ট সকাহ পাব।
গৰম পানীৰে গা ধুৱাব
শিশুক গৰম পানীৰে গা ধুৱালেও গেছৰ পৰা সকাহ পায়।আপুনি এখন টাৱেল গৰম পানীত তিয়াই শিশুটিৰ পেটৰ ওপৰতো থ'ব পাৰে।এনেদৰে ২-৩ বাৰ কৰিলে শিশুটিৰ গেছৰ সমস্যা বহুখিনি দূৰ হয়।
পেট তললৈ দি শুৱাই দিব
শিশুৰ পেটত গেছ হ’লে আপুনি তেওঁলোকক তললৈ পেট দি শুৱাই দিব।এনে কৰিলে গেছ সহজে বাহিৰ হয়।
Also Read: এবছৰ নোহোৱালৈকে শিশুক মিঠা খাবলৈ নিদিব