ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি হৃদআক্ৰমণ বা হাৰ্ট এটেকৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। য'ত আগতে ৬০ বছৰ বয়স গৰকা লোকসকলৰ ক্ষেত্ৰত এই ৰোগে দেখা দিছিল, আজিকালি খুব সৰু-সৰু শিশুও ইয়াৰ চিকাৰ হৈ পৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ হাছানপুৰ কোতৱালীৰ হাথাইখেদা গাঁৱত হৃদৰোগত আক্ৰান্ত হৈ কামিনী নামৰ এটি ৫ বছৰীয়া কণমাণিৰ মৃত্যু হৈছে।
এই দুখজনক ঘটনাটো সংঘটিত হোৱাৰ সময়ত কণমানিজনীয়ে ম'বাইলত কাৰ্টুন চাই আছিল। মাতৃৰ কাষত শুই কাৰ্টুন চাই থাকোতে হঠাৎ অচেতন হৈ পৰাত শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।চিকিৎসকৰ মতে, হাৰ্ট এটেকৰ ফলতেই শিশুটোয়ে অকাল মৃত্যুক সাবটি ল'বলগীয়া হয়।
হাৰ্ট এটেকৰ লক্ষণ
হাৰ্ট এটেকৰ পূৰ্বে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।সেইসমূহ হৈছে-
. বুকুৰ বিষ বা বুকুত চাপ অনুভৱ কৰা।
. উশাহ চুটি হোৱা।
. কান্ধ, ডিঙি, হনু বা পিঠিৰ বিষ।
. মূৰ ঘূৰোৱা বা মূৰ্চ্ছা যোৱা।
. বমি বা ওকালি অহা।
হাৰ্ট এটেকৰ পৰা বাচি থাকিবলৈ শিশুৰ যত্ন কিদৰে ল'ব ?
শিশুক চাপ নিদিব
হাৰ্ট এটেকৰ অন্যতম মূখ্য কাৰণ চাপ, উদ্বেগ আৰু উত্তেজনা।সেয়েহে, শিশুসকলক কেতিয়াও চাপ ল'বলৈ নিদিব।
ভাল আহাৰ
স্বাস্থ্যকৰ আহাৰে শিশুৰ হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।সেয়েহে, শিশুৰ আহাৰত ফল, পাচলি, সম্পূৰ্ণ শস্য আৰু কম চৰ্বিযুক্ত প্ৰ'টিন অন্তৰ্ভুক্ত কৰিব। শীতকালত শিশুৰ আহাৰত চুপ, গুড় আদিৰ দৰে গৰম খাদ্য অন্তৰ্ভুক্ত কৰিব।
নিয়মীয়া ব্যায়াম
শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ অভ্যাস কৰাব।আনহাতে, তেওঁলোকক ঘৰৰ ভিতৰতকৈ বাহিৰত খেলিবলৈ দিব।
যথেষ্ট পৰিমাণে পানী খাবলৈ দিব
ঠাণ্ডা বতৰত শিশুসকলক হাইড্ৰেটেড কৰি ৰাখিব। ডিহাইড্ৰেশ্যনে তেওঁলোকৰ হৃদযন্ত্ৰৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত, তেওঁলোকক নিয়মীয়াকৈ পানী খাবলৈ দিয়াৰ অভ্যাস কৰিব।
Also Read: শিশুৰ সুস্থ বিকাশৰ বাবে অভিভাৱকে এইসমূহ দিশত মন দিব