এবছৰ নোহোৱালৈকে শিশুক মিঠা খাবলৈ নিদিব

সেয়েহে শিশুৰ খাদ্য ক্ৰয় কৰোতে অভিভাৱকসকলে মনত ৰাখিব লাগে, তাত যাতে অত্যাধিক চেনী নাথাকে।

author-image
Asomiya Pratidin
New Update
এবছৰ নোহোৱালৈকে শিশুক মিঠা খাবলৈ নিদিব

ডিজিটেল ডেস্ক: ভাৰতবৰ্ষত মিঠা সোৱাদৰ গুৰুত্বয়েই বেলেগে। সকলো শুভ কামৰ আৰম্ভণি মিঠাৰ পৰাই হয় বুলি কলেও হয়তো ভুল কোৱা নহ’ব।সৰু ল'ৰা-ছোৱালীকো প্ৰথম আহাৰ খুওৱাৰ পৰ্বতে মিঠা খাবলৈ দিয়া হয়।পিছে, আপুনি জানেনে শিশুক অধিক মিঠাই খুওৱাটো কিমান গ্ৰহণযোগ্য ? অত্যাধিক মিঠা খোৱাটোৱে শিশুৰ স্বাস্থ্যত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। আজি এই বিষয়ে জানো আহক-

Advertisment

বিশেষজ্ঞসকলৰ মতে, এবছৰ বয়স নোহোৱালৈকে শিশুক একেবাৰে মিঠাই খুৱাব নালাগে।শিশু এটাই খাদ্য গ্ৰহণৰ আৰম্ভণিৰে পৰাই মিঠা খাদ্য খালে ভৱিষ্যতে শিশুটোৰ মেদবহুলতাৰ লগতে আন বহু স্বাস্থ্য সমস্যাই দেখা দিব পাৰে। সেয়েহে শিশুৰ খাদ্য ক্ৰয় কৰোতে অভিভাৱকসকলে মনত ৰাখিব লাগে, তাত যাতে অত্যাধিক চেনী নাথাকে।

চেনীত ৰাসায়নিক পদাৰ্থ থাকে

চেনীত মাৰাত্মক ৰাসায়নিক পদাৰ্থ থাকে, যি শিশুৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। অত্যাধিক চেনী খোৱাৰ ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত শিশুৰ সংক্ৰমণ আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই দেখা দিয়ে।শেহতীয়া  এক অধ্যয়নত প্ৰকাশ পাইছে যে যিসকল অভিভাৱকে শিশুক মিঠাই খোৱাৰ অভ্যাস কৰে, সেই শিশুবোৰ পিছলৈ হৃদৰোগত আক্ৰান্ত হয়।

শিশুৰ খাদ্য ক্ৰয় কৰোতে এই বিষয়ে মনত ৰাখিব

টেমাৰ খাদ্য কেতিয়াও ক্ৰয় নকৰিব। কিয়নো এই খাদ্যত আটাইতকৈ বেছি চেনী থাকে। শিশুক চেনী মিহলি কৰি একো পানীয় খাবলৈ নিদিব।বজাৰত উপলব্ধ ফলৰ ৰসৰ পেকেটতো অত্যাখিক পৰিমাণে চেনী থাকে।সেয়েহে আপোনাৰ সন্তানৰ প্ৰিয় হলেও এইবোৰ ক্ৰয় নকৰিব। শিশুক বিস্কুট আৰু কুকিজো খুৱাব নালাগে।তেওঁলোকক অত্যাধিক চেনীযুক্ত জাম, জেলী, টফী, চছ, চিৰাপ আদিও খাবলৈ নিদিব।

Also Read: খাও বুলি ক’লেই শিশুক অখাদ্য খাবলৈ নিদিব